পাঠশালাত ড৹ ভূপেন্দ্ৰ তালুকদাৰৰ দুখনকৈ শিশু গ্ৰন্থ উন্মোচন
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ গ্ৰন্থ এখন উন্মোচন হোৱা মানে বীজ অংকুৰিত হোৱা৷ এই বীজ এদিন অংকুৰিত হৈ বটবৃক্ষত পৰিণত হয়৷ এই মন্তব্য অসমীয়া খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসৰ৷ আজি পাঠশালাস্থিত প্ৰগতি সংঘৰ বাকৰিত পাঠশালা প্ৰেছ ক্লাৱৰ উদ্যোগত অৱসৰী অধ্যাপক, লেখক ড০ ভূপেন্দ্ৰ তালুকদাৰৰ দ্বাৰা ৰচিত শিশু গ্ৰন্থ “ৰং ৰং নানা ৰং” উন্মোচন কৰি দাসে ভাষণ প্ৰসংগত আৰু কয় যে বৰ্তমান শিক্ষিত মানুহৰ অভাব নাই যদিও সম্প্ৰতি আত্মবিশ্বাসৰ অভাব ঘটিছে৷ আজিৰ লৰা ছোৱালীয়ে পঢ়াৰ ক্ষেত্ৰত টেনচন টেনচন কয় যদিও পঢ়াটো সকলোৰে বাবে আনন্দদায়ক হব লাগে৷ দাসে ভাষণ প্ৰসংগত ১৯৫৫ চনতে সাহিত্য একাডেমি সৃষ্টি হ’ল যদিও আজিলৈ ভ্ৰাম্যমাণ নাট্যজগতৰ কিয় এখনো নাটকে সাহিত্য একাডেমি বঁটা পাবলৈ সক্ষম হোৱা নাই সেই সন্দৰ্ভত মন্তব্য কৰি এয়া এক চিন্তাৰ বিষয় বুলি অভিহিত কৰে৷ উল্লেখযোগ্যযে ভ্ৰাম্যমাণ থিয়েটাৰৰ মহীৰূহ ৰতন লহকৰৰ আজি মৃত্য দিৱসো পাঠশালা প্ৰেছ ক্লাৱে পালন কৰে৷ এই উপলক্ষে পাঠশালা প্ৰগতি সংঘৰ বাকৰিত থকা মহীৰূহগৰাকীৰ স্মৃতিসৌধত বন্তি প্ৰজ্বলন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক কনক দাসে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে অসম সৌৰভ বঁটা প্ৰাপক কৃষ্ণ ৰয়ে৷ ইয়াৰ পাছতে বিশিষ্ট নিৱন্ধকাৰ তথা পাঠশালা প্ৰেছ ক্লাৱৰ সভাপতি পুলু কুমাৰ শৰ্মাৰ সভাপতিত্বত সহকাৰী সম্পাদক অখিল কাকতিয়ে আঁত ধৰা আৰু সম্পাদক ৰঞ্জিত দাসে উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী সভাত অৱসৰী অধ্যাপক ড০ তালুকদাৰৰ আন এখন শিশু গ্ৰন্থ “জ্যোতিৰ আঁৰে আঁৰে” উন্মোচন কৰি বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে গ্ৰন্থৰ লিখক ড০ ভূপেন্দ্ৰ তালুকদাৰক অভিনন্দন জ্ঞাপন কৰাৰ লগতে শিশু গ্ৰন্থই শিশুসকলৰ মনত এক আনন্দৰ সৃষ্টি কৰে বুলি উল্লেখ কৰি শিশুক অধিকাৰ দিয়াটো প্ৰতিগৰাকী অভিভাৱকৰে দায়িত্ব বুলি মন্তব্য কৰে৷ শিক্ষা বিষয়া দাসে শিশু মনটোৱে যিধৰণে বিচাৰিছে সেইধৰণে এৰি দিয়াৰ লগতে শিশুৰ পঢ়াৰ পৰিবেশ গঢ়ি তুলিবলৈও সকলোকে আহ্বান জনাই আত্মবিশ্লেষণ, আত্মসমালোচনাৰে সমাজ এখনক আগুৱাই নিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ পাঠশালা প্ৰেছ ক্লাৱৰ উপদেষ্টা কৈলাস চৌধুৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা আৰু প্ৰাক্তন সম্পাদক হীৰেন কলিতা, সদস্য বনজিৎ পাটগিৰী, ৰূপম মেধি, মৃদুল পাঠক, তাপস ঘোষৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি সাহিত্যিক পেঞ্চনাৰ ধীৰেন তালুকদাৰে ভাষণ প্ৰসংগত গ্ৰন্থ এখন যেতিয়া সৃষ্টি হয় সেই সৃষ্টি যুগমীয়া হৈ ৰয় বুলি উল্লেখ কৰি লেখক এজনে সাহিত্য সৃষ্টি নিজস্ব অনুভূতিৰে কৰে বুলি মন্তব্য কৰে৷ অনুষ্ঠানত শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়েও ভাষণ প্ৰদান কৰাৰ লগতে শিক্ষাবিদ মূৰাৰীমোহন দত্ত, কৰুণামোহন শৰ্মা, হেমচন্দ্ৰ হালৈ, কনক দাস, সনাতন কাকতি, অসম সোৰভ বঁটা প্ৰাপক কৃষ্ণ ৰয়, পাঠশালা পৌৰ সভাৰ পৌৰপতি জলি চৌধুৰী, জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত শালৈ, অগপ নেতা জিন্টু চৌধুৰী, ছাত্ৰ নেতা বিজন বায়ন, লক্ষেশ্বৰ দাস আদিকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ সভাৰ অন্তত শলাগ জ্ঞাপন কৰে তুতুল মানৱে৷
প্ৰেৰকঃ কল্যাণ কলিতা