নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জংঘলব্লক হাইস্কুলত আন্তৰ্জাতিক গ্ৰন্থদান দিৱস উদযাপন

 নিয়মীয়া বাৰ্তা,  ১৪ ফেব্ৰুৱাৰী: আন্তৰ্জাতিক গ্ৰন্থদান দিৱস উপলক্ষ্যে আজি মৰিয়নিৰ সমীপৰ অসম নগালেণ্ড সীমান্তৱৰ্তী জংঘলব্লক হাইস্কুলত এক চমু অনুষ্ঠানৰ আয়োজন কৰা হয় । এই উপলক্ষ্যে অনুষ্ঠিত চমু অনুষ্ঠানটোৰ আঁ‌ত ধৰি ৰাজ্যিক কৃতী শিক্ষকৰ বঁ‌টা প্ৰাপক শিক্ষক নগেন গগৈয়ে সাৱলীল বক্তব্য প্ৰদান কৰে । তেওঁ কয়- যিমান দিনলৈ মানুহ কিতাপৰ শাসনত থাকিব সিমান দিনলৈকে পৃথিৱীখন সুস্থিৰে চলি থাকিব । যেতিয়াই মানুহ কিতাপৰ শাসনৰ পৰা ওলাই যাব তেতিয়াই পৃথিৱীত অস্থিৰতা বৃদ্ধি পাব । তেওঁ লগতে কয়- বেদ, ভাগৱতে যেনেকৈ মানুহক আজিও শাসন কৰি আহিছে তেনেকৈ শংকৰদেৱৰ দশম, কীৰ্তন, মাধৱদেৱৰ ঘোষা, ৰত্নাৱলী, গুৰু নানকৰ গুৰু গ্ৰন্থ চাহিবে মানুহক জ্ঞানী কৰি তোলাৰ লগতে আজিও আমাক শিকাই আহিছে । এই অনুষ্ঠানত মৰিয়নি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ একাংশ অধ্যাপিকাৰ লগতে ছাত্ৰ ছাত্ৰীও উপস্থিত থাকি বিদ্যালয়খনলৈ দুকুৰি গ্ৰন্থ আগবঢ়ায় । মৰিয়নি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা অঞ্জু শৰ্মা, হাওনেইকিপ হাওলা, উদেষ্ণা টাই আৰু বনজ্যোৎস্না শৰ্মা বিদ্যালয়খনত উপস্থিত হৈ গ্ৰন্থসমূহ আগবঢ়োৱাৰ লগতে তেওঁলোকে জংঘলব্লক হাইস্কুলত পহিলা এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া মুক্ত গ্ৰন্থাগাৰলৈ দুটাকৈ বুক চেল্ফ আগবঢ়োৱাৰ কথাও ঘোষনা কৰে । জংঘলব্লক হাইস্কুলৰ হৈ শিক্ষয়িত্ৰী চিমি বৰগোঁ‌হাই, কৃষ্ণাজিনা বৰপাত্ৰগোঁ‌হাই, ননী গগৈ আৰু নৱনীতা বৰাই গ্ৰন্থসমূহ গ্ৰহণ কৰে । অনুষ্ঠানটোত বিদ্যাখনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক কৰ্মচাৰী আৰু শুভাকাংক্ষী ৰাইজও উপস্থিত থাকে ।

দিব্যজ্যোতি শইকীয়া

You might also like