নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰত পঞ্চম পহুমাৰা মহোৎসৱৰ লাইখুঁটা স্থাপনত বিধায়ক ফনীধৰ তালুকদাৰ

  • “ভৱানীপুৰ সমষ্টিৰ জনজীৱনক সুৰক্ষিত কৰিবলৈ পহুমাৰাক নিয়ন্ত্ৰনৰ বাবে ৭১ কোটি আবণ্টন দিছে চৰকাৰে”

নিয়মীয়া বাৰ্তা,৮ জানুৱাৰী : বিগত চাৰিটা  বৰ্ষত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসুচীৰে বৃহত্তৰ  ভৱানীপুৰীয়া ৰাইজৰ অতি আগ্ৰহৰ , অতি চেনেহৰ অনুস্থান  ” পহুমাৰা মহোৎসৱ ” ভাগি যিদৰে সফলভাৱে উদযাপন কৰি ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ঠিক তেনেদৰে এইবেলিও এক বিশাল আয়োজনেৰে অনুস্থিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে । আৰু এই প্ৰস্তুতিৰ প্ৰথম কাৰ্যসুচি হিচাপে আজি পঞ্চম পহুমাৰা মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয়  । এই লাইখুটা স্থাপন কৰি ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে নিজৰ ভাষন প্ৰসংগত কয় যে ,   “ভৱানীপুৰ বিধানসভা সমষ্টিৰ পূৱ সীমাৰে বৈ যোৱা প্ৰাকৃতিক সৌন্দৰ্য বহন কৰা পহুমাৰা নদীক কেন্দ্ৰ কৰি ভৱানীপুৰত পহুমাৰা মহোৎসৱ উদযাপন কৰা হয়।পহুমাৰা নদীয়ে প্ৰাকৃতিক শোভাবৰ্ধন কৰিছে যদিও পূৰ্বৰে পৰা নদীখনৰ বহু পৰিমাণে নিয়ন্ত্ৰণ নাছিল। ফলশ্ৰুতিত বিশেষকৈ বাৰিষা ভৱানীপুৰ বিধানসভা সমষ্টিৰ জনজীৱন অসুৰক্ষিত হৈ আছিল। কিন্তু এইবাৰ পহুমাৰা নদীখন নিয়ন্ত্ৰণ কৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ জনজীৱনক সুৰক্ষিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে মুঠ ৭১ কোটি টকা আৱণ্টন দিছে ।

উল্লেখ্য যে আজি দিনৰ ভাগত বিধায়ক ফনীধৰ তালুকদাৰে ভৱানীপুৰত পঞ্চম পহুমাৰা মহোৎসৱৰ লাইখুটা আনুষ্ঠানিকভাৱে স্থাপন কৰে।পহুমাৰা মহোৎসৱৰ জৰিয়তে বৃহত্তৰ ভৱানীপুৰ অঞ্চলৰ জনজীৱনৰ শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক বিকাশ হ’ব বুলিও বিধায়ক তালুকদাৰে তেওঁৰ ভাষণত কয়। পঞ্চম পহুমাৰা মহোৎসৱৰ উদযাপন সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি ডেকা আৰু যুটীয়া সম্পাদক দিপাংকৰ দাসে আত ধৰা লাইখুটা স্থাপন কাৰ্যসূচীত ভৱানীপুৰ সত্ৰ পৰিচালনা সমিতিৰ সভাপতি চণ্ডী প্ৰসাদ দাস, ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বুদ্ধদেৱ পাটগিৰি,নাট্যশিল্পী পুলকানন্দ তালুকদাৰ, ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য সুভদ্ৰা মণ্ডল, ভৱানীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰণ্টু কুমাৰ দাস, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ সভাপতি বাবুলাল ডেকা, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ গিৰিয়ে অতিথিৰূপে উপস্থিত থকাৰ লগতে পহুমাৰা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হিতেন্দ্ৰনাথ ডেকা,কাৰ্যকৰী সভাপতি গোপাল বায়নকে ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে।অহা ২৩ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীলৈ সাদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিৰ পহুমাৰা মহোৎসৱ উদযাপন হ’ব।

প্ৰেৰক : ভূষণ তালুকদাৰ   । 

You might also like