বিদেশীৰ অনুপ্রৱেশ
বিধানসভাৰ বিষম কথা–১
ধ্রুৱ মহন্ত
‘আমাৰ নিৰাপত্তা আমি অটুট ৰাখিব লাগিব আৰু শত্রুৰ কার্যকলাপ আমাৰ চৰকাৰে দমন কৰিব লাগিব৷ দেখা গৈছে চৰকাৰে এই কাম কৰিবলৈ অপাৰগ হৈছে৷ পাকিস্তানীৰ কার্যকলাপ ইমান বৃদ্ধি হৈছে যে আমাৰ চি আই ডি বিভাগে সেইদৰে তৎপৰ হ’বলৈ অপাৰগ হৈছে৷ গুৱাহাটীত এজন পাকিস্তানী মুছলমানে হিন্দুৰ নাম লৈ, হিন্দু চাহ ব্যৱসায়ীৰ ঘৰত থাকি, হিন্দুৰ ছোৱালী বিয়া কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁৰ ব্যৱসায় চলাইছিল৷ ২৮ জানুৱাৰী তাৰিখে ‘মুকুল মুখার্জী’ নামৰ মানুহজন, যাৰ মুছলমান নাম ‘আবুল কাছেম খা’ – আৰু যাৰ ঘৰ তাৰাবাৰীত, আৰু যাৰ ভায়েক এম বি বি এছ ডাক্তৰ বুলি প্রচাৰ চলাইছে, তেওঁক চি আই ডিয়ে গ্রেপ্তাৰ কৰিছে৷ এইদৰে ছদ্মবেশী কিমান যে পাকিস্তানী মুছলমানে চোৰাংচোৱা কাম কৰিছে, ছদ্মবেশে হিন্দুৰ ছোৱালী নিছে জনা নাযায় আৰু চৰকাৰে ধৰিবও পৰা নাই৷ এই বিষয়ে চৰকাৰে দৃষ্টি দিব বুলি আশা কৰিছো৷ আজি এটা কলিং এটেনচন মোচনত চৰকাৰে কৈছে যে যিবিলাক পাকিস্তানী অনুপ্রৱেশকাৰীক ইয়াৰ পৰা খেদাই দিয়া হৈছে, সেইবিলাক পুনৰ ঘূৰি আহিছে৷ মই সোধোঁ এই মানুহবিলাকে আমাৰ চি আই ডি আৰু পুলিচৰ চকুত এইদৰে ধূলি দিবলৈ কেনেকৈ সুবিধা পাইছে? এই মানুহবিলাক লামডিং জংচন আৰু গোৱালপাৰা জিলাত ঘূৰি ফুৰিছে বুলি বাতৰিকাকতত মাজে–সময়ে ওলাই আছে৷’ (অসম বিধানসভাৰ কার্য বিৱৰণী)
বিদেশীৰ অনুপ্রৱেশে অসমত সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতি, পাকিস্তানী চোৰাংচোৱাৰ ভয়ংকৰ ভাৰতবিৰোধী তৎপৰতা তথা একাংশ বিদেশীৰ পৰিকল্পিত ‘লাভ জেহাদ’ সন্দর্ভত ১৯৬৪ চনতে অসম বিধানসভাত এই বক্তব্য দাঙি ধৰিছিল পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ডাঃ হোমেশ্বৰ দেৱচৌধুৰীয়ে৷ আজিৰ পৰা সাতটা দশক পূর্বেই বিদেশীৰ আগ্রাসনে ৰাজ্যখনত সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ এক স্পষ্ট ছবি বিধায়কজনৰ বক্তব্যত স্পষ্ট হৈ পৰিছে৷
বহিষ্কৃত নহ’ল লাখ লাখ বিদেশী
সমগ্র বিষয়টো অধিক স্পষ্ট হৈ পৰে সেই সময়ৰ মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহাই অসমলৈ বিদেশীৰ অবাধ অনুপ্রৱেশ, কুইট ইণ্ডিয়া জাননী জাৰিৰ পিছত চিনাক্ত হোৱা বিদেশীৰ পলায়ন তথা বহিষৃকত বিদেশীয়ে অসমত পুনৰ অনুপ্রৱেশ কৰা সন্দর্ভত প্রকাশ কৰা এক আনুষ্ঠানিক বিবৃতিত৷ ১৯৬৫ চনৰ ২৭ জুলাইত তদানীন্তন মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহাই এক বিবৃতিত জনাইছিল যে ১৯৬১ চনৰ লোকপিয়লৰ প্রতিবেদনে অসমলৈ বিদেশীৰ ব্যাপক অনুপ্রৱেশৰ তথ্য নিশ্চিতভাৱে প্রতিপন্ন কৰিছে৷ ১৯৫১–৬১ দশকটোত কমেও ১০ লাখ পাকিস্তানী মুছলমানে পূব ভাৰতৰ ৰাজ্যকেইখনলৈ অনুপ্রৱেশ কৰিছে আৰু ইয়াৰে ২,২০,৬৯১জনে অসমত থিতাপি লৈছেহি৷ চলিহাই বিবৃতিটোত আৰু কৈছিল যে প্রয়াত গোপীনাথ বৰদলৈয়ে অসমৰ মুখ্যমন্ত্রীৰ দায়িত্বত থকাৰ সময়ত এই অনুপ্রৱেশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণৰ পোষকতা কৰিছিল৷ অৱশ্যে ১৯৫৭ চনত বিদেশী আইন প্রযোজ্য হোৱাৰ পিছতহে চৰকাৰে অনুপ্রৱেশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণৰ সুযোগ লাভ কৰিছে৷ চলিহাই আৰু কৈছিল– ‘এই ২,২০,৬৯১জন বিদেশীৰ উপৰি ১৯৬১ চনৰ পিছত বহু বিদেশীৰ অসমলৈ অনুপ্রৱেশ ঘটিছে৷ শেহতীয়াকৈ ৮,০০০ অনুপ্রৱেশকাৰী ধৰা পৰা ঘটনাই এই কথা নিশ্চিতভাৱে প্রতিপন্ন কৰিছে৷ ইতিমধ্যে ১৯৬৫ চনৰ জুন মাহ পর্যন্ত এনে ১,২২,৪৭৬জন অনুপ্রৱেশকাৰীক বহিষ্কাৰ কৰা হৈছে৷’
আনহাতে, ১৯৬৬ চনৰ ২৯ জুনত তদানীন্তন আইজিপি বি কে বৰুৱাই প্রেৰণ কৰা এখন পত্রত এই কথা স্পষ্ট হৈ পৰে যে এই ২,২০,৬৯১জন বিদেশীৰ ১,৪৩,৪৩৮জনক তালাচী চকীৰে পূব পাকিস্তানলৈ বিতাডন কৰাৰ বিপৰীতে ভাৰত ত্যাগৰ জাননী দিয়া প্রায় ২৫ হাজাৰ বিদেশীয়ে নিজে অসম এৰি আন ঠাইলৈ গুচি যায়৷ কিন্তু বাকী বৃহৎসংখ্যক বিদেশী ধৰা নপৰাকৈ অসমতে ৰৈ গ’ল৷ পূর্বৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্রেছ চৰকাৰৰ আমোলত ২০১২ চনৰ ২০ অক্টোবৰত ৰাজ্য চৰকাৰে প্রকাশ কৰা অসমৰ বিদেশী সমস্যা সম্পর্কীয় শ্বেতপত্রত এই তথ্যাৱলী বিশদভাৱে প্রকাশ পাইছে৷ শ্বেতপত্রখনৰ তথ্য অনুসৰি ১৯৫১–৬১ চনৰ সময়ছোৱাত অসমলৈ অনুপ্রৱেশ কৰা ২,২০,৬৯১জন বিদেশীৰ ১,৭৮,৯৫২জনক বহিষ্কাৰ কৰা হয় যদিও বাকী ৪০ হাজাৰৰো অধিক বিদেশী অসমতে ৰৈ যায়৷ নিশ্চিতভাৱে সতি–সন্ততিসহ এই ৰৈ যোৱা বিদেশীৰ সংখ্যা এতিয়া বহু লাখ হ’লহি৷
চিনাক্ত হোৱা বিদেশীক লুকুৱাই ৰাখিছিল কংগ্রেছী নেতাই
বিদেশীৰ ব্যাপক অনুপ্রৱেশে অসমত সৃষ্টি কৰা অস্থিৰ আৰু অৰাজক পৰিস্থিতি সন্দর্ভত ষাঠিৰ দশকতে ৰাজ্য বিধানসভাত হোৱা বিতর্কই আমাৰ সন্মুখত সেই সময়তে উদ্ভৱ হোৱা পৰিস্থিতিৰ ভয়াৱহতাৰ এক স্পষ্ট ছবি দাঙি ধৰে৷ এইক্ষেত্রত অনুপ্রৱেশকাৰী বিদেশীলৈ এক বিশেষ ৰাজনৈতিক চক্রই আগবঢ়োৱা প্রত্যক্ষ পৃষ্ঠপোষকতাৰ এক উদ্বেগজনক ছবিও সদনৰ বিতর্কতে স্পষ্টভাৱে প্রতিফলিত হৈছিল৷ বিদেশীৰ অনুপ্রৱেশ সন্দর্ভত ১৯৬৪ চনত এক মনোযোগ আকর্ষক প্রস্তাৱ উত্থাপন কৰি যোৰহাটৰ তদানীন্তন বিধায়ক দুলাল চন্দ্র বৰুৱাই বিধানসভাত অভিযোগ আনিছিল যে দৰং জিলা প্রশাসনে ভাৰত ত্যাগৰ জাননী জাৰি কৰা দুই শতাধিক পৰিয়ালে গোপনে নগাঁও জিলাৰ ধিঙৰ মুছলিম বসতিপ্রধান অঞ্চলত আশ্রয় লৈছিলগৈ৷ একাংশ মুছলিম নেতাই এই পাকিস্তানী অনুপ্রৱেশকাৰীসকল আশ্রয় প্রদান কৰি চৰকাৰৰ বিদেশী বহিষ্কাৰৰ প্রক্রিয়াটো ব্যর্থ কৰাৰ ষডযন্ত্রত লিপ্ত হৈছিল৷ বিদেশীক সুৰক্ষা দিয়া এই নেতাসকল শাসকীয় দলৰে বুলি অভিযোগ উত্থাপন কৰি দুলাল বৰুৱাই অভিযোগ তুলিছিল যে বিদেশীৰ দপদপনিত এই অঞ্চলবোৰত থলুৱা ৰাইজে এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে৷ শাসকীয় দলৰ পৃষ্ঠপোষকতাত এই লোকসকলে ব্যাপক মাত্রাত ভাৰতবিৰোধী তৎপৰতা চলাই দেশৰ নিৰাপত্তাৰ প্রতিয়েই চৰম ভাবুকি কঢ়িয়াই আনিছে৷
দুলাল চন্দ্র বৰুৱাৰ এই বিস্ফোৰক অভিযোগৰ প্রত্যুত্তৰত তদানীন্তন মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহাই সদনত স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে দৰং জিলা প্রশাসনে ভাৰত ত্যাগৰ জাননী জাৰি কৰি বহিষ্কাৰ কৰা বৃহৎসংখ্যক পাকিস্তানীয়ে পুনৰ প্রৱেশ কৰি নগাঁও জিলাৰ লাহৰীঘাট আৰু ধিঙত আশ্রয় লৈছিলহি৷ মুখ্যমন্ত্রী চলিহাই এই কথাও স্বীকাৰ কৰিছিল যে পুনৰ অনুপ্রৱেশ কৰা এনে বৃহৎসংখ্যক বিদেশী ধৰা নপৰাকৈ ৰৈ যোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷ এইক্ষেত্রত বিদেশীক আশ্রয় প্রদান কৰা তিনিজন অভিযুক্ত– বটদ্রৱা আঞ্চলিক পঞ্চায়তৰ উপ–সভাপতি আব্দুল সৰকাৰ, ধিং মণ্ডল কংগ্রেছৰ সভাপতি য়াছিন আলী সৰকাৰ আৰু ধিং উপ–পঞ্জীয়ক কার্যালয়ৰ সহায়ক আচতাবউদ্দিনক গ্রেপ্তাৰ কৰা বুলিও মুখ্যমন্ত্রী চলিহাই সদনক অৱগত কৰিছিল৷
সদনৰ এই বিতর্ক তথা মুখ্যমন্ত্রী চলিহাৰ বক্তব্যই এই কথা স্পষ্টভাৱে প্রতিপন্ন কৰে যে সেই সময়ছোৱাতে অসমলৈ হাজাৰ হাজাৰ পূব পাকিস্তানীৰ অবাধ অনুপ্রৱেশ ঘটিছিল আৰু ৰাজনৈতিক পৃষ্ঠপোষকতাত এই বিদেশীবোৰক কিছুমান বিশেষ চক্রই সর্বতোপ্রকাৰে সুৰক্ষা দিছিল৷ অনুপ্রৱেশ কৰা এই বিদেশীবোৰৰ বৃহৎসংখ্যকেই ৰাজ্যখনত স্থায়ীভাৱে থিতাপি লৈছিল৷ আনকি চিনাক্ত হোৱা বিদেশীৰো সীমিতসংখ্যকৰ বহিষ্কাৰহে সম্ভৱ হৈ উঠিছিল৷ আনহাতে, বহিষ্কাৰ কৰা বিদেশীৰো গৰিষ্ঠসংখ্যকেই বিভিন্ন পথেৰে অসমলৈ পুনৰ অনুপ্রৱেশ কৰি বিভিন্ন এলেকাত থিতাপি লৈছিলহি৷
দুটকা দি সীমান্তৰে অনুপ্রৱেশ কৰিছিল বিদেশীয়ে
বিদেশীৰ ব্যাপক অনুপ্রৱেশে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ বর্ণনা কৰি কৰিমগঞ্জৰ বিধায়ক ৰথীন্দ্রনাথ সেনে বিধানসভাত অভিযোগ তুলিছিল– ‘কৰিমগঞ্জ–চিউলা জাকীগঞ্জ সীমান্তৰে শ শ বিদেশীয়ে নিৰাপত্তা বাহিনীক গাইপতি দুটকাকৈ দি অসমলৈ অবাধে অনুপ্রৱেশ কৰি আছে৷ সীমান্তত এই অনুপ্রৱেশ ৰোধৰ কোনো ব্যৱস্থাই নাই৷ আনকি অনুপ্রৱেশৰ বিৰোধিতা কৰা বাবেই বিধায়ক তাৰাপদ ভট্টাচার্যক জীৱনৰ ভাবুকি পর্যন্ত দিয়া হৈছে৷ বিদেশীৰ পৃষ্ঠপোষক চক্রই বিধায়ক ভট্টাচার্যলৈ লিখা এখন পত্রত কাছাৰ আৰু অসম ইতিমধ্যে পাকিস্তানৰ অংশ হৈ পৰা বুলি দাবী কৰি অনুপ্রৱেশৰ বিৰুদ্ধে মাত নামাতিবলৈ কঠোৰ সকীয়নি প্রদান কৰিছে৷’
পাকিস্তানী অনুপ্রৱেশকাৰীয়ে অসমলৈ অনুপ্রৱেশ কৰি চলোৱা ভয়ংকৰ তাণ্ডৱ সন্দর্ভত ১৯৬৪ চনত এক মনোযোগ আকর্ষক প্রস্তাৱ উত্থাপন কৰি বৰপেটাৰ বিধায়ক ৰামপ্রসাদ দাসে বিধানসভাত কৈছিল– ‘ধুবুৰী জিলাৰ অন্তর্গত ঘাছপাৰা গাঁৱত এজন সম্ভ্রান্ত লোকৰ ঘৰত পাকিস্তানী দুর্বৃত্তই লুট–পাত কৰে আৰু গাভৰু জীয়েকক বলেৰে লৈ যাবৰ চেষ্টা কৰিছিল৷ মাকে বাধা দিয়াত গুৰুতৰভাৱে আহত হৈ বর্তমানে ধুবুৰী চৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে৷ বর্তমান আমাৰ দেশত যিভাৱে শাসন ব্যৱস্থা চলিছে, তাৰ দ্বাৰা মানুহৰ ধন–সম্পত্তি, প্রাণৰক্ষা আৰু তিৰোতাৰ মান–মর্যাদা ৰক্ষা কৰা কঠিন হৈ পৰিছে৷ বিশেষকৈ সীমান্তৱর্তী অঞ্চলত বসতি কৰা লোকৰ ধন–প্রাণ আৰু তিৰোতাৰ সন্মান ৰক্ষা কৰা টান হৈ পৰিছে৷ দেশৰ ভিতৰতে আৰু সদৰ থানাৰ এলেকাৰ ভিতৰতে যদি এনেকুৱা দুর্ঘটনা ঘটিব পাৰে, তেনেহ’লে মানুহে শান্তিৰে কেনেকৈ বসবাস কৰিব? সেই অঞ্চলত সীমান্তৰক্ষী দল, চোৰাংচোৱা, পুলিচ আৰু সশস্ত্র বাহিনী থকা সত্ত্বেও যদি বিদেশী দুর্বৃত্তই শান্তিপ্রিয় নাগৰিকৰ ধন–প্রাণ আৰু তিৰোতাৰ সন্মান হানি কৰে, তেনেহ’লে মানুহৰ মনত নিৰাপত্তাৰ ভাব কেনেকৈ হ’ব?’
বিধায়কজনৰ এই গুৰুতৰ অভিযোগৰ প্রত্যুত্তৰত তদানীন্তন বিত্তমন্ত্রী ফখৰুদ্দিন আলী আহমেদে বিধানসভাত স্বীকাৰ কৰিছিল যে ১৯৬৪ চনৰ ২০ মার্চৰ নিশা এক বজাত ঘাছপাৰা গাঁৱৰ লক্ষীকান্ত ৰায় প্রধানীৰ ঘৰত ১৬–১৭জনীয়া এটা দুর্বৃত্তৰ দলে তাণ্ডৱ চলাইছিল৷ লাঠী–ডেগাৰ আদিৰে সজ্জিত দুর্বৃত্তৰ দলে পৰিয়ালটোৰ সদস্যসকলক নির্মমভাৱে মাৰধৰ কৰাৰ লগতে এগৰাকী যুৱতীক জোৰকৈ লৈ যাব বিচাৰিছিল যদিও মাকৰ বাধাৰ বাবে সিহঁত সফল নহ’ল৷ মন্ত্রী আহমেদে সদনত এই কথাও স্বীকাৰ কৰিছিল যে এই ডকাইতৰ দলটোৰ আটাইবোৰ পাকিস্তানী নাগৰিক আৰু সিহঁতৰ কাকো এই পর্যন্ত গ্রেপ্তাৰ কৰিব পৰা হোৱা নাই৷