নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিফল বিধায়ক উৎপল বৰা! গহপুৰৰ ডুবিয়াত ৰাইজে নিৰ্মাণ কৰিলে ভগ্ন পথ

  • বিধায়ক উৎপল বৰাই পৰিদৰ্শন কৰাৰ পাছতো নিৰ্মিত নহ’ল পথ
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ গহপুুুৰ মহকুমাৰ পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ডুবিয়া বড়িগাঁৱৰ ফৰেষ্ট ৰোডটিৰ ভগ্ন অংশ অৱশেষত ৰাইজে মেৰামতি কৰিব লগা হয়। যোৱা বাৰিষাত পথৰ কাষেৰে বৈ যোৱা চালিয়া নৈৰ বাঢ়নী পানীয়ে পথটোৰ কেইবাঠাইতো ছিঙি নিয়াৰ ফলত যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজ দুৰ্ভোগ ভুগি আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। পূব ডুবিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী এই গুৰুত্বপূৰ্ণ পথটিৰ সৈতে কেইবাখনো গাঁও সংযুক্ত হৈ আছে। ইয়াৰ উপৰিও উত্তৰ ডুবিয়া প্ৰাথমিক বিদ্যালয় আৰু পূব ডুবিয়া উচ্চ ইংৰাজী বিদ্যালয়ৰ অধিকাংশ ছাত্ৰ-ছাত্ৰী এই পথেৰে অহা-যোৱা কৰিবলগীয়া হয়। কেইবাঠাইতো ছিঙি নিয়া পথটিৰ এটি বিশেষ অংশ অলপতে স্থানীয় ৰাইজে নিজেই মেৰামতি কৰি যাতায়াতৰ সুচলাৱস্থা কৰি লয়। উল্লেখ্য যে এইক্ষেত্ৰত পূব ডুবিয়া গাঁও পঞ্চায়তৰ সভাপতি গৰাকীয়ে এখন টেক্টৰ দিনটোত মাটি কঢ়িওৱাৰ বাবে দিয়াৰ বিপৰীতে অঞ্চলটোৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে তেওঁৰ ঘৰত থকা অলাগতীয়াল ভগ্ন ৱালৰ ইটাৰ টুকুৰা, শিল আদি নৈয়ে ছিঙা পথত ব্যৱহাৰ কৰিবলৈ দান দিয়ে। ইফালে বাঢ়নী নৈয়ে ছিঙা পথটিৰ বিষয়ে কিছু দিনৰ পূৰ্বে ‘নিয়মীয়া বাৰ্তা’ত সংবাদ পৰিৱেশন কৰাৰ পাছত স্থানীয় বিধায়ক উৎপল বৰাই ভগ্ন পথটি পৰিদৰ্শন কৰি শীঘ্ৰেই মেৰামতি কৰি যাতায়াতৰ সুচলাৱস্থা কৰি দিয়াৰ কথা সাংবাদিকৰ উপস্থিতিত স্থানীয় ৰাইজৰ আগত অৱগত কৰে যদিও আজিও ভগ্ন পথটি মেৰামতি কৰা নহ’ল। আচাৰ্যৰ কথা যে ১৫ নং ঘাইপথৰ লগত সংযুক্ত অতি পুৰণি পথটিৰ সৈতে কেইবাখনো গাঁও সংযুক্ত যদিও প্ৰায় ১৫ বছৰ ধৰি পথটিৰে চাৰিচকীয়া বাহন চলাচল কৰিব পৰা ব্যৱস্থা নহ’ল। অতি শীঘ্ৰেই পথটি যাতায়াতৰ সু-ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে বিধায়ক উৎপল বৰাক আবেদন জনাইছে।
You might also like