আপকুৰ চৰাইদেউ জিলা সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
সংবাদ কৰ্মীৰ অবিহনে গণতন্ত্ৰ কেতিয়াও সৱল হ’ব নোৱাৰে - মন্ত্ৰী যোগেন মহন
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী: আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ্ ইউনিয়ন চমুকৈ আপ্কুৰ চৰাইদেউ জিলা সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনখনি আজি জিলাখনৰ মাহমৰা সমষ্টি এলেকাধীন দিৰৈ বগৰি চাপৰি বনভোজস্থলীত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ পুৱা পতাকা উত্তোলন কৰে আপকুৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি সুনন্দ গগৈয়ে ৷জিলা সমিতিৰ সম্পাদক নিৰঞ্জন শইকীয়াই স্মৃতি দৰ্পণ কৰাৰ পাছতেই প্ৰতিনিধি সভা আৰম্ভ কৰা হয় ৷ জিলা সভাপতি সুনন্দ গগৈয়ে পৌৰোহিত্য কৰা সভাত উদেশ্য ব্যাখ্যা কৰে সম্পাদক নিৰঞ্জন শইকীয়াই ৷ আপকুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মুকুল বড়া,সম্পাদক প্ৰধান শৰৎ শেনচোৱা, আপকুৰ বিষয়ববীয়া সকলৰ লগতে পৰ্যাৱেশক হিচাপে আপকুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া প্ৰিয়মদ্বীপ কাকতি আৰু পদুম কুমাৰ শইকীয়া উপস্থিত থকা সভাত জ্যেষ্ঠ সাংবাদিক যদুনাথ পুৰীক সভাপতি, গৌতম গগৈক সম্পাদক আৰু কেশৱ গগৈ,সঞ্জীৱ গগৈক কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে লৈ আপকু চৰাইদেউ জিলাৰ নতুন সমিতি গঠন কৰাৰ পাছতেই মুকলি সভা আৰম্ভ কৰা হয় ৷আপকুৰ চৰাইদেউ জিলা সমিতিৰ বিদায়ী সম্পাদক নিৰঞ্জন শইকীয়াই আঁত ধৰা সভাত পৌৰোহিত্য কৰে জিলা সমিতিৰ বিদায়ী সভাপতি সুনন্দ গগৈয়ে ৷অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ জনপ্ৰিয় বিধায়ক যোগেন মহন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয় যে,সংবাদ কৰ্মীৰ অবিহনে গণতন্ত্ৰ আৰু এখন সমাজ কেতিয়াও সৱল হ’ব নোৱাৰে ৷আজিৰ সমাজ ব্যৱস্থাত বহুক্ষেত্ৰত ইলেক্ট্ৰনিক মেডিয়াৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা দেখা যায় যদিও প্ৰিন্ট মেডিয়াৰ দৰে কেতিয়াও হ’ব নোৱাৰে ৷কাৰণ বহু বছৰৰ পূবে প্ৰকাশিত বাতৰি বা কোনো সামাজিক গঠনমূলক লেখনি আদি সংৰক্ষণৰ ব্যৱস্থাৰে বৰ্তমান সময়তো চাব পাৰি আৰু বৰ্তমানৰ প্ৰকাশিত বাতৰি বা কোনো গঠনমূলক লেখনি বহু বছৰলৈকে সংৰক্ষণ কৰি ৰাখিব পৰে বুলি মতপোষণ কৰে ৷ মন্ত্ৰী মহনে সভাত উপস্থিত সংবাদকৰ্মী সকলক একোটাকৈ উপহাৰ প্ৰদান কৰি নিৰ্ভীক আৰু নিৰপেক্ষতাৰে সংবাদ পৰিৱেশন কৰিবলৈ আহ্বান জনোৱাৰ উপৰি জিলা সমিতিয়ে জিলাখনৰ সংবাদ কৰ্মী সকলৰ সংক্ষিপ্ত জীৱনপঞ্জী প্ৰকাশ কৰি উলিওৱা গ্ৰন্থ এখনি উন্মোচন কৰে ৷ আপকুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মনোজ সিং নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা সভাখন উদ্বোধন কৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰধান শৰৎ শেনচোৱাই ৷সভাত আপকুৰ উজনি মণ্ডলৰ প্ৰাক্তন সম্পাদক ক্ৰমে,সঞ্জীৱগগৈ,কেশৱ গগৈ,আপকুৰ কেন্দ্ৰীয় উপ-সভাপতি মুকুল বড়া,সাংগাঠনিক সম্পাদক ৰুস্তম গগৈ,চৰাইদেউ জিলা সাহিত্য সভাৰ উপ-সভাপতি নিৰঞ্জন ফুকন,জিলাখনৰ সাংবাদিক পেঞ্চনাৰ বাছা বড়া আদিৰ লগতে আপকুৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷
দীপাংকৰ পাল, সোণাৰি।