নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ত জি-২০ সন্মিলনৰ সজাগতা সন্দৰ্ভত চাইকেল ৰেলী

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ চলিত বৰ্ষত নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হব লগা জি ২০ শীৰ্ষক সন্মিলন উপলক্ষে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ উল্লেখ্য যে অসমত জি ২০ শীৰ্ষক সন্মিলন সম্পৰ্কত ৫খন সভা অনুষ্ঠিত কৰা হব৷ জি২০ শীৰ্ষক সন্মিলনৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা এটা চাইকেল ৰেলীৰ আয়োজন কৰা হয়৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাস আৰু বজালী মহকুমা প্ৰশাসনৰ জেষ্ঠ প্ৰশাসনিক বিষয়া তথা প্ৰাক্তন উপায়ুক্ত কাবেৰী বি শৰ্মাই চাইকেল ৰেলীৰ শুভ উদ্বোধন কৰে৷ সমগ্ৰ বজালী অঞ্চলকে সামৰি লোৱা এই ৰেলীৰ জৰিয়তে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকো জি ২০ৰ বিষয়ে সজাগ কৰিবলৈ এখন সভাৰ আয়োজন কৰা হয়৷ এই সভাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা ভাৰপ্ৰাপ্ত ছাত্ৰ কল্যাণ সঞ্চালক ড° পৰাগ বৰ্মনে ছাত্ৰ – ছাত্ৰীক G20 -Y-20ৰ উদ্দেশ্য, কাৰ্যাৱলী আৰু ভাৰতৰ ভূমিকাৰ বিষয়ে অৱগত কৰে৷ আনহাতে ৩১ জানুৱাৰীত Role of Health, Wellbeing and Sports in Development of Youth শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত কৰা হব। কৰ্মশালা উদ্বোধন কৰিব ভট্টদেৱ বিশ্ববিদ্যালৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক মনোজ কুমাৰ দাসে। ভাৰতীয় তৈল বিভাগৰ স্পোৰ্টচ মেনেজমেণ্ট প্ৰফেচনেল ভাৰ্গব দেৱ চৌধুৰী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব লগীয়া কৰ্মশালা উদ্বোধন কৰিব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° সুভাষ দাসে। কৰ্মশালাৰ পিছতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত G-20 বিষয়ৰ ওপৰত এখন কুইজ প্ৰতিযোগিতাও অনুস্থিত কৰা হব। ১ ফেব্ৰুৱাৰীত সদনৰ মতে “ভাৰত চৰকাৰৰ এখন জিলা এবিধ উৎপাদন নীতিয়ে গ্ৰামাঞ্চলৰ পৰা চহৰাঞ্চললৈ হোৱা প্ৰব্ৰজন বিপৰীত মূখী হব ” বিষয়ক এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব। ২ ফেব্ৰুৱাৰীত “Creation of entrepreneurial mindset among the youth will help to convert job seekers to self employed, entrepreneurs and job creators” শীৰ্ষক এখন আলোচনাচক্ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হব। আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভ্ৰমণ ব্যৱস্থাপনা বিভাগৰ মূৰব্বী অধ্যাপক অৰিন্দম তালুকদাৰে।

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like