শুৱালকুছি মহাবিদ্যালয়ৰ বাৰ্ষিক যুৱ মহোৎসৱৰ সামৰণি
- নতুন শিক্ষানীতিয়ে জীৱন দক্ষতা আহৰণত সৰ্বাধিক গুৰুত্ব দিছে- ড°ননী গোপাল মহন্ত
- নতুন শিক্ষানীতিৰ প্ৰৱৰ্তনৰ লগে লগে অসমৰ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ বিকাশ হব লাগিব- ড°সমুজ্জ্বল ভট্টাচাৰ্য
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী: “বৰ্তমান সময়ত প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ দক্ষতা আৰ্জিব লাগিব। আমি এতিয়া বিশ্বায়নোত্তৰ যুগত আছো। এই সময়ত আমি বহুত জানিব লাগিব, কিন্তু কিবা এটা কৰিব পাৰিব লাগিব। নতুন শিক্ষানীতিয়ে সেয়েহে জীৱন দক্ষতা আহৰণত গুৰুত্ব আৰোপ কৰিছে। কোনো মানুহ অপদাৰ্থ নহয়, সকলোৰে কিবা নহয় কিবা প্ৰতিভা থাকে। তাক বিকাশৰ সুযোগ দিয়াটো নতুন শিক্ষানীতিৰ উদ্দেশ্য।” শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা তথা বিশিষ্ট শিক্ষাবিদ ডঃ ননী গোপাল মহন্তই। তেওঁ সভাত নতুন শিক্ষানীতিৰ বিভিন্ন দিশ ব্যাখ্যা কৰি এই সন্দৰ্ভত চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে কয় আৰু প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ক এই নীতি প্ৰবৰ্তন কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকল অকল চাকৰিজীৱি হ’লেই নহ’ব, তেওঁলোকে চাকৰি প্ৰদান কৰিব পৰা হ’ব লাগিব। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক মহাবিদ্যালয়খনক ভাল পাবলৈ আহ্বান জনায় ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপ অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। ভাষণ প্ৰসংগত তেওঁ কয় যে আমি সদায় আকাশ চাব লাগে, তেতিয়া মন বহল হয়। এই মহাবিদ্যালয়ৰ প্ৰতি গৰাকী শিক্ষাৰ্থী এটা এটা তৰা হওঁক, যিয়ে সমাজত পোহৰ বিলাব পাৰে। প্ৰত্যেক শিক্ষাৰ্থীয়ে নিজে জিলিকিব লাগিব, প্ৰত্যেকে মহাবিদ্যালয়ক জিলিকাব লাগিব, অসমক জিলিকাব লাগিব। তেওঁ কয় যে যিবোৰ মহাবিদ্যালয়ৰ বয়স ৬০ বছৰৰ উৰ্ধৰ হৈছে সেইবোৰক অসম চৰকাৰে আদৰ্শ মহাবিদ্যালয় হিচাপে ঘোষণা কৰিব লাগে। তেওঁ নতুন শিক্ষানীতিৰ প্ৰবৰ্তনৰ লগে লগে অসমৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ বিকাশ কৰিব লাগিব বুলি মন্তব্য কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক জীৱনত আগবাঢ়ি যাবলৈ নানান প্ৰেৰণামূলক মন্তব্য দিয়ে। তেওঁ কয় যে আমি আমাৰ লোক সংস্কৃতি জীয়াই ৰাখিব লাগিব, তেহে আমাৰ জাতিটোৰ শ্ৰীবৃদ্ধি হ’ব।
ইয়াৰ পূৰ্বে যোৱা কালি এক বৰ্ণাঢ্য সাংস্কৃতিক শোভা যাত্ৰা উলিওৱা হয়। মহাবিদ্যালয়ৰ ১৫ টা বিভাগে অসমীয়া আৰু ভাৰতীয় বাৰে ৰহনীয়া কৃষ্টি-সংস্কৃতিৰ উপৰিও বিজ্ঞান বিষয়ক লৈ উলিওৱা বৰ্ণিল শোভাযাত্ৰা উদ্বোধন কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাকেশ দাসে। উদ্বোধনী ভাষণ দি তেওঁ কয় যে মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ বা বাৰ্ষিক সপ্তাহে ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক-মানসিক বিকাশত প্ৰভূত অৰিহণা যোগায়। এনে অনুষ্ঠানতে তেওঁলোকে নিজৰ নিজৰ প্ৰতিভা বিকাশৰ সুযোগ পায়। তেওঁ শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এনে প্ৰচেষ্টাৰ শলাগ লয় আৰু আৰু বৰ্ণিল শোভাযাত্ৰাই বৃহত্তৰ অঞ্চলটিৰ সংস্কৃতিক উজ্জীৱিত কৰিব বুলি আশা প্ৰকাশ কৰে। শোভাযাত্ৰাৰ আৰম্ভণিৰ প্ৰাকক্ষণত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গোপাল শৰ্মাই সকলো ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে। মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত যোৱা ৮ ফেব্ৰুৱাৰীৰপৰা ১৪ ফেব্ৰুৱাৰীলৈ বিভিন্ন কাৰ্যসূচীৰে মহাবিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে । প্ৰথম দিনা মহাবিদ্যালয় পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গোপাল শৰ্মাই। ছহিদ স্মৃতি তৰ্পন কৰে শিক্ষক গোটৰ সভাপতি ডঃ যোগেশ ডেকাই। সাংস্কৃতিক, আলোচনী, তৰ্ক, ক্ৰীড়া, ছাত্ৰ জিৰণি, ছাত্ৰী জিৰণি, সমাজ সেৱা আদি বিভাগৰ বিভিন্ন প্ৰতিযোগিতাত ছাত্ৰ-ছাত্রীসকলে ব্যাপক উৎসা-উদ্দীপনাৰে অংশগ্ৰহণ কৰা যুৱ মহোৎসৱত বিভিন্ন বিভাগৰ বঁটা প্ৰাপকসকলক বঁটা প্ৰদান কৰা হয়। এইবাৰ হৰ্ষিতা কলিতাই আলোচনী, ধ্ৰুৱজ্যোতি দাসে সমাজ সেৱা, মাৰ্টিনা ডেকাই নৃত্য, বন্যা দাসে সংগীত, উদ্দীপনা দাসে তৰ্ক, চিনময় বৰ্মন আৰু মধুমিতা বৈশ্যই খেল, ৰূপম দাসে ছাত্ৰ জিৰণি, লবনা কাকতিয়ে ছাত্ৰী জিৰণি কোঠা বিভাগৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে। হাতেলিখা আলোচনী বিভাগত প্ৰাণী বিজ্ঞান বিভাগে প্ৰথম, উদ্ভিদ বিজ্ঞান বিভাগে দ্বিতীয়, ইংৰাজী আৰু শিক্ষা বিভাগে যুটীয়া ভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰে। সভাত অসমীয়া বিভাগৰ ছাত্ৰী জিতা মণি দাসক বছৰটোৰ শ্ৰেষ্ঠ পঢ়ুৱৈ বঁটা আৰু প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰী সুস্মিতা দাসে শুভেন্দ্ৰ বৈশ্য প্ৰতিভা বঁটা লাভ কৰে।