নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেব্ৰুৱাৰী মাহত বাংলাদেশৰ পৰা বৰলুইতেৰে ধুবুৰীত প্ৰৱেশ কৰাৰ সম্ভাৱনা এম ভি গংগা-বিলাস

নিয়মীয়া বাৰ্তা, ১৮জানুৱাৰী:  বিগত ১৩ জানুৱাৰীৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ অভিমুখী এম ভি গংগা-বিলাস নামৰ বিলাসী প্ৰমোদতৰীখন অহা ফেব্ৰুৱাৰী মাহত বাংলাদেশ হৈ বৰলুইতেৰে ধুবুৰীত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, যাত্ৰা কৰাৰ ২০ দিন মান পিছত প্ৰমোদতৰীখন পশ্চিমবংগৰ ক’লকাতাৰ সমীপত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ক’লকাতাত উপস্থিত হোৱাৰ পিছদিনা এম ভি গংগা-বিলাস যাত্ৰা কৰিব বাংলাদেশ অভিমুখে। প্ৰমোদতৰীখনখনৰ পৰ্যটকসকলে ১৫ দিন ধৰি বাংলাদেশৰ বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ পিছত যাত্ৰা কৰিব অসম অভিমুখে।

অনুমান কৰানুসৰি অহা ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহৰ ফালে বাংলাদেশৰ পৰা চিলমাৰি হৈ প্ৰমোদতৰীখন প্ৰৱেশ কৰিব ধুবুৰীৰ বৰলুইতত। ইতিমধ্যে ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ বৈঠকত প্ৰমোদতৰীখনৰ পৰ্য্যটক আৰু নৌ কৰ্মীসকলৰ অভিবাসন (immigration)ৰ বিষয়টো লৈ দণ্ডাধিকাৰী বিভাগ (magistracy branch), ধুবুৰী আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াৰে জিলা উপায়ুক্ত দিৱাকৰ নাথে এক বৈঠকত মিলিত হোৱা বুলি প্ৰকাশ। উল্লেখ্য যে, দেশৰ পৰ্যটন ক্ষেত্ৰখনত নতুন দিগন্ত ৰচনা কৰি বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ বুলি আখ্যায়িত বাৰাণসীৰ পৰা যাত্ৰা কৰা সেই প্ৰমোদতৰীখনে ভাৰত আৰু চুবুৰীয়া বাংলাদেশৰ সৰ্বমুঠ ২৭ খনকৈ নদী প্ৰণালীৰে ৩,২০০ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ নদী পথ অতিক্ৰমি ডিব্ৰুগড়ত উপস্থিত হ’ব।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like