মাৰ্ঘেৰিটাত উৰুকাৰ নিশা মাতৃ বন্যহস্তীৰ ৰহস্যজনক মৃত্যু
নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ- ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। বনৰীয়া জীৱ-জন্তুৰ প্ৰতি জীৱ শ্ৰেষ্ঠ মানুহৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাই আহিছে। নিতৌ জীৱ শ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গৈছে নিবোধ জীৱ-জন্তুৰ। উৰুকাৰ নিশাও মাৰ্ঘেৰিটা মাকুমকিল্লা টেঙাপথাৰত এজনী বনৰীয়া হাতী অস্বাভাৱিক মৃত্যু খৱৰে সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বনাঞ্চলৰ পৰিসৰ হ্ৰাস পাই অহা ফলত বন্যপ্ৰাণী সমূহে খাদ্য সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে। বিশেষকৈ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৱে প্ৰায়ে সংবাদ শিৰোনামা দখল কৰে। ইয়াৰ পিছতো কিন্তু ৰাজ্য বনবিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। বন্য প্ৰাণীক সুৰক্ষা দিয়াত সম্পূৰ্ণ ৰূপে বিফল বনবিভাগ।বনবিভাগে মৃত বন্য প্ৰাণীসমূহৰ মৰোণোত্তৰ পৰীক্ষা কৰিয়েই দায়িত্ব সামৰে। পৰৱৰ্তী সময়ত কি প্ৰতিবেদন আহিল একো জানিব পৰা নাযায়। অপ্ৰিয় হলেও সত্য বন্য জীৱ সমূহৰ মৃত্যু কাৰণ কিন্তু একাংশ অসাধু মানুহেই। সচেতন মহলৰ সন্দেহ বনবিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগত মৃত জীৱ জন্তুৰ মৃত্যুৰ প্ৰকৃত ঘটনাক গাপ দিয়া হয়। উৰুকা নিশা মাৰ্ঘেৰিটা টেঙাপথাৰত আনন্দৰ উল্লাহৰ মাজতে নিশা মৃত্যু মূখত পৰে এজনী বনৰীয়া হাতী। কেমেৰাৰ সন্মুখত মূখ খুলিবলৈ নিবিচৰা একাংশলোকৰ মতে হাতীজনীক কোনো দুষ্ট লোকে পৰিকল্পিত ভাৱে হত্যা কৰিছে। কিন্তু বনবিভাগৰ কতৃপক্ষই মৰোণোত্তৰ প্ৰতিবেদনতহে হাতীজনী মৃত্যু কাৰণ জানিব পৰা যাব বুলি কয়। বনবিভাগৰ মন্তব্যত কিন্তু সচেতন মহল আস্বস্ত হ’ব পৰা নাই। উল্লেখ যে ইতিপূৰ্বেও উক্ত অঞ্চলত কেইবাটাও বন্যহস্তী মৃত অৱস্থাত উদ্ধাৰৰ ঘটনা সংঘটিত হৈছিল বুলি স্থানীয় একাংশ ৰাইজে সংবাদমাধ্যমক জানিবলৈ দিয়ে। অন্যহাতে মৃত হাতীজনীৰ দুগ্ধ প্ৰাণ কৰি থকা এটি পুৱালীও আছে বুলি সূত্ৰত প্ৰকাশ। দুষ্ট চক্ৰই বিদ্যুৎতৰ তাঁৰ সংযোগ কৰি হাতীজনীক হত্যা কৰে। উক্ত অঞ্চলটো দিহিং সংৰক্ষীত বনাঞ্চালৰ কাষৰীয়া বন গাওঁ হোৱাৰ বাবেই স্থানীয় গাওঁ বাসীয়ে মৃত হাতীজনীৰ প্ৰকৃত মৃতৰ কাৰণ গাপ দিয়াৰো অভিযোগ উত্থাপন হৈছে। একাংশ কমিচন ভোগী বনবিভাগৰ চত্ৰছায়াতে উক্ত অঞ্চলত ব্যাপক বন ধ্বংস হোৱাৰ ফলত খাদ্যৰ সন্ধানত এইদৰে বন্যহস্তী জনাঞ্চলত উলাই আহি মৃত্যুমোখত পৰিবলগা হৈছে বুলি চৰ্চা হৈছে। এইক্ষেত্ৰত বনবিভাগে কেনেধৰণৰ ব্যৱস্থ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।