তেজপুৰত ক্লাইমেক্স : চাকৰিলৈ আহি নকল পুলিচৰ পাল্লাত চৰাইদেউৰ ইউটিউবাৰ
বার্তা ব্যুৰ, ২৫ ফেব্রুৱাৰীঃ সামাজিক মাধ্যমত ব্যস্ত হৈ থকা একাংশ যুৱক–যুৱতীয়ে বাস্তৱ জগতৰ পৰা বহু নিলগত বাস কৰি উটি ভাঁহি ফুৰে কল্পনা ৰাজ্যত৷ তেওঁলোকৰ বাবে ইউটিউবত দিয়া আপলোডেই পৰম সত্য আপ্তবাক্যৰ দৰে৷ এমাজন অথবা ফ্লিপকার্ডত পোৱা সামগ্রীয়েই জীৱনৰ সম্বল৷ সেইবাবেই হয়তো তেজপুৰৰ এজন যুৱকে এমাজনত উপলব্ধ আৰক্ষীৰ পোছাক পিন্ধি নিজকে উপ পৰিদর্শক সজালে৷ তেজপুৰত আৰক্ষীৰ হাতত আটক হল ভুৱা আৰক্ষী৷ প্রকৃততে চেহেৰা আৰু চালচলনৰে অকনমানো আৰক্ষী হোৱাৰ যোগ্যতা নথকা এজন আৰক্ষী পোছাকধাৰী ভুৱা উপ পৰিদর্শকক ৰাইজে আৰক্ষীক গটাই দিয়ে৷ উল্লেখ্য যে, তেজপুৰ বিহগুৰি কলিতাগাঁৱৰ হিমাংশু কলিতা নামৰ যুৱক জনে নিজকে আৰক্ষীৰ উপ পৰিদর্শকৰূপে চিনাকি দিছিল৷ হিমাংশুৰ সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি হৈছিল চৰাইদেউৰ আন এজন ইউটিউবাৰ বুলি নিজকে চিনাকি দিয়া যুৱক ভাস্কৰ বৰুৱাৰ সৈতে৷ হিমাংশুৱে ভাস্কৰক মাতি পঠিয়াইছিল দেহৰক্ষীৰ চাকৰি দিম বুলি৷ সেই অনুসৰি ভাস্কৰে ঘৰৰ ছাগলি বিক্রী কৰি চৰাইদেউৰ পৰা আহি চাকৰিত যোগদানৰ বাবে তেজপুৰত উপস্থিত হয়৷ আৰু তেতিয়াই ওলাই পৰে জোলোঙাৰ মেকুৰি৷ নৱম শ্রেণীলৈকে পঢ়া হিমাংশুৱে ভাস্কৰক কি চাকৰি দিব তেওঁৰ নিজৰেই চলিবলৈ উপায় নাই৷ মিছন চাৰিআলিত পুলিচৰ পোছাক পৰিধান কৰি হিমাংশুৱে সাক্ষাৎ কৰিলে থিকেই, কিন্তু পুলিচৰ চেহেৰা পাতি দেখি ভাস্কৰৰ লগত অহা অভিভাৱকৰো সন্দেহ উপজিল৷ ইয়াৰ পিছতেই স্থানীয় লোকক সন্দেহৰ বিষয়ে অৱগত কৰাত ৰাইজে ধৰি হিমাংশুক গটালে আৰক্ষীক৷ আৰক্ষীৰ জিম্মাত থকা নকল পুলিচৰ কথা শুনি সাংবাদিক–আৰক্ষীৰ মাজত বেচ হাঁহিৰ খোৰাক উপজিল৷ কিয়নো নকল পুলিচৰ হেনো আছে আৰক্ষীত চাকৰি কৰাৰ প্রবল হেঁপাহ৷ সেইবাবেই চৰকাৰকো অনুৰোধ জনালে নকল পুলিচে৷ তেওঁক এটা চাকৰিৰ ব্যৱস্থা কৰি দিবলৈ৷ তেওঁ হেনো এটা ইউটিউব চেনেলো চলায়৷ একেদৰে চাকৰি বিচাৰি অহা যুৱক ভাস্কৰৰো আছে ইউটিউব চেনেল৷ দুয়োজনে দিনে নিশাই মবাইলত ব্যস্ত হৈ থাকি গমেই নাপাই আৰক্ষীত চাকৰি কৰিবলৈ কি অর্হতাৰ প্রয়োজন৷ দুয়োটা ইউটিউবাৰৰ ধাৰনা ফেচবুক, ৱাটছআপ, টুইটাৰ, ইউটিউব আদি চলাব জানিলে নপঢ়াকৈ, নদৌৰাকৈও হব পাৰি আৰক্ষী বিষয়া৷ সেইবাবেই নৱম শ্রেণীলৈ পঢ়া হিমাংশুৱে এমাজনত আৰক্ষীৰ পোছাক আদি তেজপুৰত নকল পুলিচ হৈছিল৷
প্ৰেৰক পুলক কুমাৰ ডেকা