নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাৱেশৰ পূৰ্বে সেনা জোৱানৰ ৰূপ লৈ ৰেলীত প্ৰৱেশ কৰা এজন লোকক শনিবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বান্দ্ৰা-কুৰ্লা কমপ্লেক্স (BKC) গৈ পোৱাৰ ৯০ মিনিট পূৰ্বে নৱী মুম্বাইৰ ৩৫ বছৰীয়া যুৱকজনক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে অভিযুক্তই নিজকে সেনাৰ “গাৰ্ডছ ৰেজিমেণ্ট”ৰ নায়ক বুলি দাবী কৰি উচ্চ নিৰাপত্তাসম্পন্ন ভিআইপি এলেকাত প্ৰৱেশ কৰাৰ চেষ্টা চলায়।
ইফালে বিজ্ঞান শাখাৰ স্নাতক অভিযুক্ত ৰামেশ্বৰ মিশ্ৰক মুম্বাই অপৰাধ শাখাই বিয়লি প্ৰায় ৩ বজালৈকে ৰখাই থয়। মুম্বাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৭১, ৪৬৫, ৪৬৮, আৰু ৪৭১ ধাৰাত গোচৰ ৰুজু কৰি অপৰাধীক
শুকুৰবাৰে বান্দ্ৰা আদালতত হাজিৰ কৰে । আদালতে অভিযুক্তক ২৪ জানুৱাৰীলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
ইয়াৰ পূৰ্বে ১৯ জানুৱাৰীত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত প্ৰায় ৩৮,৮০০ কোটি টকাৰ উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুম্বাইত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰয়াসত প্ৰধানমন্ত্ৰীয়ে ২০খন বালাছাহেব থাকৰে আপলা দোৱাখানা উদ্বোধন কৰে। এই নতুন পদক্ষেপে স্বাস্থ্য পৰীক্ষা, ঔষধ, তদন্ত, আৰু নিদানৰ দৰে অত্যাৱশ্যকীয় চিকিৎসা সেৱা সম্পূৰ্ণ বিনামূলীয়াকৈ জনসাধাৰণক প্ৰদান কৰে।