টীয়কৰ জগদুৱাৰত নৈশবাছ দুৰ্ঘটনা; ২ জনৰ অৱস্থা সংকটজনক
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ মঙলবাৰে নিশা টীয়কৰ জগদুৱাৰত সংঘটিত হয় এক বাছ দুৰ্ঘটনা । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে এখন যাত্ৰীবাহী নৈশ বাছ। এই দুৰ্ঘটনাত প্ৰায় ২০ জনৰো অধিক লোক আহত হোৱাৰ লগতে ২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে দুৰ্ঘটনাত পতিত হোৱা AS- 01- GC – 9541 নম্বৰৰ বাছখন তিনিচুকীয়াৰ জাগুনৰ পৰা মঙলদৈ অভিমুখী আছিল ।