নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়াত দ্বিশতকৰ তালিকাত আৰু এজন ভাৰতীয়ঃ ১৪৯টা বলত দ্বিশতক শুভমন গিলৰ

নিয়মীয়া বাৰ্তা, ১৮জানুৱাৰী: আজিৰে পৰা নিউজিলেণ্ডৰ বিপক্ষে আৰম্ভ হৈছে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা৷ আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত শৃংখলাটোৰ প্ৰথমখন খেলত অ’পেনাৰ বেটছমেন শুভমন গিলে দ্বিশতৰাণ কৰে৷ শুবমান গিলে ১৪৯ বলত ২০৮ ৰান সংগ্ৰহ কৰি এক উৎকৃষ্ট ইনিংছ খেলিছিল। তেওঁ নিজৰ ইনিংছত ১৯টা চাৰি আৰু ৯টা ছয়ৰে এই দ্বিশতক অৰ্জন কৰে।

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত দ্বিশতক অৰ্জন কৰাৰ পিছত তেওঁ নিজৰ নামত কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়। ভাৰতৰ এদিনীয়া ইতিহাসত সৰ্বাধিক দ্ৰুততম এক হাজাৰ ৰান সম্পূৰ্ণ কৰা প্ৰথমজন বেটছমেন ৰূপে পৰগণিত হ’ল গিল।

You might also like