কণমানি ছাত্রক মৰিয়াই হত্যা কৰিলে কিশোৰী ছাত্রীয়ে
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ বঙাৰমৰা আৰক্ষী চকীৰ অন্তর্গত ২ নং ইছলামপুৰত এগৰাকী কিশোৰী ছাত্রীয়ে সংঘটিত কৰা লোমহর্ষক হত্যাকাণ্ডই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ২নং ইছলামপুৰ প্রাথমিক বিদ্যালয়ৰ চতুর্থ শ্রেণীৰ ছাত্র মাইনুল ইছলাম মঙলবাৰে বিদ্যালয় ছুটীৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল৷ পৰিয়ালৰ লোকে কণমানি ছাত্রজন সন্ধিয়াপর্যন্ত ঘৰলৈ ঘূৰি নহাত বহু সময় ধৰি বিচাৰি চলাথ কৰাৰ পাছত কোনোধৰণৰ শুংসূত্র নোপোৱাত বঙালমৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷
বঙালমৰা আৰক্ষীৰ প্রাথমিক অনুসন্ধানত আন এখন বিদ্যালয়ৰ এগৰাকী ছাত্রীৰ ওপৰত সন্দেহ ওপজে আৰু সেই সন্দেহৰ ওপৰতেই ছাত্রীগৰাকীক আৰক্ষীয়ে সোধা–পোছা কৰাত ঘটনাৰ প্রকৃত ৰহস্য পোহৰলৈ আহে৷ ছাত্রীগৰাকীৰ স্বীকাৰোক্তি মতে মঙলবাৰে মাদ্রাছাৰ পাঠদান চলি থকাৰ সময়তেই কণমানি ছাত্রজনৰ লগত সামান্য কথাত মনোমালিন্য হৈছিল আৰু বিয়লি বিদ্যালয় ছুটীৰ পাছত ছাত্রীগৰাকীয়ে কণমানি ছাত্রজনক মেনেহা নৈৰ পাৰত নির্মমভাৱে প্রহাৰ কৰি হত্যা কৰাৰ লগতে মৃতদেহটো নৈত পেলাই দিয়ে৷ অষ্টম শ্রেণীত অধ্যয়নৰত ছাত্রীগৰাকীৰ এনে ভয়ংকৰ স্বীকাৰোক্তিৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ছাত্রজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ উক্ত ঘটনাক কেন্দ্র কৰি সম্প্রতি সমগ্র অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷ ইফালে ভয়ংকৰ ঘটনাটো সংঘটিত কৰা কিশোৰী ছাত্রীগৰাকীক বঙালমৰা আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে৷