নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“বুজা বুজি নকৰিলে কংগ্ৰেছ এইবাৰ জিৰো হ’ব”- ধুবুৰীত বদৰুদ্দিন আজমল

নিয়মীয়া বাৰ্তা, ১৮জানুৱাৰী: “যদি কংগ্ৰেছে আমাৰ ল’গত মিত্ৰতা নকৰে; কেইখন লোকসভা আসন পাব? কলিয়াবৰ ওলাব পাৰিব নেকি?” কংগ্ৰেছক উদ্দেশ্যি এই প্ৰশ্ন ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ। আজি ধুবুৰীৰ আৱৰ্ত ভৱনত আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতা নহ’ব নেকি বুলি শুধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ আৰু কয় যে, “নতুনকৈ যি সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ আছে, সেই হিচাবে কলিয়াবৰৰ আসনখন গ’ল তেওঁলোকৰ। নগাঁও গ’ল। সেই দুটা আসনত আমিতো প্ৰতিদ্বন্দিতা কৰিমেই কৰিম।” ল’গতে বৰপেটা, কৰিমগঞ্জ আৰু ধুবুৰী লোকসভা আসন কেইখন এআইইউডিএফৰ তালিকাত থকা বুলি মন্তব্য কৰি আজমলৰ ভাষ্য, “দুটা আসন আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পাই আছোঁ। তেওঁলোকে যদি আমাৰ ল’গত বুজা বুজি নকৰে কংগ্ৰেছ এইবাৰ জিৰো হ’ব।”

আনহাতে যোৱাবাৰৰ তুলনাত অতি কমেও ২৫ ৰ পৰা ৩০ শতাংশ অধিক ভোট পাই ধুবুৰীত বিজয়ী হ’ব বুলিও সাংবাদিকৰ সন্মুখত দাবী কৰি কংগ্ৰেছক আজমলৰ কটাক্ষ, “তেওঁলোকে এজনক দিয়ক, দুজনকে দিয়ক, তিনিজন দিয়ক; একলগে মিলি এখন ফৰ্মতে চাৰিজনেই চহী কৰি দি দিয়ক – আমাৰ কোনো আপত্তি নাই। মই আদৰণি জনাইছোঁ।” উল্লেখ্য যে, আজি দুপৰীয়াৰ ভাগত ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত জিলাখনৰ বিভিন্ন সমষ্টিৰ বিধায়ক, ধুবুৰীৰ উপায়ুক্ত দিৱাকৰ নাথকে ধৰি প্ৰশাসনৰ উচ্চপদস্ত বিষয়া আৰু জিলাখনৰ বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত জিলা বিদ্যুৎ সমিতি (District Electricity Committee)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’য় স্থানীয় সাংসদগৰাকীয়ে।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like