নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ  অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত নৱৰূপ জাতীয় বিদ্যাপীঠে বিশেষ ভুমিকা গ্ৰহণ কৰিছে। প্ৰতিষ্ঠা কালৰে পৰা অসমীয়া জাতীয় জীৱনলৈ সেৱা আগবঢ়ায় অহাৰ লগতে উঠি অহা প্ৰজন্মক আমাৰ চহকী সংস্কৃতিৰ ক্ষেত্ৰখনত বিচৰণ কৰিবলৈ সুবিধা প্ৰদান কৰি আহিছে। ই নিত্যান্তই আমাৰ জাতিটোৰ বাবে সুখৰ বতৰা।- এই মন্তব্য আগবঢ়ায় প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। নগাঁও চহৰৰ আমোলাপট্টি শিৱনগৰস্থিত অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ আজি ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিতি থাকি এই মন্তব্য প্ৰকাশ কৰে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে। তেওঁ আৰু কয়- বৰ্তমানৰ মাধ্যম বিতৰ্কৰ সময়খিনিত নৱৰূপ জাতীয় বিদ্যাপীঠৰ দৰে ৰাজ্য খনৰ জাতীয় বিদ্যালয় সমূহৰ ভুমিকা অতি প্ৰসংশনীয় । শিক্ষানুষ্ঠান খনৰ পতাকা উত্তোলন কৰি সমবেত আমন্ত্ৰিত অতিথি, অভিভাৱক- অভিভাৱিকা, বিদ্যালয় খনৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ উদ্দেশ্যে আগবঢ়োৱা ভাষণ প্ৰসংগত পৰিচালনা সমিতিৰ সভাপতি ড: কমল চন্দ্ৰ শইকীয়াই কয়- সময়ৰ লেখেৰে দুটা দশক এখন শিক্ষানুষ্ঠানে পাৰ হৈ অহাটো ইমান সহজ কথা নহয়। বিগত সময়খিনিত এই শিক্ষানুষ্ঠান তথা জ্ঞানৰ মন্দিৰৰ পৰা বহু শিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ নিজৰ মনে বিচৰা ক্ষেত্ৰখনত সংস্থাপিত হৈছে। বিগত সময়খিনিত শিক্ষাৰ্থী সকলক অসমীয়া ভাষা- সাহিত্য – সংস্কৃতি প্ৰতি আকৃষ্ট কৰিব পৰাটো আছিল নৱৰূপ জাতীয় বিদ্যাপীঠৰ অন্যতম সফলতা বুলি আমি বিশ্বাস কৰোঁ বুলিও ড: শইকীয়াই মন্তব্য প্ৰকাশ কৰে। শিক্ষানুষ্ঠান খনৰ পৰিচালনা সমিতিৰ সম্পাদক মুনীন্দ্ৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিৰ ইয়াৰ পাছতে বিদ্যালয় খনৰ প্ৰতিস্থাপক সভাপতি তথা বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত প্ৰদীপ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে নগাঁও উন্নয়ণ প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মাই। অনুষ্ঠানত সমাজকৰ্মী গনেশ বৰা,ৰঞ্জু দাস,দিলীপ লস্কৰ, প্ৰধান শিক্ষয়িত্ৰী নিভা শইকীয়াই, ৰেক্টৰ সংগীতা বৰুৱাকে ধৰি গণ্যমাণ্য ব্যক্তি সকল উপস্থিত থাকে।

You might also like