ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথৰ এচোৱা নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰিবলগীয়া মাটি-বাৰিৰ উচিত মূল্য প্ৰদানৰ দাৱীত আজি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সমীপৱৰ্তী ৰাজপথৰ একাষে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ হয়। উল্লেখ্য যে, নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলং সংলগ্ন চাৰিলেন যুক্ত ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ বাবে ধুবুৰীৰ মটেৰঝাৰ, বালাজান, বাণীয়ামৰি, ঢেপডেপি, কছাৰী হাট, কালাহাট, আদিকে ধৰি বিভিন্ন অঞ্চলৰ প্ৰায় তিনি সহস্ৰাধিক পৰিয়ালৰ মাটি অধিগ্ৰহণ কৰাৰ বাবে চৰকাৰে জাননী জাৰী কৰিছে। অধিগ্ৰহণ কৰা সেই ভূমিৰ মূল্য চৰকাৰে বিঘাই প্ৰতি ৩ লাখ টকা নিৰ্ধাৰিত কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে বহু মাটিৰ গৰাকীয়ে আৰু তেওঁলোকৰ ভূমিৰ বৰ্তমান বজাৰ মূল্য বিঘাই প্ৰতি ১৫ ৰ পৰা ২০ লাখ টকা বুলি দাবী সেইসকলৰ। ক্ষোভিত সেই মাটিৰ গৰাকীসকলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আজিৰ সেই অৱস্থান ধৰ্মঘটত অংশ লৈ এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আনকি ভূমিৰ উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হ’বলগীয়াৰ বাবে চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ একাংশ মণ্ডলকে দোষাৰোপ কৰা পোৱা যায় ক্ষুব্ধ একাংশই। অন্তত ধুবুৰী জিলা উপায়ুক্ত জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণেৰে আজিৰ সেই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ সমাপ্তি ঘটে।