জনসমুদ্রত পৰিণত কাজিৰঙা সমন্বয় ক্ষেত্র
দিনে–নিশাই ব্যস্ত ১০ হাজাৰ স্বেচ্ছাসেৱক লাখ লাখ ভকত–বৈষ্ণৱেৰে খদমদম শংকৰদেৱ সংঘৰ অধিৱেশন
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ জনসমুদ্রত পৰিণত হ’ল শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বার্ষিক অধিৱেশনৰ কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ মহুৰা পথাৰত অনুষ্ঠিত ৮৯ সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনা ভকত–বৈষ্ণৱে কীর্তনঘোষাৰে সমন্বয় ক্ষেত্রখনক মহাতীর্থত পৰিণত কৰে৷
আজি তৃতীয় দিনা অসমৰ নামনিৰ পৰা উজনিলৈ লক্ষাধিক ভকত–বৈষ্ণৱৰ সমাগম ঘটে৷ আইমাতৃ আৰু বাপ সমাজৰ মুখে মুখে হৰিনামৰ ধ্বনিয়ে সমগ্র পৰিৱেশ জীপাল কৰি তোলে৷ ভকত–বৈষ্ণৱক ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিৰ পৰা মূল মণ্ডপলৈ সেৱা বাহিনীৰ সহস্রাধিক কর্মীয়ে বৰগীত, ঘোষা, কীর্তন আদি পৰিৱেশনেৰে আদৰি অনা পৰিলক্ষিত হয়৷ প্রতিমুহূর্ততে স্বচ্ছতা আৰু প্লাষ্টিকমুক্তৰ ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰা আদৰণী সমিতিয়ে ঠায়ে ঠায়ে কৰিছে ডাষ্টবিনৰ ব্যৱস্থা৷