নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ আৰক্ষীৰ বৃহৎ সফলতাঃ ৰাইজক আতংকিত কৰা সাত দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

পাঠশালাৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা আটক ডকাইতৰ দলটো

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ বজালীৰ লগতে ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিন ধৰি নিদ্ৰা হৰণ কৰি অহা এটি সাতজনীয়া বৃহৎ ডকাইতৰ দল আটক কৰিবলৈ সক্ষম হৈছে বজালী জিলা আৰক্ষীৰ অন্তৰ্গত পাটাছাৰকুছি আৰু পাঠশালা আৰক্ষীয়ে৷ পাটাছাৰকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যোতি পাটিৰী আৰু পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত এটি আৰক্ষীৰ দলে যোৱা নিশা এখন বলেৰো গাড়ী সহ পাঠশালাৰ ২৭ নং ৰাষ্টীয় ঘাই পথত ডকাইতৰ দলটোক কৰায়ত্ত কৰে৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু কেইটা এ টি এম চুৰি কাৰ্যত জড়িত থকা ডকাইতৰ দলটোৱে চহৰ আলি নামৰ দুৰ্ধৰ্ষ ডকাইতটোৰ নেতৃত্বত চলাই আহিছিল সন্ত্ৰাস। ধৃত ডকাইত কেইজন হৈছে ক্ৰমে দলোপথাৰৰ চহৰ আলী, ঘগ্ৰাপাৰ চটোআইলাৰ বাবুল খান, বৰবিল্লা, জামালপুৰৰ শুকুৰ আলী, ঘগ্ৰাপাৰৰ জাকিৰ আলী আৰু মনোৱাৰ হুছেইন, বৰবিল্লা তামুলপুৰৰ জুলহাজ আলী আৰু ফইজুল হক৷ বজালী, বৰপেটা, নলবাৰীত এটিএম ডকাইতি কাৰ্যৰ পৰিকল্পনা কৰি থকাৰ সময়ত নিশা পাঠশালাৰ ৰাষ্ট্ৰীয় ঘাইপথত এএছ ০১ এফ এইচ ৩৭৬৭ নম্বৰৰ বলেৰো গাড়ী সহ বজালী আৰক্ষীয়ে আটক কৰে ডকাইত কেইজনক৷ আৰক্ষীয়ে আটকাধীন ডকাইত কেইজনক সম্প্ৰতি পাটাছাৰকুছি আৰক্ষী থানাত জেৰা চলাই আছে৷ আৰক্ষীৰ জেৰাত অধিক তথ্য পোহৰলৈ অহাৰ লগতে আন বহু কেইজন অপৰাধী ধৰা পৰাৰ সম্ভাৱনা আৰক্ষীয়ে ব্যক্ত কৰিছে৷

 

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like