নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি মহাবিদ্যালয়ত কেৰিয়াৰ অ’ৰিয়েণ্টেচন সম্পৰ্কীয় আলোচনা-চক্ৰ

বিশেষ বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান বাংগালোৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ প্লেনটেশ্যন মেনেজমেন্টৰ উদ্যোগত আৰু মৰিয়নি মহাবিদ্যালয়ৰ চায়েন্স ফ’ৰামৰ সহযোগত মৰিয়নি মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ভৱনত আজি কেৰিয়াৰ অ’ৰিয়েন্টেশ্যন সম্পৰ্কীয় এক চেমিনাৰ অনুষ্ঠিত হয়। মৰিয়নি মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড° ৰাজকুমাৰ গোহাঁইবৰুৱাই আঁ‌ত ধৰা চেমিনাৰখনৰ আৰম্ভণিতে আদৰণি ভাষন প্ৰদান কৰাৰ লগতে চেমিনাৰখন মুকলি কৰে মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাই। উদ্বোধনী অনুষ্ঠানত মৰিয়নি মহাবিদ্যালয়ৰ উপাধ্যক্ষ লাচিত গগৈ, বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক, বিজ্ঞান বিভাগৰ তত্বাৱধায়ক অধ্যাপক ৰাজীৱ লোচন দত্ত, বাণিজ্য বিভাগৰ তত্বাৱধায়ক ৰঞ্জন দত্ত আদি উপস্থিত থাকি এনে কাৰ্য্যসূচীয়ে ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। এই কেৰিয়াৰ অ’ৰিয়েনটেশ্যন চেমিনাৰখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহন কৰি ইণ্ডিয়ান ইনষ্টিটিউট অৱ প্লেনটেশ্যন মেনেজমেন্ট বাংগালোৰৰ জ্যেষ্ঠ অধ্যাপক ড° অৰুণ ভট্টাচাৰ্য্যই কেৰিয়াৰ অ’ৰিয়েন্টেশ্যনৰ সম্পৰ্কত বিশদ আলোকপাত কৰে। ড° ভট্টাচাৰ্য্যই ‘লাৰ্ণিং এণ্ড কেৰিয়াৰ অপ’ৰ্চুনিটিছ ইন এগ্ৰি বিজিনেছ, প্লেনটেশ্যন, ফুড এণ্ড এগ্ৰি এক্সপ’ৰ্ট’ বিষয়ত বক্তব্য প্ৰদান কৰে। তেওঁ প্লেনটেশ্যন মেনেজমেন্টত কেৰিয়াৰ হিচাপে ল’ব পৰা বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য ৰাখে। বিশেষকৈ কৃষিক ব্যৱসায় হিচাপে লোৱাৰ লগতে কৃষি ব্যৱসায়ত থকা বিভিন্ন সুযোগ-সুবিধা আৰু সম্ভাৱনীয়তাসমূহ ছাত্ৰ ছাত্ৰীসকলে কিদৰে গ্ৰহণ কৰিব পাৰে তাৰ ওপৰতো বিস্তৃত ব্যাখ্যা ডাঙি ধৰে । সমল ব্যক্তি ড° ভট্টাচাৰ্য্যই ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নৰ সাৱলীল উত্তৰ প্ৰদান কৰে । কেৰিয়াৰ অ’ৰিয়েন্টেশ্যন কাৰ্য্যসূচীৰ মূল বিষয়বস্তু আছিল- ‘ এনলাইটেন দ্য ষ্টুডেন্টছ অবাউট দ্য ভেৰিয়াছ অপ’ৰ্চুনিটিছ ইন এগ্ৰি বিজিনেছ এণ্ড ইম্প’ৰ্টেন্স এণ্ড স্ক’প এন্টাৰপ্ৰিনিয়’ৰশ্বিপ ইন ডেভেল’পিং দ্য ইক’ন’মী’। চেমিনাৰখনত যোৰহাটৰ টোকলাইত থকা ইণ্ডিয়ান ইনষ্টিটিউট অৱ প্লেনটেশ্যন মেনেজমেন্টৰ যোৰহাট কেন্দ্ৰৰ সহকাৰী অধ্যাপক অংকুৰ গগৈয়েও ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি কৃষি খণ্ডত থকা বিভিন্ন সা সুবিধাসমূহ আৰু সম্ভাৱনীয়তাক কেন্দ্ৰ কৰি কিদৰে কেৰিয়াৰ গঢ়ি তুলিব পাৰি তাৰ ওপৰত চমু বক্তব্য প্ৰদান কৰে। ইয়াৰ পূৰ্বে জ্যেষ্ঠ অধ্যাপক ড° ভাস্কৰ বুঢ়াগোঁ‌হায়ে সমল ব্যক্তিৰ পৰিচয় প্ৰদান কৰা চেমিনাৰখনত শলাগৰ শৰাই আগবঢ়াই অধ্যাপক ক্ষীৰোদ গগৈয়ে। উল্লেখযোগ্য যে অধিকাংশ লোকেই প্লেনটেশ্যন মেনেজমেন্টৰ সম্পৰ্কে অৱগত নহয় যদিও শেহতীয়াকৈ ছাত্ৰ ছাত্ৰীৰ মাজত এই সম্পৰ্কে যথেষ্ট উৎসাহ দেখা গৈছে আৰু সেয়া যথেষ্ট আশাব্যঞ্জক। চেমিনাৰখনত অংশগ্ৰহণকাৰী সকলোকে আই আই পি এম বিৰ তৰফৰ পৰা ই-চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছে। আকৰ্ষণীয় চেমিনাৰখনত মৰিয়নি মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ অধ্যাপক-অধ্যাপিকাসকল উপস্থিত থাকে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like