নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ দেশদ্ৰোহিতাৰ অভিযোগত অভিযুক্ত ছাৰ্জীল ইমামক আজি পুনৰ হাজিৰ কৰোৱা হ’ব আদালতত । তিনিদিনৰ দিল্লী আৰক্ষীৰ জিম্মা অন্ত পৰাৰ পাচতেই আজি আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে । দিল্লী আৰক্ষীয়ে পুনৰ ছাৰ্জিলক জিম্মাত ল’বলৈ বিচৰাৰ লগতে অসম আৰক্ষীয়ে বাহৰ পাতিছে দিল্লীত ।
অৱশ্যে দিল্লী আৰক্ষীৰ জিম্মা শেষ হ’লেহে অসম আৰক্ষীয়ে জিম্মাত পাব ছাৰ্জিল ইমামক । আৰক্ষীয়ে জনোৱা অনুসৰি অসমলৈ অনাৰ পাচতেই ছাৰ্জিলক সোধ-পোছ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিব অসম আৰক্ষীয়ে । মূলতঃ অসম আৰক্ষীৰ অপৰাধ শাখাত থকা গোচৰৰ ভিত্তিতেই ইয়াৰ তদন্ত হ’ব বুলিও উল্লেখ কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে । ইফালে, ছাৰ্জিল ইমামৰ বিৰুদ্ধে অন্য এটা গোচৰ এজন নাগৰিকেও দাখিল কৰা বুলি উল্লেখ কৰে আৰু সেই গোচৰৰ ভিত্তিটো তদন্ত হ’ব বুলি কয় আৰক্ষী আয়ুক্তই ।