নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজান-দীঘলতৰং অঞ্চলৰ তৈল কৰ্তৃপক্ষৰ বিৰুদ্ধে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

  • বাঘজান-দীঘলতৰং উন্নয়ন সমিতি, অসম চাহ জনজাতি কল্যাণ সমিতি, পৰিবেশ সুৰক্ষা সমিতি অসম, অসম মৰাণ সভা, বাঘজান শাখা সমিতি, বাঘজান গাঁৱ মিলনজ্যোতি সংঘ , সদৌ মৰাণ ছাত্র সন্থা, বাঘজান শাখা সমিতিৰ লগতে কেইবাটাও দল সংগঠনৰ , স্মাৰক পত্ৰ প্ৰেৰণ

নিয়মীয়াবাৰ্তা, ৫ জানুৱাৰী:- দুলিয়াজান স্থিত তৈল কৰ্তৃপক্ষই তিনিচুকীয়া জিলাৰ বাঘজান-দীঘলতৰং অঞ্চলৰ পৰা বছৰি বৃহৎ পৰিমাণৰ তেল উৎপাদন কৰি আহিছে। এই উৎপাদন কাৰ্য্য চলি থকা সময়ত জিলাখনৰ উক্ত অঞ্চলৰ নিবনুৱা সকলৰ প্ৰতি প্ৰায়েই পিঠি দিয়া দেখা গৈছে। অবৈধ ছিণ্ডিকেট যোগে তৈল কৰ্তৃপক্ষই অঞ্চলটোৰ পৰা তেল নিষ্কাষণ কৰি থকা আৰু স্থানীয় লোকক বঞ্চিত কৰি ৰখা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় দল সংগঠনসমূহে। লগতে এনে তৈল খননে চৌপাশে থকা প্ৰাকৃতিক পৰিবেশতো যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছে। সেয়েহে আজি বাঘজান-দীঘলতৰং উন্নয়ন সমিতি, অসম চাহ জনজাতি কল্যাণ সমিতি, পৰিবেশ সুৰক্ষা সমিতি অসম, অসম মৰাণ সভা, বাঘজান শাখা সমিতি, বাঘজান গাঁৱ মিলনজ্যোতি সংঘ , সদৌ মৰাণ ছাত্র সন্থা, বাঘজান শাখা সমিতিৰ লগতে কেইবাটাও দল সংগঠনে এই অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ আহৰণ কৰি বৃহৎ পৰিমাণৰ লাভ কৰিবলৈ সক্ষম হোৱা তৈল কৰ্তৃপক্ষক কেইবাটাও দাবী জনোৱাৰ লগতে তিনিচুকীয়া জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লগতে সংগঠনকেইটাই বাঘজান-দীঘলতৰং অঞ্চলৰ তৈল কৰ্তৃপক্ষৰ বিৰুদ্ধে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীও ৰূপায়ণ কৰে। সংগঠনকেইটাই অবৈধ ছিণ্ডিকেট তৈল কৰ্তৃপক্ষই শীঘ্ৰে বন্ধ কৰিবলৈ, স্থানীয় শিক্ষিত নিবনুৱাক কৰ্মসংস্থাপন প্ৰদান কৰা,যিকোনো ধৰণৰ ঠিকা-ঠুকুলি কাম জিলাখনৰ স্থানীয় লোকক প্ৰদান ১০০% নিশ্চিত কৰা, সমগ্ৰ বাঘজান-দীঘলতৰং, ডুমডুমা অঞ্চলৰ ৰাজহুৱা স্বাৰ্থ জঢ়িত অনুষ্ঠান-প্ৰতিষ্ঠান সমূহলৈ আৰ্থিক অনুদান আগবঢ়ায় সামগ্ৰিক উন্নয়নৰ কামকাজ খৰতকীয়া কৰাত তৈল প্ৰতিষ্ঠানটোৱে উদ্যোগ গ্ৰহণ কৰা, অবৈধ ছিণ্ডিকেটত জড়িত “কনক গগৈ”ক তৈল কৰ্তৃপক্ষই বাঘজান-দীঘলতৰং তৈলক্ষেত্ৰৰ যিকোনো ধৰণৰ কামকাজৰ পৰা শীঘ্ৰে আঁতৰ কৰা, বাঘজান-দীঘলতৰং তৈলক্ষেত্ৰত বৰ্তমান কাম কৰি থকা “Hall Offshore Limited” নামৰ কোম্পানীটোৰ সৈতে সংগঠনকেইটাৰ বৈঠক যোগে স্থানীয় লোকৰ স্বাৰ্থ সুৰক্ষিত কৰা, বাঘজান অঞ্চলত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকক অতি সোনকালে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, পৰিৱেশ প্ৰদূষণ( গোলকীয় উষ্ণতা বৃদ্ধি আৰু বায়ু প্ৰদূষণ) নিয়ন্ত্ৰণৰ স্বাৰ্থত গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ বাবে বিশেষ পুঁজিৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। এই দাবী সমূহ অতি শীঘ্ৰে পূৰণ নকৰিলে তৈল প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ব্যাপক গণতান্ত্ৰিক আন্দোলন কাৰ্য্যসূচী ঘোষণা কৰিবলৈ বাধ্য হব বুলি এই স্মাৰক পত্ৰ যোগে স্পষ্ট ৰূপে জানিব দিয়ে।

প্ৰেৰক: সুৰজ দাস

You might also like