নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফ-কংগ্ৰেছক ৰাইজে বিশ্বাসত নলয় : বোকাখাতত কৃষিমন্ত্ৰী অতুল বৰাৰ মন্তব্য

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনহিতকৰ আঁচনি জল জীৱন মিছনৰ অংশ স্বৰূপে কালি গোলাঘাটৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত গৰিয়াজানত ৰাইজৰ বাবে উদ্বোধন কৰা হয় পানী যোগান আঁচনি। কালি সন্ধিয়া বোকাখাতৰ গৰিয়াজানত পানী যোগান আঁচনিখন উদ্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰাই। বিশুদ্ধ খোৱাপানী যোগান আঁচনি উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সপোন আছিল যে দেশৰ জনতাক বিশুদ্ধ খোৱাপানী যোগানেৰে সুস্থ সৱল এখন দেশ গঢ়াৰ। প্ৰধানমন্ত্ৰীগৰাকীৰ এনে সপোনক বাস্তবায়িত কৰাৰ অংশ হিচাপে বোকাখাতত প্ৰতিঘৰ পৰিয়ালৰ বাবে বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ নিৰ্মাণৰ কাম চলি আছে। গৰিয়াজানৰ পানী যোগান আঁচনিৰ জৰিয়তে ১৭৫ ঘৰ লোকে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। অতি সুন্দৰকৈ নিৰ্মাণ কৰা পানী যোগান আঁচনিটোক লৈ সুখী মন্ত্ৰী অতুল বৰা৷ আনহাতে বৰ্তমান চৰ্চিত বন্দনা কাণ্ডৰ লগতে সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সাংবাদিকে সোধা প্ৰশ্ন সন্দৰ্ভত মন্তব্য আগবঢ়ালে অতুল বৰাই। এ আই ডি ইউ এফৰ কুটিল ৰাজনৈতিক অভিসন্ধিক লৈ চিন্তিত নহয় মিত্ৰজোঁট- এই মন্তব্য মন্ত্ৰী বৰাৰ। কংগ্ৰেছ আৰু এ আই ডি ইউ এফক ৰাইজে কেতিয়াও বিশ্বাসত নলয় বুলি মন্তব্য অতুল বৰাৰ। আনহাতে কলিয়াবৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব পাব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰতো মিত্ৰজোঁটৰ আলোচনাত যি হ’ব সেয়া ৰাইজে গম পাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ।  কাৰ্যসূচীত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা অক্ষয় শংকৰ দাস, সহকাৰী অভিযন্তা পৱন বৰুৱা, বিকাশ নাথ, অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অপ্ৰিম কুমাৰ বৰাকে প্ৰমুখ্যে কৰি পঞ্চায়ত প্ৰতিনিধি, বিভাগীয় বিষয়া আৰু ভালেসংখ্যক স্থানীয় লোক উপস্থিত থাকে ।
প্ৰেৰক নবীন গোহাঁই 
You might also like