হৰিনাম ধ্বনিত মুখৰিত বকোৰ দলবাৰী বুঢ়াগোহাঁই মন্দিৰ
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী: ইতিহাস প্ৰসিদ্ধ কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং আৰু ২ নং দিলিঙা আশ্ৰিত গঞা ৰাইজৰ উপাসনাৰ শক্তি পীঠ স্থান শ্ৰী শ্ৰী দলবাৰী বুঢ়াগোহাঁই মন্দিৰৰ বাৰ্ষিক পূজা ভাগি যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা শুভাৰম্ভ হৈছে। ১৩ ফেব্ৰুৱাৰী অৰ্থাৎ কালি সন্ধিয়া পৰত মাংগলিক ৰীতি নীতিৰে শুভাৰম্ভ হোৱা সবাহৰ থাপনা পৰ্ব। গৰখীয়া পূজা ; গোসাঁই ফুৰোৱা ; বৰমানি পূজা ইয়াৰ পিছতে মুল মন্দিৰৰ দ্বাৰ উদ্ঘাটন কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। মন্দিৰৰ দ্বাৰ উদ্ঘাটন কৰাৰ পিছত গোঁসাই ফুৰাই ভেলাঘৰ জ্বলোৱা পৰ্ব অতুলনীয়। উল্লেখ্য যে ; বৃহত্তৰ অঞ্চলটোৰ কেৱা সহশ্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ হৰিধ্বনি মুখৰিত মাংগলিক পৰ্বত ভক্তিভাৱ জাগি উঠে। ইফালে শ্ৰী শ্ৰী দলবাৰী বুঢ়াগোহাঁই আশ্ৰিত গঞা ৰাইজৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তাৰানাথ কলিতা আৰু সম্পাদক প্ৰসন্ন দাসে জনোৱা মতে ঐতিহ্য মণ্ডিত দলবাৰী বুঢ়াগোহাঁই মন্দিৰৰ বাৰ্ষিক পূজা ভাগিত বৃহত্তৰ অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ মনোবাঞ্ছা পুৰণৰ অৰ্থে পূজা-পাতল কৰা হয়। দলবাৰী বুঢ়াগোহাঁই মন্দিৰৰ ভূমি দাতা প্ৰয়াত সৰবৰাহী মহিলা মিলীবালা দাসৰ নাতি যুৱ সমাজ কৰ্মী অনুপম দাসে ভূমি দাতা ফলক উন্মোচন আৰু মন্দিৰৰ মূল মণ্ডপৰ দ্বাৰ উদ্ঘাটন কৰে। ইয়াৰ পিছতে মাংগলিক ৰীতি নীতিৰে আনুষ্ঠানিক ভাৱে গোঁসাই ফুৰোৱা উৎসৱ শুভাৰম্ভ কৰে বকোৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসে। গোঁসাই ফুৰোৱা স্থায়ী তোৰণ উন্মোচন কৰে নগেন দাস সহ পৰিয়াল বৰ্গই। লগতে মন্দিৰ পৰিচালনা সমিতিৰ উপ সভাপতি নাৰায়ণ মেধি আৰু সহকাৰী সম্পাদক পবিত্ৰ কুমাৰ দাসে জনোৱা মতে প্ৰায় চাৰিশ বছৰীয়া ঐতিহাসিক মন্দিৰৰ পূজা ভাগি মাঘ মাহৰ সংক্ৰান্তিৰ দিনা শুভাৰম্ভ হয় আৰু ফাগুন মাহৰ পহিলা তাৰিখত বৰ সবাহত হোম যজ্ঞ আহুতি দিয়া হয়। আজি বৰ সবাহত লোকে লোকাৰণ্য পৰিবেশত হৰিনাম ধ্বনিত মুখৰিত হয় সমগ্ৰ অঞ্চলটো। অনুস্থানত পুৰুষ মহিলা আৰু ভক্তপ্ৰাণ ৰাইজে ধৰ্মীয় আবেগত উঠুলি উঠে।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।