চলিত বর্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশঃ অসমত এবছৰৰ ব্যৱধানতে ভোটাৰৰ সংখ্যা ৪,০০,৯০৯জন বৃদ্ধি
- ১২৬ বিধানসভা সমষ্টিত গণতান্ত্রিক অধিকাৰ সাব্যস্তৰ যোগ্যতা অর্জনকাৰীৰ মুঠ সংখ্যা ২,৪১,১১,৭৪৩জন
- পুৰুষৰ তুলনাত বাঢ়িল মহিলা ভোটাৰ
- ১৮–১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা ৪,০১,৫৭১
- প্রতি হাজাৰ লোকৰ বিপৰীতে ভোটাৰ হ’লগৈ ৬৩৮জন
নিয়মীয়া বার্তা, ২৮ জানুৱাৰী: এবছৰৰ ব্যৱধানতে অসমত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ৪,০০,৯০৯জন৷ ভাৰতৰ নির্বাচন আয়োগৰ নির্দেশমর্মে অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ বিপৰীতে আজি প্রকাশ কৰা ২০২৩ বর্ষৰ চূড়ান্ত ভোটাৰ তালিকাত স্পষ্ট হৈছে এই কথা৷ প্রতিবছৰে এখন ত্রুটিমুক্ত ভোটাৰ তালিকা প্রস্তুত আৰু নতুন ভোটাৰসকলৰ নাম পঞ্জীয়নৰ বাবে সমগ্র দেশতে বিশেষ সংক্ষিপ্ত সংশোধনী প্রক্রিয়া গ্রহণ কৰা হয়৷ এই প্রক্রিয়াটো সমাপ্ত হোৱাৰ পাছত আজি চলিত বর্ষৰ বাবে অসমৰ চূড়ান্ত ভোটাৰ তালিকাখন প্রকাশ কৰা হৈছে৷ প্রকাশিত চূড়ান্ত ভোটাৰ তালিকাৰ তথ্য অনুসৰি ১২৬টা বিধানসভা সমষ্টিত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ যোগ্যতা অর্জনকাৰী মুঠ নাগৰিকৰ সংখ্যা যোৱা ১ জানুৱাৰীত হৈছেগৈ ২,৪১,১১,৭৪৩জন৷ ইয়াৰে ১,২১,২৮,৫৪৩জন পুৰুষ আৰু ১,১৯,৮২,৮০৪গৰাকী মহিলা হোৱাৰ বিপৰীতে ৩৯৬গৰাকী হ’ল তৃতীয় লিংগৰ৷ উল্লেখ্য যে ২০২২ বর্ষৰ চূড়ান্ত ভোটাৰ তালিকাখন প্রকাশ পাইছিল একেটা বছৰৰ ৫ জানুৱাৰীত, য’ত মুঠ ২,৩৭,১০,৮৩৪জন ভোটাৰৰ নাম অন্তর্ভুক্ত হৈছিল৷ সেই হিচাপত ২০২৩ বর্ষৰ ভোটাৰ তালিকাত অন্তর্ভুক্তিৰ সংখ্যা ৪,০০,৯০৯জন বাঢ়িছে৷ লক্ষণীয়ভাৱে এই সময়ছোৱাৰ ভিতৰত পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে৷ ২০২২ বর্ষৰ চূড়ান্ত ভোটাৰ তালিকাত পুৰুষ আৰু মহিলাৰ সংখ্যা আছিল ক্রমে ১,১৯,৫৬,২১১জন আৰু ১,১৭,৫৪,২২২গৰাকী৷ কিন্তু আজি প্রকাশিত ২০২৩ বর্ষৰ চূড়ান্ত ভোটাৰ তালিকাত এই সংখ্যা ক্রমে ১,২১,২৮,৫৪৩জন আৰু ১,১৯,৮২,৮০৪গৰাকীলৈ বৃদ্ধি পাইছে৷ অর্থাৎ পুৰুষ ভোটাৰ ১,৭২,৩৩২জন আৰু মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি হ’ল ২,২৮,৫৮২গৰাকী৷ সেইদৰে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যাও হ্রাস পাইছে৷ কিয়নো ২০২২ বর্ষত তৃতীয় লিংগৰ ভোটাৰ ৪০১গৰাকী থকাৰ বিপৰীতে ২০২৩ বর্ষত এই সংখ্যা হৈছে ৩৯৬গৰাকী৷ প্রকাশিত চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট তথ্য অনুসৰি ৰাজ্যত প্রতি এহাজাৰ লোকৰ বিপৰীতে ভোটাৰৰ সংখ্যা হৈছে ৬৩৮জন৷ সেইদৰে প্রতি এহাজাৰ পুৰুষ ভোটাৰৰ বিপৰীতে অসমত এতিয়া মহিলা ভোটাৰৰ সংখ্যা হ’ল ৯৮৮গৰাকী৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা ৯ নৱেম্বৰত ২০২৩ বর্ষৰ ভোটাৰ তালিকাৰ বাবে সংহত খচৰা প্রকাশ পাইছিল, য’ত ২,৩৮,৫১,১৯৬জন ভোটাৰৰ নাম অন্তর্ভুক্ত হৈছিল৷ কিন্তু পৰিসংখ্যাৰ ফালৰ পৰা চালে এই কথা স্পষ্ট হয় যে সংহত খচৰাৰ তুলনাত চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱা নাগৰিকৰ সংখ্যা যথেষ্ঠ বৃদ্ধি হৈছে৷ কাৰণ চূড়ান্ত ভোটাৰ তালিকাত অন্তর্ভুক্ত হৈছে ২,৪১,১১,৭৪৩জনৰ নাম৷ স্বাভাৱিকতে সংহত খচৰাৰ তুলনাত প্রতি এহাজাৰ লোকৰ বিপৰীতে ভোটাৰৰ সংখ্যা আৰু প্রতি এহাজাৰ পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যাও বাঢ়িছে৷ সংহত খচৰাত প্রতি এহাজাৰ লোকৰ বিপৰীতে ভোটাৰৰ সংখ্যা আছিল ৬৩২জন আৰু প্রতি এহাজাৰ পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা আছিল ৯৮৬গৰাকী৷ তদুপৰি আজি প্রকাশিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যত ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ভিতৰত নতুন ভোটাৰৰ সংখ্যা হৈছে ৪,০১,৫৭১জন৷ একেদৰে ৮০ বছৰ ঊর্ধ্বৰ ভোটাৰৰ সংখ্যা হ’ল ৩,১১,০৩২জন৷ মুঠ ভোটাৰৰ ভিতৰৰ ১,৬৯,৫৭৩জন বিশেষভাৱে সক্ষম৷ ইয়াৰে ৮৬,১০৫জন পুৰুষ হোৱাৰ বিপৰীতে ৮৩,৪৫৮গৰাকী মহিলা আৰু ১০গৰাকী তৃতীয় লিংগৰ৷ ৰাজ্যত ৬৩,৯৭৯জন পুৰুষ আৰু ১,৭৩৭গৰাকী মহিলাসহ মুঠ ৬৫,৭১৬জন ছার্ভিচ ভোটাৰ আছে৷ স্মর্তব্য যে যোৱা ৯ নৱেম্বৰত সংহত খচৰা ভোটাৰ তালিকা প্রকাশ পোৱাৰ পাছত সেইদিনাৰ পৰা ৮ ডিচেম্বৰলৈ দাবী আৰু আপত্তি গ্রহণ কৰা হৈছিল৷ ইয়াৰ পাছত সেই দাবী আৰু আপত্তিসমূহ যোৱা ১০ জানুৱাৰীৰ ভিতৰত নিষ্পত্তি কৰি আজি প্রকাশ কৰা হয় ২০২৩ বর্ষৰ ভোটাৰ তালিকাখন৷