নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূবৰ LACৰ সমীপত ভাৰতীয় বায়ুসেনাই অনুষ্ঠিত কৰিব “অনুশীলন প্ৰলয়”

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী: ৰঙা চীনৰ সৈতে সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ভাৰতীয় বায়ুসেনাই শীঘ্ৰে উত্তৰ-পূবৰ সীমান্তৰ সমীপত “অনুশীলন প্ৰলয়”(Exercise Pralay) আৰম্ভ কৰিব। উত্তৰ-পূবত শেহতীয়াকৈ স্থানান্তৰিত কৰা ড্ৰ’নস্কোৱাড্ৰনকে ধৰি উত্তৰ-পূবৰ সকলো বিমান ঘাটিকে সামৰি ল’ব এই “অনুশীলন প্ৰলয়”য়ে।

অহা কেইদিনমানৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া এই অনুশীলনটোৰ পূৰ্বে ভাৰতীয় বায়ুসেনাই অঞ্চলটোত এছ-৪০০এয়াৰ ডিফেন্স স্কোৱাড্ৰন নিয়োগ কৰি সক্ৰিয় কৰিছে। এই এছ-৪০০এয়াৰ ডিফেন্স স্কোৱাড্ৰনে ৪০০ কিলোমিটাৰ দূৰত্বৰ পৰা শত্ৰুৰ যিকোনো বিমান বা মিছাইলৰ বিৰুদ্ধে যুঁজিব পাৰে।

ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলৰ মতে, এই অনুশীলনত পৰিবহণ আৰু অন্যান্য বিমানৰ লগতে ৰাফেল, ছু-৩০ যুঁজাৰু বিমানে অংশ ল’ব।

মন কৰিবলগীয়া যে ডকলামৰ লগতে সীমান্ত অঞ্চলত চীনা আৰ্মীয়েও নিজৰ কাৰ্যকলাপ বৃদ্ধি কৰি আহিছে।

You might also like