ঠিকাদাৰৰ কাণ্ডত ক্ষুব্ধ ৰাইজঃ চন্দ্রপুৰত উত্তপ্ত পৰিস্থিতি
১০ লাখ টকীয়া পথ নির্মাণত ব্যাপক দুর্নীতিৰ অভিযোগ
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ চন্দ্রপুৰ গাঁও পঞ্চায়ত এলেকাৰ ২নং চন্দ্রপুৰ গাঁৱৰ এটি দহ লাখ টকীয়া পথ নির্মাণক কেন্দ্র কৰি ঠিকাদাৰ বিজেপি কর্মী আৰু ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ জানিব পৰা মতে, নাৰেংগী–চন্দ্রপুৰ সংযোগী ঘাইপথৰ পৰা ২নং চন্দ্রপুৰ গাঁৱলৈ যোৱা মুখ্য পথটো চতুর্দশ বিত্তীয় আয়োগৰ অধীনত ২০১৭–১৮ বিত্তীয় আয়োগৰ প্রথম কিস্তিৰ ১০ লাখ টকা ব্যয় সাপেক্ষে পথটোৰ নির্মাণ কাম চলি আছে৷ কিন্তু ৰাইজৰ অভিযোগ যে ঠিকাদাৰ বিজেপি কর্মী ভৰত দাসে মইমতালিৰে অতি নিম্নমানৰ সামগ্রী আৰু কামেৰে পথটোৰ নির্মাণৰ কাম কৰি আছে৷ যাৰ ফলত পথটোৰ নির্মাণৰ কাম চলি থকাৰ মাজতে পথটো চপৰা চপৰে উখহি পৰিছে৷ এই সন্দর্ভত স্থানীয় ৰাইজে ঠিকাদাৰ ভৰত দাসক অভিযোগ দিয়াত ওলোটাকৈ ভৰতে ৰাইজক দুর্ব্যৱহাৰ কৰে৷ আৰু আমি বিজেপিৰ মানুহ, গতিকে আমাৰ যেনেকৈ মন যায় তেনেকৈ কাম কৰি যাম বুলি দম্ভালি মাৰে৷ ভৰতৰ এনেবোৰ কথাত অঞ্চলবাসী ক্ষুব্ধ হৈ পৰে আৰু বুধবাৰে পথটোৰ কাম চাবলৈ যোৱাৰ সময়ত স্থানীয় ৰাইজে ভৰত দাসক আগভেটি ধৰে আৰু এক তর্কতর্কিৰ মাজেৰে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ ৰাইজে পথটোৰ নির্মাণৰ কাম বন্ধ কৰিছে৷ যেতিয়ালৈকে ঠিকাদাৰ পক্ষই বিভাগীয় নিয়ম মতে পুনৰ পথটো নির্মাণ নকৰে, তেতিয়ালৈ কাম বন্ধ থকাৰ হুংকাৰ দিছে৷ ৰাইজৰ অভিযোগ যে পথটো ব্লক বহুওৱাৰ পূর্বে তলত পর্যাপ্ত পৰিমাণৰ শিল–বালি মিশ্রণ পেলাই ৰুলাৰ মাৰি পথটো ব্লক পৰাৰ উপযোগী কৰি তুলিব লাগিছিল যদিও ঠিকাদাৰ তথা বিধায়ক অতুল বৰাৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া ভৰত দাসে শিল–বালিৰ মিশ্রণ অতি নিম্নমানৰ কৰিছে আৰু মাত্র আধা ঘণ্টা মানহে পথটোত ৰুলাৰ মাৰিছে৷ গতিকে এনে কার্যৰ পৰা স্পষ্ট হয় যে ঠিকাদাৰ ভৰত দাসে আঁচনিখনৰ ধন আত্মসাৎ কৰাৰ চেষ্টা চলাইছে৷