মাকুমত ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন বিধায়ক বলীন চেতিয়াৰ
বিশেষ বাৰ্তা, ১১ জানুৱাৰী : ভাৰত চৰকাৰে বিগত বছৰৰ দৰে এই বছৰৰো কৃষক সকলৰ বাবে আনিছে আশাৰ বতৰা৷ এইবাৰ স্বাৱলম্বী পথত আগবঢ়া কৃষক সকলে ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদক পোনপটীয়াকৈ ২০৪০ টকাত বিক্ৰী কৰিব পাৰিব নিজেই কৰা খেতিৰ ধান। শালি ধান ক্ৰয় কৰিবলৈ চৰকাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে, তাৰ সমান্তৰাল ভাৱে তিনিচুকীয়া জিলাৰ লাইপুলি, কাকপথাৰৰ পাছত আজি মাকুমত বাইপাছৰ কাষত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰতটি বুধবাৰে আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰে শদিয়াৰ বিধায়ক বলিন চেতিয়াই। বিধায়কগৰাকীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছতে পূজাৰীয়ে মাংগলিক কায্যৰে শুভ উদ্বোধনৰ অনুষ্ঠান সম্পন্ন কৰি এখন সভা অনুষ্ঠিত কৰে আৰু উক্ত সভাখনত আজি প্ৰথম দিনটোতে ধান বিক্ৰী কৰিবলৈ অহা কৃষকসকলক একোখনকৈ ফুলাম গামোছাৰে আদৰণি জনায় বিধায়ক বলীন চেতিয়া ৷ প্ৰথম দিনটোতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কুইণ্টলে কুইণ্টলে ধান বিক্ৰী কৰিবলৈ কেন্দ্ৰটোলৈ আগবাঢ়ি অহাৰ কাৰণে কৃষকসকলক বিধায়কগৰাকীৰ লগতে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে আৰু এই কেন্দ্ৰসমূহৰ পৰা কৃষসকলে এতিয়া অধিক স্বাৱলম্বী হ’ব বুলি জানিব দিয়ে ৷ এতিয়া আৰু মধ্যভোগীৰ কাম নাই, কৃষকে চৰকাৰক পোনপটীয়াকৈ নিজে খেতি কৰা ধান প্ৰদান কৰাৰ পাছত কৃষকৰ বেংক একাউণ্টত সোমাবগৈ প্ৰাপ্য ধন ৷ অনুষ্ঠানত বিধায়ক বলীন চেতিয়াৰ লগত তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতি, ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ তিনিচুকীয়া জিলাৰ বিষয়া-কৰ্মচাৰী, কৃষি বিভাগৰ শীৰ্ষ বিষয়া প্ৰমুখ্যে কৰি স্থানীয় কৃষকসকল উপস্থিত থাকে।
প্ৰেৰক বিবেক বড়া