বিশেষ লেখা : নতুন পুৰুষে ন–দৃষ্টিকোণেৰে ইতিহাস অধ্যয়ন কৰক
ড০ হিমন্ত বিশ্ব শর্মা
মুখ্যমন্ত্রী, অসম
(খণ্ড– এক)
এই বছৰৰ ৩ জানুৱাৰীৰ দিনাখন মৰিগাঁও জিলাৰ ৰহাত তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত সদৌ তিৱা ছাত্র সন্থা, সদৌ তিৱা মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু তিৱা ৰজা বীৰ জোঙাল বলহু দিৱস উদ্যাপন সমিতিৰ সহযোগত বীৰ জোঙাল বলহু দিৱস আয়োজন কৰা হৈছিল৷ কার্যসূচীত যোগ দিবলৈ মোক আমন্ত্রণ জনোৱা হৈছিল৷ সেই কার্যসূচীৰ মাজতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ সচিব দেৱানন্দ দাসে তেওঁৰ দ্বাৰা ৰচিত এখন সৰু পুথি মোৰ হাতত তুলি দিলে৷ ৰহাৰ অনুষ্ঠানটোৰ পাছত মোৰ পৰৱর্তী কার্যসূচী আছিল ডিব্রুগড়ত৷ ৰহাৰ পৰা ডিব্রুগড়লৈ হেলিকপ্টাৰেৰে যাত্রা কৰাৰ সময়তে দাসে দিয়া কিতাপখন হাতত তুলি পঢ়িবলৈ ল’লোঁ৷ কিতাপখনৰ নাম ‘অসম গৌৰৱ লাচিত বৰফুকন’৷ নাতিদীৰ্ঘ কিতাপখন প্রায় ৪০ মিনিটৰ সেই যাত্রাতে পঢ়ি শেষ কৰিলোঁ৷ কিতাপখন পঢ়ি মই ইতিহাসৰ বহু নজনা কথা জানিব পাৰিলোঁ৷
হাইস্কুলীয়া শ্রেণীতেই বুৰঞ্জীক এটা বিষয় হিচাপে লৈ আমি অসম বুৰঞ্জীৰ কিছু কথা অধ্যয়ন কৰিছিলোঁ৷ ইতিহাসৰ সেই অধ্যয়নত আমি শৰাইঘাট ৰণ সম্পর্কে যিখিনি শিকিবলৈ পাইছিলোঁ, সেয়া আছিল প্রকৃত ইতিহাসৰ এটা ক্ষুদ্র অংশ মাত্র৷ আমি মাত্র ইমানেই জানিছিলোঁ যে মোগল সম্রাট ঔৰংজেব আৰু আহোম স্বর্গদেউ চক্রধ্বজ সিংহৰ মাজত হোৱা শৰাইঘাটৰ ৰণত ৰামসিংহই মোগল সেনাৰ নেতৃত্ব দিছিল৷ ৰামসিংহৰ সৈতে যুদ্ধ কৰিবলৈ চক্রধ্বজ সিংহই লাচিত বৰফুকনক সেনাপতি নিযুক্ত কৰিছিল৷ সেই যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই জয়লাভ কৰিছিল আৰু ৰামসিংহই অসম এৰি গুচি গৈছিল৷ আমি ইয়াকো জানিব পাৰিছিলোঁ যে লাচিত বৰফুকনক সেই ৰণত সহায় কৰিছিল বাঘ হাজৰিকাই৷ বাঘ হাজৰিকা এজন মুছলমান আছিল আৰু এই কথাটোকেই অসমৰ সাম্প্রদায়িক সম্প্রীতিৰ এটা উৎকৃষ্ট উদাহৰণ হিচাপে আমাৰ সমুখত দাঙি ধৰা হৈছিল৷ অসমৰ ইতিহাসবিদসকলে আৰু বিশেষকৈ বাঁওপন্থী ইতিহাসবিদসকলে শৰাইঘাটৰ ৰণখনৰ তাৎপর্যক কেৱল এটা বিষয়তে আবদ্ধ ৰাখিছিল৷ সেয়া আছিল অসমৰ হিন্দু–মুছলমানৰ সাম্প্রদায়িক সম্প্রীতি, যেন শৰাইঘাটৰ যুদ্ধ কেৱল অসমৰ সাম্প্রদায়িক ইতিহাসৰহে কাহিনী৷ তাকে কৰিবলৈ যাওঁতে তেওঁলোকে ৰণখনৰ বহুতো ৰোমাঞ্চকৰ কাহিনী আৰু গুৰুত্বপূর্ণ তথ্য লোকচক্ষুৰ পৰা আঁতৰাই ৰাখিছিল৷ উদাহৰস্বৰূপে শৰাইঘাটৰ মূল যুঁজখনৰ পূর্বে সংঘটিত ইটাখুলিৰ ৰণত অসমীয়া সেনাৰ অসামান্য জয়ৰ নায়ক জপং গোহাঁইৰ কথা ইতিহাসৰ পাঠ্যপুথিত লিপিবদ্ধ হোৱা উচিত আছিল৷ জপং গোহাঁইৰ অসাধাৰণ বীৰত্ব, নদাই, পিতৰাম আৰু লখাই নামৰ তিনিজন সেনাৰ দুর্জেয় সাহস আৰু বুদ্ধিমত্তাত দিশহাৰা হোৱা মোগল সেনা, আহোম সেনাই ইটাখুলিৰ দুর্গ হস্তগত কৰা আৰু জয়ৰ পিছতো আহোম সেনাপতি জপং গোহাই নিহত হোৱা আদি গুৰুত্বপূর্ণ ঘটনাসমূহৰ বৃত্তান্ত যুদ্ধখনৰ প্রত্যক্ষদর্শীৰ দ্বাৰা লিপিবদ্ধ হোৱাৰ পিছতো পাঠ্যপুথিত তাৰ উল্লেখ নাই৷ শৰাইঘাট যুদ্ধৰ মাজতে লাচিত বৰফুকন নৰিয়াত পৰোঁতে অসমীয়া সেনাৰ মনোবল অটুট ৰাখি মোগল সেনাক প্রতিৰোধ কৰা নৰা হাজৰিকা আছিল আন এগৰাকী সাহসী যোদ্ধা৷ যুদ্ধৰ অন্তত আহোম স্বর্গদেৱে নৰা হাজৰিকাক তেখেতৰ অসামান্য বৰঙণিৰ বাবে এহাজাৰ টকাৰে পুৰস্কৃত কৰিছিল৷ যুদ্ধৰ এনে গৌৰৱোজ্জ্বল ঘটনাকো লোকচক্ষুৰ পৰা আঁতৰাই ৰখা হৈছিল৷ মোগলৰ বিৰুদ্ধে অসমীয়াৰ সেই যুদ্ধত উত্তৰ–পূবৰ জনজাতীয় ৰজাসকলে আহোম স্বর্গদেউক সর্বতোপ্রকাৰে সহায় আগবঢ়াইছিল৷ জয়ন্তীয়া ৰজাই এটা শক্তিশালী সেনা পঠিয়াই সেই যুদ্ধত আহোম সেনাক শক্তিশালী কৰিছিল৷ ৰাণীৰ ৰজাই আহোমৰ সপক্ষে, মোগলৰ বিপক্ষে প্রবল বিক্রমেৰে যুঁজি যুদ্ধৰ গতি পৰিৱর্তন কৰি দিছিল৷ ইতিহাসৰ সেই দিশ আজি সম্পূর্ণৰূপে অন্ধকাৰৰ গর্ভত৷ শৰাইঘাটৰ যুদ্ধৰ অন্তত নৰিয়া গাৰে লাচিত বৰফুকনে ৰূপৰাম বণিয়া কাকতিক যুদ্ধখনৰ বৃত্তান্ত লিখি থ’বলৈ দায়িত্ব দিছিল৷ বুৰঞ্জীবিদ ড০ সূর্য কুমাৰ ভূঞাই শৰাইঘাট যুদ্ধৰ ইতিহাস প্রণয়ন কৰোঁতে যুদ্ধখনৰ সূক্ষ্মাতিসূক্ষ্ম বর্ণনা দাঙি ধৰিছিল৷ এনে প্রত্যক্ষ বৃত্তান্ত আমাৰ হাতত উপলব্ধ হোৱাৰ পিছতো আৰু তেনে বৃত্তান্তৰ ক’তো বাঘ হাজৰিকাৰ তথ্য উল্লেখ নথকাৰ পিছতো, বাঘ হাজৰিকা নামৰ জনশ্রুতিৰ এটা কাল্পনিক চৰিত্রক কেন্দ্র কৰি আজিও বাঁওপন্থীসকলে এটা বিশেষ বাগধাৰা প্রচাৰ আৰু প্রসাৰত ব্যস্ত হৈ আছে৷ আনহাতে আজি চাৰে তিনিশ বছৰৰ পিছতো ৰণখনৰ বহু প্রকৃত বীৰৰ নামৰ উল্লেখ নকৰাকৈ ৰৈ গৈছে৷
ইতিহাসৰ এনে বিকৃতি আৰু অসম্পূর্ণ অধ্যয়নে এটা চক্রৰ ন্যস্ত স্বার্থক সুৰক্ষা দিছে সঁচা, কিন্তু জাতিটোৰ এটা বিৰাট ক্ষতিসাধন কৰিছে৷ দেৱানন্দ দাসৰ পুথিখনে মোক এক নতুন পথৰ সন্ধান দিলে৷ ড০ সূর্য কুমাৰ ভূঞা, বেণুধৰ শর্মা আৰু হিতেশ্বৰ বৰবৰুৱাৰ বুৰঞ্জীৰ অধিক অধ্যয়নৰ জৰিয়তে যিখিনি নজনা তথ্য পালোঁ, মোৰ বিবেচনাত সেই ইতিহাস নতুন প্রজন্মৰ প্রতিগৰাকী লোকে অধ্যয়ন কৰা উচিত৷
সপ্তদশ শতিকাৰ অসমৰ ভূ–ৰাজনৈতিক স্থিতি
সপ্তদশ শতিকাৰ আৰম্ভণিতে অসম ৰাজ্যখন পূবে শদিয়াৰ পার্বত্য অঞ্চলৰ পৰা পশ্চিমে মানাহ নদীলৈকে বিস্তৃত আছিল৷ মানাহ আছিল মোগল সাম্রাজ্যৰ পূব সীমা৷ পূবা–পশ্চিমাকৈ ৰাজ্যখনৰ দৈর্ঘ্য আছিল প্রায় ৬০০ মাইল আৰু ব্রহ্মপুত্র নৈখন পূবা–পশ্চিমাকৈ ঠিক মাজেৰে বৈ যোৱাৰ কাৰণে ৰাজ্যখন উত্তৰ কূল আৰু দক্ষিণ কূল নামৰ দুটা স্পষ্ট ভৌগোলিক ভাগত বিভক্ত হৈ আছিল৷ ৰাজ্যখনৰ সোঁমাজত অৱস্থিত কলিয়াবৰে ৰাজ্যখনক পূবৰ উজনি আৰু পশ্চিমৰ নামনি এই দুই ভাগত বিভক্ত কৰিছিল৷ পূব অসমৰ সার্বভৌমত্ব সদায়েই অক্ষুণ্ণ আছিল, কিন্তু পশ্চিম অসমৰ ৰাজনীতি আছিল অস্থিৰ৷ কিয়নো এই অঞ্চলটোৰ শাসন কেতিয়াবা কোচ ৰজাৰ হাতত আছিল আৰু সময়ে সময়ে অঞ্চলটোৰ শাসনভাৰ আহোমসকলৰ হাতলৈ আৰু পিছলৈ মোগলসকলৰ হাতলৈ গৈছিল৷
১৬৩৬ খ্রীষ্টাব্দত মোগল সম্রাট চাহজাহানৰ (খ্রীঃ ১৬২৭–১৬৫৮) শাসনকালত মোগলসকলে কামৰূপ অধিকাৰ কৰে৷ সেই যুদ্ধত আহোমসকলে মোগলৰ বিৰুদ্ধে সমস্ত শক্তিৰে যুঁজিও কামৰূপ ৰক্ষা কৰাত সফল নহ’ল৷ অৱশেষত ১৬৩৯ খ্রীষ্টাব্দত মোগল সেনাধ্যক্ষ আলায়াৰ খান আৰু আহোম সেনাপতি মোমাই তামুলী বৰবৰুৱাৰ মাজত সম্পাদিত হোৱা অসুৰৰ আলিৰ সন্ধি অনুসৰি গুৱাহাটীকে ধৰি সমগ্র পশ্চিম অসম মোগলৰ হাতলৈ যায়৷ কিন্তু চাহজাহানৰ নৰিয়া আৰু মোগল সাম্রাজ্যত উত্তৰাধিকাৰৰ যুঁজৰ ফলত অস্থিৰ হৈ পৰা দিল্লীৰ ৰাজনীতিৰ পৰিপ্রেক্ষিতত আহোম ৰজা জয়ধ্বজ সিংহই মোগলক গুৱাহাটীৰ পৰা খেদি পুনৰ আহোম ৰাজ্যৰ সীমা মানাহলৈ বিস্তাৰ কৰে৷ সেই সময়তে কোচবিহাৰৰ শাসক প্রাণ নাৰায়ণেও কোচবিহাৰৰ স্বাধীনতা ঘোষণা কৰিছিল৷ কিন্তু দিল্লীৰ শাসনত ঔৰংজেব অধিষ্ঠিত হোৱাৰ লগে লগে মোগল সাম্রাজ্যৰ পূব সীমান্তৰ ক্ষেত্রত মোগল সম্রাটৰ নীতিও কঠোৰ হৈ পৰে৷ ঔৰংজেবৰ অতি বিশ্বস্ত বংগৰ নবাব মিৰজুমলাক তেওঁ পূব সীমান্ত উদ্ধাৰৰ নির্দেশ দিয়ে৷
মিৰজুমলাৰ অসম আক্রমণ
কোচবিহাৰ অধিকাৰ কৰাৰ পাছত ১৬৬২ খ্রীষ্টাব্দৰ ৪ জানুৱাৰীত মিৰজুমলাই অসম আক্রমণ কৰে৷ সেই আক্রমণত আহোম সেনাই মিৰজুমলাক শক্তিশালী প্রতিৰোধ আগবঢ়োৱাত বিফল হয়৷ আহোম সেনাৰ দুর্বল প্রতিৰোধ ওফৰাই মিৰজুমলাই গুৱাহাটী দখল কৰে৷ সেই সময়ত অসমীয়া সেনাৰ দুর্বল প্রতিৰোধৰ কাৰণ আছিল আভ্যন্তৰীণ অনৈক্য৷ এনে অস্থিৰ ৰাজনৈতিক আৰু সামৰিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত মিৰজুমলাই অতি সহজেই কেইবাখনো যুদ্ধত বিজয় সাব্যস্ত কৰি পশ্চিমৰ পৰা পূবলৈ অনায়াসে অসম জয় কৰি গ’ল৷ কেৱল দুমাহৰ ভিতৰত মিৰজুমলাৰ সেনাপতি দিল্লীৰ খান দাউদজাই শিমলুগড দুর্গ দখল কৰে৷ ৰাজধানী গড়গাঁৱৰ একেবাৰে সমীপত মোগল সেনা উপস্থিত হোৱাৰ উমান পাই স্বর্গদেউ জয়ধ্বজ সিংহই গডগাঁও এৰি নামৰূপৰ পাহাৰলৈ পলাই গৈছিল৷ ৰজাৰ এই কার্যৰ বাবে তেওঁক ভগনীয়া ৰজা আখ্যা দিয়া হৈছিল৷ ১৬৬২ খ্রীষ্টাব্দৰ ১৭ মার্চত মিৰজুমলাই ৰাজধানী গড়গাঁও দখল কৰে৷
১৬৬৩ খ্রীষ্টাব্দৰ জানুৱাৰীত আহোম প্রশাসনে মোগলৰ সৈতে ঘিলাজাৰী ঘাটত এখন অতি অপমানজনক চুক্তি স্বাক্ষৰ কৰিবলৈ বাধ্য হয়৷ চুক্তি অনুসৰি পশ্চিম অসম সম্পূর্ণৰূপে মোগলৰ হাতলৈ যায়৷ যুদ্ধৰ ক্ষতিপূৰণ হিচাপে তিনি লাখ টকা আৰু নব্বৈটা হাতী পৰিশোধ কৰাৰ প্রতিশ্রুতি আহোমসকলৰ পৰা আদায় কৰা হয়৷ স্বর্গদেউ জয়ধ্বজ সিংহৰ একমাত্র কন্যা ৰমণী গাভৰু আৰু তেওঁৰ ভাগিনী তথা তিপামৰ ৰজাৰ কন্যাক মোগল সম্রাটৰ হেৰেমলৈ প্রেৰণ কৰিবলগীয়া হয়৷ যুদ্ধৰ ক্ষতিপূৰণৰ প্রথম কিস্তি আদায় কৰি ১৬৬৩ খ্রীষ্টাব্দৰ ফেব্রুৱাৰী মাহত ৰছিদ খাঁক নামনি অসমৰ ফৌজদাৰ নিযুক্ত কৰি মিৰজুমলা উভতি যায়৷ লগত লৈ যায় ১২,০০০ অসমীয়া যুদ্ধ বন্দী৷ এই চুক্তি আছিল অসমীয়াৰ বাবে এখন অন্যতম অপমানজনক চুক্তি৷ এই ঘটনাই অসমীয়াৰ গৌৰৱত প্রচণ্ড আঘাত হানে আৰু আত্মসন্মানী অসমীয়াসকলৰ চেতনাক ই জোকাৰি যায়৷ মোগল গুচি যোৱাৰ পিছত স্বর্গদেউ জয়ধ্বজ সিংহই পুনৰ ৰাজধানীলৈ আহি মোগলৰ বিৰুদ্ধে কোচবিহাৰ, জয়ন্তীয়া ৰাজ্য আৰু কছাৰী ৰাজ্যক একগোট কৰাৰ এটা প্রচেষ্টা আৰম্ভ কৰিছিল৷ কিন্তু মোগলৰ হাতত শোচনীয় পৰাজয়ৰ দুখ লৈয়ে আৰু অসমীয়াৰ হূত গৌৰৱ পুনৰুদ্ধাৰ কৰিব নোৱাৰাকৈয়ে ১৬৬৩ খ্রীষ্টাব্দৰ নৱেম্বৰত তেওঁৰ মৃত্যু হয়৷
চক্রধ্বজ সিংহৰ ৰাজপাট
জয়ধ্বজ সিংহৰ পুত্র সন্তান নাছিল৷ সেইবাবে জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত খুৰাকৰ পুত্র চুপুংগমুংগক ৰাজ সিংহাসনত অধিষ্ঠিত কৰা হয়৷ চুপুংগমুংগই ৰাজপাটত আৰোহণ কৰি স্বর্গদেউ চক্রধ্বজ সিংহ নাম লয়৷ নতুন স্বর্গদেৱে ৰাজ্যৰ শোচনীয় অৱস্থা আৰু আহোম ৰাজবংশৰ দুর্দশা প্রত্যক্ষ কৰি শোকত ম্রিয়মাণ হৈ পৰিল৷ তদুপৰি যুদ্ধৰ বাকী থকা ক্ষতিপূৰণ বিচাৰি ফৌজদাৰ চৈয়দ ফিৰোজ খাঁই আহোম ৰজাক দিয়া উপর্যুপৰি হেঁচাও অসমীয়াৰ বাবে অপমানজনক আছিল৷ এনে অপমানত অতিষ্ঠ হৈ ১৬৬৫ খ্রীষ্টাব্দত চক্রধ্বজ সিংহই নামনি অসমৰ পৰা মোগলক খেদিবলৈ এটা সামৰিক অভিযান চলোৱাৰ পৰিকল্পনা কৰে৷ কিন্তু ৰাজমন্ত্রী আতন বুঢ়াগোহাঁয়ে মোগলৰ দৰে এটা বৃহৎ শক্তিক আক্রমণ কৰাৰ পূর্বে নিজ ৰাজ্যৰ সামৰিক প্রস্তুতি সম্পর্কে অৱগত হ’বলৈ ৰজাক পৰামর্শ দিলে৷ সেই সময়ত ৰাজ্যৰ সামৰিক প্রস্তুতি শূন্যপ্রায়৷ সেনাৰ অস্ত্রভাণ্ডাৰ উদং হৈ পৰিছিল৷ আনকি এবাকচ খাৰ–বাৰুদো নাছিল আৰু পর্যাপ্ত কাঁড আদিৰো অভাৱ আছিল৷ মিৰজুমলাৰ অসম আক্রমণে ৰাজ্যখনৰ জনতাৰ জাতীয় আত্মবিশ্বাসত আঘাত হানিছিল৷ সামৰিক বাহিনীত বিৰাজ কৰিছিল চৰম বিশৃংখলা৷ সেই সময়ত আতন বুঢ়াগোহাঁইৰ সেই পৰামর্শ অতি সময়োপযোগী আছিল৷ সকলো দিশ গমি–পিতি চক্রধ্বজ সিংহই তাৰ পিছৰ দুবছৰ সম্পূর্ণৰূপে যুদ্ধৰ প্রস্তুতিত মনোনিৱেশ কৰিলে৷ সেনাবাহিনীক পূর্ণোদ্যমে শাৰীৰিক আৰু মনস্তাত্ত্বিকভাৱে সাজু কৰা, সেনাৰ ভঁৰাল পূর্ণ কৰা আৰু সেনাক যুদ্ধৰ বাবে সাজু কৰাৰ কামত তেওঁ মনোনিৱেশ কৰিলে৷ সেনাৰ সামৰিক প্রশিক্ষণো তেওঁ নিজেই তদাৰক কৰিলে৷ অস্ত্র–শস্ত্র কেনেকৈ নির্মাণ কৰিব লাগে, তাৰ প্রশিক্ষণো তেওঁ স্বয়ং নিৰীক্ষণ কৰিলে৷ সেনাৰ খাদ্য ভঁৰাল পূর্ণ কৰিবলৈ ধান আৰু অন্যান্য শস্যৰ উৎপাদন কার্য ৰাজ্য প্রশাসনৰ প্রত্যক্ষ উদ্যোগত আৰম্ভ কৰা হ’ল৷ অস্ত্রভাণ্ডাৰ পূর্ণ কৰিবলৈ দিনে–নিশাই কাম কৰা হ’ল আৰু অস্ত্র–শস্ত্রবোৰ দুর্গৰ ওচৰে–পাঁজৰে জমা কৰা হ’ল৷ ৰাজ্যখনত পর্যাপ্ত নৌযুদ্ধৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি স্থলযুদ্ধৰ উপৰি জলযুদ্ধৰ গুৰুত্বক আহোমসকলে বাৰুকৈয়ে অনুভৱ কৰিছিল৷ সেই বাবে বৰতোপ সম্বলিত বৃহৎ বৃহৎ নাও আৰু সৰু সৰু নাও নির্মাণ কৰি এটা শক্তিশালী নৌবাহিনী গঠনৰ কামতো স্বর্গদেৱে গুৰুত্বসহকাৰে মনোনিৱেশ কৰিলে৷ ১,০০০ সেনাৰ একোটা বিশাল বাহিনীক একোজন হাজৰিকাৰ অধীনত ভগাই দুটাকৈ বেটেলিয়ন গঠন কৰা হ’ল৷ এনেকৈ সেনাবাহিনীৰ মাজত এটা উদ্দীপনাৰ সৃষ্টি কৰা হ’ল আৰু অসমীয়া সেনাৰ মনোবল বৃদ্ধি কৰা আৰু যুদ্ধ জয় কৰি হূত গৌৰৱ উদ্ধাৰ কৰাটো প্রতিগৰাকী অসমীয়াৰ মহৎ আৱেগত পৰিণত হ’ল৷
আহোম প্রশাসন এক প্রণালীবদ্ধ ব্যৱস্থা আছিল বুলি ইতিহাসে স্বীকৃতি দিয়ে৷ প্রশাসনৰ সর্বোচ্চ পদত আছিল স্বর্গদেউ৷ তেওঁৰ অধীনত তিনিজন গোহাঁই বা মন্ত্রী আছিল৷ তেওঁলোকে আছিল বুঢ়াগোহঁাই, বৰগোহাঁই আৰু বৰপাত্র গোহাঁই৷ আহোম ৰজা প্রতাপ সিংহৰ দিনত আৰু দুজন বিষয়া অন্তর্ভুক্ত কৰা হয়৷ তেওঁলোক আছিল বৰবৰুৱা আৰু বৰফুকন৷ কলিয়াবৰৰ পূবে সামৰিক আৰু ন্যায়িক বিষয়া ৰূপে নিযুক্ত হৈছিল বৰবৰুৱা৷ বৰফুকন আছিল কলিয়াবৰৰ পশ্চিমে নামনি অসমৰ সামৰিক আৰু অসামৰিক বিষয়া তথা স্বর্গদেউৰ প্রতিনিধি৷ এই পাঁচজন বিষয়াক একেলগে পাত্রমন্ত্রী অথবা মন্ত্রী পৰিষদ বুলি জনা গৈছিল৷
যুদ্ধ প্রস্তুতিৰ অংশ হিচাপে আহোম সেনাক নেতৃত্ব দিবলৈ এজন সুযোগ্য বৰফুকন নির্বাচনৰ কামতো স্বর্গদেউ সমন্বিতে পাত্রমন্ত্রীসকল ব্যস্ত হৈ পৰিল৷ বহু আলোচনা–বিলোচনা আৰু বিচাৰ–পৰীক্ষাৰ অন্তত আহোম ৰাজবিষয়া লাচিতক বৰফুকন ৰূপে নিযুক্ত কৰা হ’ল৷ সূর্য কুমাৰ ভূঞাৰ বর্ণনা অনুসৰি– ‘বৰসেনাপতি হোৱাৰ পূর্বে লাচিতে পোনতে ঘোঁৰাবৰুৱাৰ পদ পাইছিল৷ তাৰ পাছতে তেওঁক দুলীয়া বৰবৰুৱা আৰু গডগাঁৱৰ সমীপৱর্তী শিমলুগুৰি খেলৰ প্রধান বিষয়া শিমলুগুৰীয়া ফুকনৰ বাব দিয়া হৈছিল৷ ইয়াৰ পাছত লাচিতে দোলাকাষৰীয়া বৰুৱাৰ পদো লাভ কৰিছিল৷’