কটনৰ প্রাক্তন সম্পাদকক নিয়াৰ ৬ ঘণ্টা জেৰা
নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ প্রাক্তন সাধাৰণ সম্পাদক প্রাঞ্জল কলিতাক আজি নিয়াই ৬ ঘণ্টা জেৰা কৰে৷ কৃষক মুক্তি সংগ্রাম সমিতিৰ মাওবাদীৰে সম্পর্ক সন্দর্ভত ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থাই ৰুজু কৰা ১৩/১৯ নং গোচৰ সংক্রান্ততে ছাত্র নেতাগৰাকীক জেৰা কৰা হয়৷ উল্লেখ্য যে এই গোচৰটো সন্দর্ভত ইতিমধ্যে নিয়াই কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ, ছাত্র মুক্তি সংগ্রাম সমিতিৰ সভাপতি বিতু সোণোৱাল, কার্যকৰী সভাপতি মানস কোঁৱৰক গ্রেপ্তাৰ কৰিছে৷ জেৰাৰ সন্মুখীন হৈছে আন এগৰাকী উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান আৰু আই আই টি গুৱাহাটীৰ অধ্যাপক ড০ অৰূপজ্যোতি শইকীয়া৷ উক্ত গোচৰ সংক্রান্ততে আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্রনেতাগৰাকীক সোণাপুৰস্থিত কার্যালয়ত হাজিৰ হ’বলৈ নিয়াই চমন জাৰি কৰিছিল৷ সেইমর্মে তেওঁ পুৱাই নিয়াৰ কার্যালয়ত উপস্থিত হয়৷ প্রায় ৬ ঘণ্টা জেৰাৰ অন্তত প্রাঞ্জল কলিতাক যাবলৈ দিয়া হয়৷ ইফালে, কটন বিশ্ববিদ্যালয়ৰ প্রাক্তন সাধাৰণ সম্পাদকজনক চমন দি নিয়াই নির্যাতন চলাইছে বুলি উল্লেখ কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই চৰকাৰক এনে কার্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে৷ এনে কার্যক গৰিহণা দি ড০ ভট্টাচার্যই দমন নীতিয়ে আন্দোলন স্তব্ধ কৰিব নোৱাৰে বুলিও মন্তব্য কৰে৷