নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত পাঁচ যুৱক

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: শোণিতপুৰৰ বালিপৰাত আজি সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত পাঁচজনকৈ যুৱকে প্ৰাণ হেৰুওৱাৰ ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱা ৯:০০ মান বজাত তেজপুৰ-বালিপৰা-ধেমাজি সংযোগী সদাব্যস্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিট চাপ্লাইত তেজপুৰ দিশৰপৰা বালিপৰা দিশে তীব্ৰবেগেৰে আহি থকা এ এছ ১২ আৰ ২১১৫ নম্বৰৰ এখন মাৰুতী ছুইফট ডিজায়াৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এডাল প্ৰকাণ্ড গছত খুন্দা মাৰি পথাৰত বাগৰি পৰে । ফলত গাড়ীখনত থকা পাঁচজনকৈ যুৱকৰ কৰুণ মৃত্যু ঘটে । একাংশ লোকে দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখন আৰু পথাৰত পৰি থকা মৃতদেহ দেখি স্থানীয় আৰক্ষীক খবৰ দিয়ে । পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃত যুৱককেইজন তেজপুৰ, গটঙা আদি অঞ্চলৰ বুলি জানিব পৰা গৈছে । তীব্ৰ বেগ আৰু নিয়ন্ত্ৰণহীনভাৱে বাহন পৰিচালনা কৰাৰ বাবেই উক্ত ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

You might also like