নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰঞ্জন-সংঘমিত্ৰাৰ প্ৰয়াস : নামনি মাজুলীত বয়ন শিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : মাজুলী জিলাৰ নামনি মাজুলীৰ শ্ৰীলোহিত গাঁও পঞ্চায়তৰ আদিএলেঙীত ৮ ফেব্ৰুৱাৰীত  হস্ত- তাঁত বয়ন শিল্পৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰা হয়। আদিএলেঙী সত্ৰৰ উদ্যোগী যুৱক নিৰঞ্জন হাজৰিকা আৰু তেওঁৰ পত্নী সংঘমিত্ৰা হাজৰিকাৰ যৌথ প্ৰচেষ্টাত জোনাকী জাতীয় বিদ্যালয়ৰ সন্মূখত এই বয়ন শিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰটো উদ্বোধন কৰা হয়। নামনি মাজুলীৰ  মূলাগাভৰু গ্ৰাম্য সংগঠনৰ সভানেত্ৰী পুষ্প বৰাই আজি দুপৰীয়া ফিটা কাটি আনুষ্ঠানিকভাৱে উক্ত কেন্দ্ৰটো উদ্বোধন কৰে। “হাজৰিকা তাঁত ঘৰ” নামৰ উক্ত বয়ন শিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰটো আজি শুভ উদ্বোধন উপলক্ষে উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে আদিএলেঙী সত্ৰ পৰিচালনা সমিতিৰ সভাপতি তথা বৰদোৱাৰ  মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুনন্দ হাজৰিকাই। নিৰঞ্জন হাজৰিকাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত নামনি মাজুলীৰ সাংবাদিক যদু কলিতা, বিশিষ্ট সমাজকৰ্মী অনিল টাইদ, নাৰায়ণ পায়েং উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানত স্থানীয় পঞ্চায়ত  সদস্যা জুলী বৰাৰ লগত অঞ্চলটোৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যাসকলে অংশগ্ৰহণ কৰে। হাজৰিকা তাঁত ঘৰ নামৰ প্ৰশিক্ষণ কেন্দ্ৰটোত আজিৰ পৰা উন্নত জেকাৰ্ট মেচিনৰ জৰিয়তে শিপিনী সকলে উন্নত মানৰ কাপোৰ বোৱাৰ প্ৰশিক্ষণ লব পাৰিব। প্ৰশিক্ষণ কেন্দ্ৰত আজি ধেমাজিৰ প্ৰশিক্ষক বুল হাজৰিকা আৰু সংঘমিত্ৰা হাজৰিকাই শিপিনীসকলক জেকাৰ্ট মেচিনত উন্নত পদ্ধতিৰে, অতি সোনকালে কাপোৰ বোৱাৰ কৌশল সন্দৰ্ভত  প্ৰশিক্ষণ প্ৰদান কৰে। আজিৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ কেন্দ্ৰটোত মাজুলীৰ যিকোনো অংশৰ শিপিনীয়ে পাট কাপোৰ, মূগা কাপোৰ, ঊল ,সূতা আদিৰ কাপোৰ বোৱাৰ প্ৰশিক্ষণ লব পাৰিব।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like