নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাহাৰীয়া জিলাত চলিছে বিদ্রোহী সংগঠনক এখন মঞ্চত অনাৰ প্রয়াস

ডিফুত তিনি সংগঠনৰে তুলিৰাম ৰংহাঙৰ বৈঠক

নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ বি টি আৰ চুক্তিৰ জৰিয়তে দীর্ঘদিনীয়া বডো সমস্যা সমাধান হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰাৰ পিছৰে পৰা ৰাজ্যৰ আন আন বিদ্রোহী সংগঠনে চৰকাৰৰে অব্যাহত থকা শান্তি আলোচনা প্রক্রিয়া শীঘ্রে সমাপ্ত কৰি এক সুস্থিৰ সিদ্ধান্তলৈ অহাৰ বাবে পদক্ষেপ গ্রহণ কৰা দেখা গৈছে৷ কার্বি আংলং জিলাৰো যুদ্ধবিৰতিত থকা এনে সংগঠনসমূহে চৰকাৰৰ সৈতে শান্তি চুক্তি সম্পাদন কৰাৰ ক্ষেত্রত ব্যস্ততা বৃদ্ধি কৰি তোলা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত বিশেষ তৎপৰতা প্রদর্শন কৰিছে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ মুখ্য কার্যবাহীগৰাকীয়ে আজি ডিফুৰ চৰকাৰী বাসভৱনত অস্ত্র বিৰতিত থকা তিনিটাকৈ বিদ্রোহী সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয়৷ কে এল এন এল এফ, কে পি এল টি আৰু ইউ পি এল এৰ নেতৃবর্গৰ সৈতে হোৱা গুৰুত্বপূর্ণ বৈঠকৰ পিছতে শান্তি চুক্তি প্রসংগই বিশেষ চর্চা লাভ কৰা দেখা গৈছে৷ যিহেতুকে বিদ্রোহী সংগঠনসমূহৰ দাবী প্রায় একেই, সেই বাবে উমৈহতীয়া মঞ্চৰ জৰিয়তে চৰকাৰৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰাৰ বাবে আজিৰ বৈঠকত আলোচনা হয়৷ ডিফুৰ সাংসদ হৰেণছিং বে’ৰ উপস্থিতিত অনুষ্ঠিত সভাখনত পৰিষদৰ মুখ্য কার্যবাহীগৰাকীয়ে জিলাখনত আটাইকেইটা বিদ্রোহী সংগঠনক লৈ এখন উমৈহতীয়া চুক্তি স্বাক্ষৰিত কৰি জিলাখনৰ স্থায়ী শান্তিৰ ব্যৱস্থা কৰাৰ পোষকতা কৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে এই আলোচনা প্রক্রিয়াৰ কোনো নিশ্চিত সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই৷ উল্লেখ্য যে সংবিধানৰ ২৪৪ (ক) ধাৰাৰ অধীনত কার্বি আংলং আৰু ডিমা হাছাও জিলাক লৈ এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত পাহাৰীয়া জিলাখনত সুদীর্ঘ দিন ধৰি আন্দোলন অব্যাহত আছে৷ স্ব–ধিকাৰৰ দাবীত এই আন্দোলনৰ সমান্তৰালভাৱে বহু সশস্ত্র সংগঠনৰো জন্ম হয়৷ বিগত ২০১১ চনৰ ২৫ নৱেম্বৰত কেন্দ্র, ৰাজ্য চৰকাৰ আৰু ইউ পি ডি এছৰ মাজত মেম’ৰেণ্ডাম অৱ ছেটেলমেণ্ট (এম অ’ এছ) চুক্তি সম্পাদন হোৱাৰ পিছতো কিন্তু জিলাখনত বহুকেইটা আন বিদ্রোহী সংগঠনে সশস্ত্র কার্যকলাপ অব্যাহত ৰাখে৷ অৱশ্যে, শেহতীয়াভাৱে জিলাখনৰ প্রায় সংখ্যক সংগঠনেই শান্তি আলোচনাৰ প্রতি আগ্রহ প্রকাশ কৰি সশস্ত্র কার্যকলাপ বন্ধ ৰাখি অস্ত্র বিৰতিৰ বাবে আগবাঢি আহিছে৷ সংগঠনসমূহৰ দাবী প্রায় একে হোৱাৰ বাবে এক উমৈহতীয়া মঞ্চৰ জৰিয়তে এক স্থায়ী শান্তি চুক্তিৰ পোষকতা কৰিছে চৰকাৰে৷ এনে উদ্দেশ্য আগত ৰাখিয়ে আজি মুখ্য কার্যবাহীগৰাকীয়ে আলোচনাৰত সংগঠনসমূহৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয় বুলি জানিব পৰা গৈছে৷ সম্প্রতি শান্তি আলোচনা প্রক্রিয়াত চামিল হোৱা সশস্ত্র সংগঠনসমূহৰ মাজত সকলো বিষয়ৰ আলোচনা তথা মীমাংসাৰ বাবে চমুতে শান্তি সমিতি জাতীয় এখন সমিতি গঠন কৰাৰো সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷ আনহাতে বর্তমানেও সশস্ত্র তৎপৰতা অব্যাহত ৰখা আন বিদ্রোহী গোটসমূহৰ সৈতেও শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ বাবে যোগাযোগৰ চেষ্টা চলোৱা হৈছে বুলি এক বিশেষ সূত্রে তথ্য লাভ কৰা হৈছে৷ এখন উমৈহতীয়া মঞ্চৰ জৰিয়তে বডো শান্তি চুক্তিৰ লেখীয়াকৈ কার্বি বিদ্রোহী সংগঠনসমূহেও শান্তি চুক্তিৰ প্রক্রিয়ালৈ আগবাঢ়ি আহিলে পাহাৰীয়া জিলাখনলৈ শান্তিৰ বাতাৱৰণ ঘূৰি অহাৰ আশা কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰৰ সৈতে শান্তি আলোচনা অব্যাহত ৰখা কে এল এন এলৰ সাধাৰণ সম্পাদক থং টেৰণে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি সংগঠনটোৰ দাবী চনদৰ ৮৫ শতাংশ বিষয়ৰ ওপৰত ইতিমধ্যে চৰকাৰ আৰু সংগঠনটোৰ মাজত এক স্থিৰ সিদ্ধান্তত উপনীত হ’ব পৰা গৈছে৷ বাকী বিষয়সমূহতো চৰকাৰে সহমত প্রকাশ কৰিলে শীঘ্রে শান্তি চুক্তি সম্পন্ন হোৱাৰ সম্ভাৱনা প্রকট কৰে বিদ্রোহী নেতাগৰাকীয়ে৷ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনত স্থায়ী শান্তি স্থাপন কৰাৰ স্বার্থত তেওঁ নিজাববীয়াকৈ পদক্ষেপ গ্রহণ কৰা বুলি প্রকাশ কৰে৷ শান্তি চুক্তিৰ জৰিয়তে সমস্যাৰ সমাধান হ’লে জিলাখনৰ উন্নয়ন ত্বৰান্বিত হৈ পৰিব বুলিও তেওঁ আশা প্রকাশ কৰে৷