নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ নিয়মীয়া বার্তা’ৰ বাতৰিৰ পিছতহে যেন গা লৰিল গড়কাপ্ঢানী বিভাগ তথা প্রশাসনৰ৷ উল্লেখ্য যে নাৰেংগীৰ পৰা বোন্দাপর্যন্ত ফৰলেনযুক্ত মূল গড়কাপ্ঢানী পথটো আজিৰ পৰা প্রায় ৫ মাহ পূর্বে নির্মাণ কৰিছিল জয়ন্তী কনষ্ট্রাকচন নামৰ ঠিকাদাৰ প্রতিষ্ঠানটোৱে৷ নির্মাণৰ কেইমাহমান পিছতে পথটোৰ বহু স্থানত কার্পেটিং উখহি উঠাৰ উপৰি বোন্দাত পথৰ মাজতে এটা দ গাঁতৰ সৃষ্টি হয়৷ পুখুৰী সদৃশ গাঁতটো ক্রমান্বয়ে বৃহৎ ৰূপ লয় যদিও আশ্চর্যকৰভাৱে মেৰামতি নকৰাত যাতায়াতৰ ক্ষেত্রত বিপজ্জনক হৈ পৰে৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত এই সন্দর্ভত অলপতে ‘নিয়মীয়া বার্তা’ত সবিস্তাৰে বাতৰি প্রকাশ হয়৷ নির্মাণ কার্যত নিম্নমানৰ আৰু ব্যাপক অনিয়ম হোৱাৰ কথা প্রকাশিত বাতৰিটোৰ পিছতে কালি সংশ্লিষ্ট ঠিকাদাৰ পক্ষই গাঁতটো মেৰামতি কৰাত লাগি পৰে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে নির্দিষ্ট গাঁতটোৰ তলত হাউছিং কলনীলৈ পানী যোগান ধৰা পাইপডাল ফুটি আছে৷ পথটো নির্মাণৰ সময়ত পাইপডাল মেৰামতি নকৰা বাবে গাঁতৰ সৃষ্টি হৈছিল৷ এইবাৰো পাইপডাল মেৰামতি অবিহনে পথটো মেৰামতি কৰে যদিও পুনৰ ভাঙি যোৱাৰ সম্ভাৱনীয়তাৰ কথা প্রকাশ কৰিছে ৰাইজে৷