নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ অষ্টাদশ অধিৱেশন : মৰিগাঁৱত অভ্যৰ্থনা সমিতি গঠন

বার্তা বুৰো ২৬ ফেব্ৰুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন সদৌ মৰিগাঁও জিলা ছাত্র সন্থাৰ উদ্যোগত, মৰিগাঁও সদৰ ছাত্র সন্থা আৰু মৰিগাঁও জিলাবাসীৰ সহযোগত মৰিগাঁৱত অনুষ্ঠিত হ’ব। চলিত বছৰৰে শেষাৰ্ধত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনখনৰ বাবে আজি মৰিগাঁৱত এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। ঐতিহাসিক গান্ধীভৱন প্ৰাংগনত সদৌ মৰিগাঁও জিলা ছাত্র সন্থাই আহ্বান কৰা এক ৰাজহুৱা সভাই ভীমবৰ দেউৰী বঁটা প্ৰাপক সাহিত্যিক মিলেশ্বৰ পাতৰক সভাপতি আৰু ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ অভ্যৰ্থনা সমিতিখন গঠন কৰে। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধীয়ে এক বিবৃতিযোগে কয় যে মুঠ ২৫খন উপসমিতি থকা অভ্যৰ্থনা সমিতিখনে জিলাখনৰ প্ৰায় প্ৰতিটো প্ৰান্তৰ লোককে সামৰি লৈছে। সাহিত্যিক মিলেশ্বৰ পাতৰক সভাপতি, হৰমোহন কলিতা আৰু অতনু শৰ্মাক কাৰ্যকৰী সভাপতি, উৎপল শৰ্মাক সাধাৰণ সম্পাদক আৰু নৱ নাথ, হিমাংশু মহন্তক যুটীয়া সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হৈছে। আছুৰ মুখ্য উপদেষ্টা, উপদেষ্টা আৰু সাধাৰণ সম্পাদক মুখ্য পৃষ্ঠপোষক থকা সমিতিখনত পৃষ্ঠপোষক হিচাপে থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, নৰেন্দ্ৰ নাথ কেওঁট আৰু পোনাৰাম নাথ। সমিতিখনৰ মুখ্য উপদেষ্টা হিচাপে বাচনি কৰা হয় প্ৰাক্তন ছাত্ৰনেতা হৰেন্দ্ৰ বৰা আৰু বিৰিঞ্চি শৰ্মাক। সহস্ৰাধিক লোকৰ উপস্থিতিত আয়োজিত গাম্ভীৰ্যপূৰ্ণ ৰাজহুৱা সভাখনত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃবৰ্গ। ভাষণ প্ৰস‌ংগত ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ছাত্ৰ সন্থা অধিৱেশনৰ কাৰ্যসূচীসমূহ ব্যাখ্যা কৰে। অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লোৱা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই সভাত অধিৱেশনখনৰ ৰূপৰেখা দাঙি ধৰাৰ লগতে সমূহ ৰাইজৰ অভিভাৱকত্ব আৰু সহযোগিতা কামনা কৰে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like