ধুবুৰীত জিলা ক্ৰীড়া সন্থাৰ বাৰ্ষিক এথলেটিকছ প্ৰতিযোগিতা আৰম্ভ
- ধুবুৰী জিলাভিত্তিক দুদিনীয়া প্ৰতিযোগিতাখনত মুঠ ৪২ টা ক্লাব/সংঘৰ অংশগ্ৰহণ
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী: ধুবুৰীৰ ঐতিহ্যমণ্ডিত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে দুদিনীয়া এক জিলা ভিত্তিক এক এথলেটিকছ প্ৰতিযোগিতাৰ। ধুবুৰী জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা বাৰ্ষিক এই এথলেটিকছ প্ৰতিযোগিতাখনত এইবেলি অংশ লৈছে মুঠ ৪২টা ক্লাব/সংঘই। আজি পুৱা ১০ মান বজাত খেলপথাৰখনত সন্থাৰ পতাকা উত্তোলনেৰে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ ঘটে। আজি প্ৰথম দিনা ১৮ বছৰ অনুৰ্ধৰ যুৱক-যুৱতীৰ মাজত ১০০/২০০/৪০০/৮০০ মিটাৰ দৌৰ, হাই জাম্প, লং জাম্প, জেভলিন, ডিছকাছ থ্ৰো, শ্বটপুট আদি খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ ১৮ বছৰ উৰ্ধৰ খেলুৱৈৰ মাজত ( ১০০/২০০/৪০০/৮০০ আৰু ১৫০০ মিটাৰ (অকল ল’ৰা) দৌৰ আৰু হাই জাম্প, লং জাম্প, জেভলিন, ডিছকাছ থ্ৰো-শ্বটপুট আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি সন্থাৰ তৰফৰ পৰা অৱগত কৰা হৈছে।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী