নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংহাৰী ক’ৰোনাকালত ৰাজ্যত হ্ৰাস বৈষম্যৰ হাৰ

নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী: ক’ৰোনাকালত সমগ্র বিশ্বৰ লগতে ভাৰততো বৈষম্যৰ প্রকোপ বৃদ্ধি পোৱা বুলি বিশেষজ্ঞসকলে দাবী কৰি আহিছে৷ পিছে ভাৰতীয় ষ্টেট বেংক (এছ বি আই)ৰ এক গৱেষণামূলক অধ্যয়নত স্পষ্ট হ’ল– ক’ৰোনাকালত দেশত বৈষম্যৰ হাৰ হ্রাসহে পাইছে৷ এয়া সম্ভৱ হৈছে অসমৰ দৰে তুলনামূলকভাৱে অনগ্রসৰ ৰাজ্যসমূহৰ বাবে৷ বাস্তৱত সংহাৰী ক’ৰোনাকালত অসমত মানুহৰ মাজত বৈষম্যৰ হাৰ হ্রাস পাইছে৷ এছ বি আইৰ ‘ইকোৰেপ’ শীর্ষক জার্নালত আজি প্রকাশিত প্রতিবেদন অনুসৰি ক’ভিড মহামাৰী সংক্রমণৰ পূর্বে অসমত বৈষম্যৰ হাৰ আছিল ০.২৫ জিনি৷ এছ বি আইৰ গ্রুপ চীফ ইক’নমিক এডভাইজাৰ সৌম্যকান্তি ঘোষৰ নেতৃত্বাধীন দল এটাৰ গৱেষণাত কৈছে যে নতুন বছৰত অসমত বৈষম্যৰ হাৰ ০.২১ জিনিলৈ হ্রাস পাইছে৷ উল্লেখ্য যে জিনি হৈছে অর্থনীতিত বৈষম্যৰ হাৰ নির্ধাৰণকাৰী সূচক৷ জিনিৰ পৰিমাণ যিমান বৃদ্ধি পাব, সিমানেই এখন ৰাজ্য বা দেশৰ মানুহৰ মাজত বৈষম্যৰ হাৰ বৃদ্ধি পাব৷ এছ বি আইৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ সদ্ব্যৱহাৰ কৰি পিছপৰি থকা ৰাজ্যসমূহে ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে ক’ৰোনাকালত অতি বেছি মাত্রাত চাউল তথা ঘেঁহু আহৰণ কৰাৰ বাবেই অসমৰ দৰে ৰাজ্যসমূহত হাজাৰ হাজাৰ লোকে কর্মসংস্থাপন হেৰুওৱাৰ পাছতো সুস্থিৰ বৈষম্যৰ হাৰ হ্রাস পাইছে৷

লক্ষণীয়ভাৱে ক’ৰোনাকালত গুজৰাট, মহাৰাষ্ট্র, কেৰালা, তামিলনাডু, কর্ণাটকৰ দৰে অর্থনৈতিকভাৱে সুস্থিৰ ৰাজ্যসমূহত বৈষম্যৰ হাৰ অপৰিৱর্তিত অথবা কিছু পৰিমাণে বৃদ্ধি পালেও অসমৰ উপৰি বিহাৰ, ছত্তিশগড, ঝাৰখণ্ড, মধ্যপ্রদেশ, ওড়িশা, উত্তৰ প্রদেশ, উত্তৰাখণ্ডৰ নিচিনা অনগ্রসৰ ৰাজ্যসমূহত বৈষম্যৰ হাৰ হ্রাসহে পাইছে৷ কাৰণ ক’ৰোনাকালত এইবোৰ ৰাজ্যৰ হিতাধিকাৰীসকলে ৰাজ্য চৰকাৰৰ তৎপৰতাৰ বাবে আটাইতকৈ অধিক উপকৃত হৈছে৷ কোৱা হৈছে খাদ্য সুৰক্ষা আইনৰ অধীনত ক’ৰোনাকালত অসমৰ ২ কোটি হিতাধিকাৰীয়ে কেন্দ্র তথা ৰাজ্য চৰকাৰে গ্রহণ কৰা আঁচনিৰ পৰা সর্বাধিক লাভান্বিত হৈছে৷ তাৰ সুফল স্বৰূপেই সামগ্রিকভাৱে বৈষম্যৰ হাৰো হ্রাস পাইছে অসমত৷ স্বাভাৱিকতে তুলনামূলকভাৱে দেশৰ ধনী ৰাজ্যসমূহত বৈষম্যৰ হাৰ কিছু বৃদ্ধি পালেও গৰিব ৰাজ্যসমূহত বৈষম্যৰ হাৰ হ্রাস পাইছে তথা দেশৰ বৈষম্যৰ হাৰ সুস্থিৰ ৰখাত সহায় কৰিছে৷ সেয়েহে ক’ভিডৰ সময়ত ভাৰতত বৈষম্যৰ হাৰ বৃদ্ধি পোৱা বুলি ক’লে ভুল হ’ব বুলি এছ বি আইৰ গৱেষক দলৰ মুৰব্বী সৌম্যকান্তি ঘোষে মত ব্যক্ত কৰিছে৷ ‘ইকোৰেপ’ৰ প্রতিবেদনখনত ক’ৰোনাকালত কেন্দ্রীয় চৰকাৰে কিদৰে খাদ্যৰ ওপৰত ৰাজসাহায্য বৃদ্ধি কৰিছিল, তাৰো এক সম্যক ধাৰণা দাঙি ধৰা হৈছে৷ সেই অনুসৰি ২০১৯–২০ বিত্তীয় বর্ষত ক’ৰোনাৰ সংক্রমণৰ পূর্বে খাদ্য–সামগ্রীৰ ৰাজসাহয্যৰ বাবে সাধাৰণ বাজেটত ধার্য কৰা হৈছিল ১.৮৪ লাখ কোটি টকা৷ কিন্তু বাস্তৱত ব্যয় হৈছিল ১.০৮ লাখ কোটি টকাহে৷ পিছে ক’ৰোনাৰ প্রকোপ যিটো বছৰত সর্বাধিক আছিল অর্থাৎ ২০২০–২১ বিত্তীয় বর্ষৰ বাজেটত খাদ্য–সামগ্রীৰ ৰাজসাহায্যৰ বাবে বাজেটত ১.১৫ কোটি টকা ধার্য কৰা হৈছিল যদিও পৰৱর্তী সময়ত কেন্দ্রই ইয়াৰ বাবে ব্যয় কৰে সর্বাধিক ৫.৪১ লাখ কোটি টকা৷ অর্থাৎ ধার্য কৰা ৰাজসাহায্যৰ প্রায় ৫০০ শতাংশ বেছি ব্যয় কৰিছিল৷ যাৰ প্রভাৱ তুলনামূলকভাৱে অনগ্রসৰ ৰাজ্যসমূহৰ বৈষম্য নিয়ন্ত্রণত সহায় কৰিছিল৷ অনুৰূপভাৱে ২০২১–২২ বিত্তীয় বর্ষত ধার্য কৰা ২.৪৩ লাখ কোটি টকাৰ বিপৰীতে প্রকৃত ব্যয় কৰা হৈছিল ২.৮৬ লাখ কোটি টকা৷

আনহাতে চলিত বিত্তীয় বর্ষৰ সাধাৰণ বাজেটত খাদ্যত ৰাজসাহায্যৰ বাবে ২.০৭ লাখ কোটি টকা ধার্য কৰা হৈছে যদিও বিত্তীয় বর্ষৰ অন্তত প্রকৃত ব্যয় ৩.৩ লাখ কোটি টকা হ’ব বুলি এছ বি আইৰ প্রতিবেদনখনত প্রকাশ পাইছে৷ ইয়াৰ প্রতিফলন ৰাজ্যসমূহৰ চাউল আৰু ঘেঁহুৰ আহৰণতো (প্রকিউৰমেণ্ট) দেখা পোৱা গৈছে৷ সর্বাধিক ক’ৰোনাৰ প্রকোপ থকা ২০২০–২১ বিত্তীয় বর্ষত ৰাজ্যসমূহে ৬০২ লাখ মেড্রিক টন চাউল আৰু ৩৯০ লাখ মেড্রিক টন ঘেঁহু আহৰণ কৰিছিল ভাৰতীয় খাদ্য নিগমৰ পৰা৷ ইয়াৰ পাঁচ বছৰ পূর্বে অর্থাৎ ২০১৬–১৭ চনত এই আহৰণৰ পৰিমাণ আছিল ক্রমে ৩৮১ আৰু ২৩০ লাখ মেড্রিক টন৷ অর্থাৎ পাঁচ বছৰত চাউলৰ আহৰণ ৫৬ শতাংশ আৰু ঘেঁহুৰ আহৰণ ৪১ শতাংশ বৃদ্ধি পাইছে৷ এছ বি আইৰ গৱেষণাত দাবী কৰা হৈছে যে ইয়াৰ প্রত্যক্ষ প্রভাৱিত অসমৰ দৰে পিছপৰি থকা ৰাজ্যসমূহৰ মানুহৰ মাজত বৈষম্যৰ হাৰ হ্রাস কৰাত সহায় কৰিছে৷

You might also like