প্ৰধানমন্ত্ৰীৰ সভালৈ বিটিচিৰ বাহিৰৰ ৰাইজক অনা–নিয়াৰ বাবে এহেজাৰখন সৰু–বৰ গাড়ীৰ ব্যৱস্থা কৰা হৈছেঃ হাগ্রামা
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সভাত অংশগ্রহণ কৰাৰ উদ্দেশ্যে বি পি এফ দলৰ নেতা, কর্মী, সদস্যসকলে আজিৰ পৰাই কোকৰাঝাৰ চহৰত বাহৰ পাতিব৷ ইতিমধ্যে চহৰখনত উথপথপ পৰিৱেশ সৃষ্টি হৈছে৷ বিটিচিৰ বাহিৰৰ ৰাইজক অনা–নিয়াৰ বাবে এহেজাৰখন সৰু–বৰ গাড়ীৰ ব্যৱস্থা কৰা হৈছে৷ গতিকে মোদীৰ সভাত অকল বি পি এফ দলৰ প্রায় ৬ লাখ মানুহ গোট খোৱাৰ উপৰি এবছু, বিজেপিকে ধৰি মুঠ ১০ লাখ মানুহ গোট খাব বুলি আশা ব্যক্ত কৰিছে হাগ্রামা মহিলাৰীয়ে৷
আনপিনে এবছুৰ সভাপতি প্রমোদ বডোৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কোকৰাঝাৰ ভ্রমণক আদৰণি জনাই বি টি আৰ চুক্তিৰ জৰিয়তে অঞ্চলটোৰ সকলো জাতি, জনগোষ্ঠীৰ লোকে সমবিকাশ আৰু সমমর্যাদাৰে জীয়াই থকাৰ অধিকাৰ পাব বুলি কয়৷
উল্লেখ্য যে প্রধানমন্ত্রীৰ ভ্রমণৰ সময়ত যাতে কোনো ধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ নহয়, সেই দিশলৈ লক্ষ্য ৰাখি এছ পি জিৰ উপৰি অসম আৰক্ষী, অর্ধসামৰিক বাহিনী, সেনা, চোৰাংচোৱা সংস্থাৰ বিষয়ববীয়াসকলৰ লগতে বি টি আৰৰ ডি আই জি ভায়লেট বৰুৱা, অসম আৰক্ষীৰ এ ডি জি পি জি পি সিংসহ আৰক্ষী, নিৰাপত্তা বাহিনীৰ কেইবাগৰাকী উচ্চপদস্থ শীর্ষ বিষয়াই কোকৰাঝাৰত বাহৰ পাতি জাংখ্রিথাই পথাৰৰ প্রস্তুতি আৰু বিভিন্ন দিশ পর্যবেক্ষণ কৰি আছে৷