নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুইজান প্ৰাথমিক স্বাস্থ্যকেন্দ্র উদ্বোধন বিধায়ক পোনাকণ বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: অসম চৰকাৰৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত নিৰ্মিত তিনিচুকীয়া জিলাৰ গুইজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আজি জিলা উপায়ুক্ত নৰসিং পৱাৰৰ উপস্থিতিত চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই শুভউদ্বোধন কৰে। এই উপলক্ষে জিলা স্বাস্থ্য সমিতি তিনিচুকীয়াৰ উদ্যোগত এখনি ৰাজহুৱা সভাৰো আয়োজন কৰা হয়। সভাৰ আঁতধৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আচঁনি বিষয়া নুৰ আহমেদে। সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় জিলা স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডাঃ গৌৰী শংকৰ গগৈয়ে। যুতীয়া সঞ্চালকগৰাকীয়ে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ জনকল্যাণমূলক আচঁনিসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে ৰোগ নিৰ্মূল তথা উন্নতমানৰ চিকিৎসা সেৱা আগবঢ়াবৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে লোৱা পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে। গৰ্ভৱতী মহিলা, নৱজাতক তথা প্ৰসূতি মাতৃৰ পৰিপুষ্টি আৰু সু-স্বাস্থ্যৰ বাবে যিখিনি সা-সুবিধা উপলব্ধ আছে সেই সমূহ সা-সুবিধা গ্ৰহণ কৰিবৰ বাবে ৰাইজক সচেতন হবলৈ আহ্বান জনায়। জিলা উপায়ুক্ত নৰসিং পৱাৰে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ নেতৃত্বত স্বাস্থ্যখণ্ডৰ অমূল পৰিৱৰ্তন সাধন হৈছে বুলি উল্লেখ কৰি আজিৰে পৰা মুকলি হোৱা গুইজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোয়ে স্থানীয় ৰাইজক যথেষ্ট উপকৃত কৰিব বুলিও বক্তব্য আগবঢ়ায়।

আনহাতে, সভাত উপস্থিত চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ ৰাজ্যৰ বিভিন্ন খণ্ডৰ লগতে স্বাস্থ্য খণ্ডলৈও অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে বুলি মন্তব্য কৰি আজিৰে পৰা শুভাৰম্ভ হোৱা এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ দ্বাৰা গুইজান এলেকাৰ চাহ বাগিচাৰ লগতে দাঁতি কাষৰীয়া গাওঁসমূহৰ বৃহৎ সংখ্যক ৰাইজ চিকিৎসাৰ ক্ষেত্রত উপকৃত হব বুলি উল্লেখ কৰে। অনতি পলমে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত আনুসাঙ্গিক সকলোধৰণৰ উন্নতমানৰ সা-সুবিধা লগতে পৰ্য্যাপ্ত চিকিৎসক, নাৰ্চ আদি উপলব্ধ কৰা হব বুলিও বিধায়ক পুনাকণ বৰুৱাই জানিবলৈ দিয়ে।

উল্লেযোগ্য যে, এক কোটি ১০ লাখ ৪০ হাজাৰ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছয়খন বিচনাযুক্ত এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত মহিলা আৰু পুৰুষৰ বাবে পৃথক কক্ষ থকাৰ লগতে প্ৰসৱ কক্ষ, নৱজাতকৰ যত্ন কক্ষ, এটা অপাৰেচন থিয়েটাৰ, এটা মাইন’ৰ অপাৰেচন থিয়েটাৰ, এটা পৰীক্ষাগাৰ আৰু ডিচপেনচাৰী আদিৰ ব্যৱস্থা কৰা হৈছে।

প্ৰেৰক:-বিবেক বড়া

You might also like