নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যনিৰ্বাহক সভা 

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰী – ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন যুৱ ছাত্ৰ সন্মিলনীৰ কামৰূপ জিলাৰ বকো আঞ্চলিক সমিতিৰ দ্বাদশ দ্বি বাৰ্ষিক অধিৱেশন উপলক্ষে আজি অনুষ্ঠিত হয় শেষৰ খন কাৰ্য্যনিৰ্বাহক সভা। দিনৰ দুই বজাত বকোস্থিত চিলাৰায় ভৱনত সভাপতি বিষ্ণু ৰাম দাসৰ পৌৰহিত্যত অনুষ্ঠিত হয় সভা খন। সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আত ধৰে সংগঠনটোৰ সম্পাদক বিপুল তালুকদাৰে। সভাত বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ২০২০/২০২২ বৰ্ষৰ দুই বছৰীয়া কাৰ্য্যকালৰ সম্পাদকীয় প্ৰতিবেদন ; বাৰ্ষিক হিচাপ নিকাচৰ প্ৰতিবেদন তথা অন্যান্য বিষয় সমূহৰ ওপৰত আলোচনা কৰি প্ৰতিবেদন গৃহীত কৰা হয়। সভাত সমাগত চিলাৰায় দিৱসৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা সন্দৰ্ভত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰি চিলাৰায় দিৱসৰ কাৰ্য্যসূচীত সকলোৰে সহযোগ কামনা কৰে সভাপতিয়ে। সভাত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ দাস ; গুৱাহাটী জিলা সমিতিৰ সম্পাদক দীপক কুমাৰ ৰয় ! কালচাৰেল চোছাইটিৰ জিলা সম্পাদক মিন্টু পাটোৱাৰী ; যুৱ ছাত্ৰ সন্মিলনীৰ বকো আঞ্চলিক সমিতিৰ উপদেষ্টা গৌৰাঙ্গ চৌধুৰী ; কাৰ্য্যকৰী সভাপতি ব্ৰজেন দাস ; লুকী প্ৰাথমিক গোটৰ সভাপতি জ্যোতিষ লহকৰ ; আক্ৰাছুৰ সম্পাদক জ্যোতিৰ্ময় দাস আদিকে ধৰি বহু কেইজন কোচ জ্ঞাতী উপস্থিত থাকে। সভাত সংগঠনটোৰ হিচাপ পৰীক্ষক দীনেশ চন্দ্ৰ দাসে বাৰ্ষিক হিচাপ পাঠ কৰে আৰু সভাত গৃহীত কৰে।সভাই অহা ৪ ফেব্ৰুৱাৰীত সংগঠনটোৰ দ্বি বাৰ্ষিক প্ৰতিনিধি সভা আৰু ৫ ফেব্ৰুৱাৰীত বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্য্যসূচী সফল কৰাত সকলোকে সহযোগ সহায় কৰিবলৈ অনুৰোধ জনায়। ইফালে চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিনিধি সভাত জনগোষ্ঠীটোৰ জনজাতি কৰণৰ লগতে অন্যান্য সমস্যা সমাধানৰ লক্ষ্যৰে প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব বুলি সভাপতি বিষ্ণু ৰাম দাসে জানিব দিয়ে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like