‘অমানুহ’ প্রাণজিৎ দাস
- উৎপল মেনা
১৯৮৬–৮৭ নাট্যবর্ষ৷ আৱাহন থিয়েটাৰে মঞ্চস্থ কৰিছিল পাঁচখন নাটক৷ ড০ ভবেন্দ্র নাথ শইকীয়াৰ ‘অমৃত’, প্রফুল্ল বৰাৰ ‘ৰত্নদ্বীপ’, দুর্গেশ্বৰ বৰঠাকুৰৰ ‘জীৱন ড্রাইভাৰ’ আৰু ‘নিৰুদ্দেশ’ আৰু মহেন্দ্র বৰঠাকুৰৰ ‘অমানুহ’৷ ‘জীৱন ড্রাইভাৰ’ আছিল নাট্য দলটোৰ ১৯৮৫–৮৬ নাট্যবর্ষৰ নাটক৷ মূল চৰিত্রটোত অভিনয় কৰিছিল বিজু ফুকনে৷ মোৰ ভালদৰেই মনত আছে– মঞ্চত অভিনয়ৰ বাবে বিজু ফুকনে (স্থান ঃ বেলশৰ) যেতিয়া প্রৱেশ কৰিছিল, সংলাপ কোৱাৰ আগতেই দর্শকে থিয় হৈ হাত চাপৰিৰে সম্ভাষণ জনাইছিল৷ আজিৰ তাৰিখত ‘গ্লেমাৰ গ্লেমাৰ’ অত্যাচাৰৰ সময়ত ক’বলৈ মন যায়– বিজু ফুকন সেই ‘গ্লেমাৰ’ৰহে ‘গ্লেমাৰ’৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ‘জীৱন ড্রাইভাৰ’ৰ নাটক ‘চাকনৈয়া’ৰে ৰূপ৷ ‘চাকনৈয়া’ নামেৰে শৈল বৰুৱাই অসমীয়া চিনেমা এখনো পৰিচালনা কৰিছিল৷ জ্ঞানদা কাকতি, তুলসী দাস, বীণা বৰুৱা, সর্বেশ্বৰ চক্রৱর্তী আদিয়ে৷ চিত্রগৃহলৈ আহিছিল ৪ ছেপ্ঢেম্বৰ, ১৯৪৯ চনত৷ পৰৱর্তী সময়ত ‘জীৱন ড্রাইভাৰ’ক ৰূপালী পর্দাৰ বাবে পৰিচালনা কৰিছিল ‘ভাই ভাই’ নামেৰে৷ চিনেমাখন চিত্রগৃহলৈ আহিছিল ১৩ জানুৱাৰী ১৯৮৯ত৷ স্বাভাৱিকতে ১৯৮৬–৮৭ নাট্যবর্ষত ‘জীৱন ড্রাইভাৰ’ক দর্শকে গুৰুত্ব দিয়া নাছিল৷ সেই নাট্যবর্ষত দর্শকে বিশেষভাৱে গুৰুত্ব দিয়া নাটকখন আছিল– ‘অমানুহ’৷ এখন বাংলা চিনেমাৰ আধাৰত নাটকখন ৰচনা কৰা হৈছিল৷ সম্ভৱতঃ চিনেমাখনৰ নাম আছিল– ‘অমানুষ’৷ হিন্দী ভাষাতো নির্মাণ হৈছিল৷ পৰিচালনা– শক্তি সমান্তৰ৷ মূল চৰিত্রত অভিনয় কৰিছিল উত্তম কুমাৰ–শর্মিলা ঠাকুৰে৷ ১৫৩ মিনিটৰ চিনেমাখন চিত্রগৃহলৈ আহিছিল ২১ মার্চ, ১৯৭৫ চনত৷ চিনেমা দুখনৰ চিত্রনাট্য ৰচনা কৰা হৈছিল শক্তিপদ ৰায় গুৰুৰ বাংলা উপন্যাসৰ আধাৰত৷ ‘অমানুষ’ মই চোৱা নাই চোৱাসকলৰ মতে উত্তম কুমাৰে যিটো চৰিত্রত অভিনয় কৰিছিল, ‘অমানুহ’ত সেই চৰিত্রটোত অভিনয় কৰিছিল– প্রাণজিৎ দাসে৷ –সেই ‘চৰিত্র’টোৱে ‘চৰিত্র’টোত কৰা অভিনয়ৰে ‘দর্শক’ৰ আমাৰ মনৰ মাজত সোমাই পৰিছিল প্রাণজিৎ৷
আৱাহনতে প্রাণজিৎ দাসৰ অভিনয় চাইছিলোঁ লক্ষ্যধৰ চৌধুৰীৰ নাটক ‘ভগৱান শ্রীকৃষ্ণ’, ‘জীৱন ড্রাইভাৰ’ আদিত৷ কিন্তু সেই অভিনয়ে বিশেষভাৱে আকর্ষণ কৰা নাছিল৷ ‘অমানুহ’ৰ অভিনয় চোৱাৰ পাছতহে অভিনেতাগৰাকীৰ সৈতে কথা পতাৰ তাগিদা অনুভৱ কৰিছিলোঁ৷ অভিনেতাগৰাকীয়ে কৈছিল– ‘মোৰ বাবে কোনো বিশেষ চৰিত্র নাই৷ প্রতিটো চৰিত্রই বিশেষ৷ চৰিত্রই যেনেধৰণে বিচাৰে, তেনেধৰণে অভিনয় কৰি যাওঁ৷ কেতিয়াবা কোনো চৰিত্রত কৰা অভিনয়ৰ বাবে দর্শকে বেছি প্রশংসা কৰে, কেতিয়াবা দর্শকে অসন্তুষ্ট হৈ গালি পাৰে৷ প্রশংসা আৰু গালি– এই দুয়োটাই মোৰ বাবে বঁটা৷ এই যে বিভিন্ন বঁটা দিয়া হয়, শ্রেষ্ঠ অভিনেতাৰ ইত্যাদি, সেইবোৰ বঁটাতকৈ দর্শকে কৰা প্রশংসা বা গালি মোৰ বাবে ডাঙৰ৷ গুৰুত্বপূর্ণ৷… কেতিয়াবা এনেকুৱা হয়, চৰিত্রটোত অভিনয় কৰি মই সাংঘাতিক সন্তুষ্ট হৈছোঁ৷ যিগৰাকীয়ে চৰিত্রটো ৰচনা বা নির্মাণ কৰিছে, সেইগৰাকী নাট্যকাৰ বা পৰিচালকো সন্তুষ্ট হৈছে৷ কিন্তু দর্শক সন্তুষ্ট হোৱা নাই৷ কেতিয়াবা বিপৰীত হয়৷ এই যে তুমি ‘অমানুহ’ৰ অভিনয়ৰ কথা ক’লা, এই চৰিত্রটো আকৌ কেইবাগৰাকীও নাট্যৰসিকে ভাল পোৱা নাই৷ অভিনয় এনেকুৱাই৷’