নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃত নৃশংসভাৱে হত্যা কৰিলে পুত্ৰই

বটদ্রৱাত মাতৃক হত্যা পুত্রৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ নগাঁও জিলাৰ ছলাপথাৰত আজি সন্ধিয়া এজন পাষণ্ড পুত্রই নিজৰ জন্মদাত্রী মাতৃক হত্যা কৰে৷ ঘটনাৰ বিৱৰণি অনুসৰি বটদ্রৱা থানাৰ অন্তর্গত ছলাপথাৰত সন্ধিয়াৰ সংঘটিত হৈছে এই বর্বৰ অথচ সভ্য সমাজৰ বাবে কলংকৰ সঁচা কাহিনী৷ ঘটনাস্থলীত ইতিমধ্যে বটদ্রৱা আৰক্ষী উপস্থিত হৈ জন্মদাত্রী মাতৃক হত্যা কৰা আশ্বাদুল হকক (৩৫) আটক কৰি থানালৈ লৈ আহে৷ স্থানীয় ৰাইজৰ পৰা পোৱা তথ্য অনুসৰি অত্যধিক নিচা সেৱন কৰি আহি হিতাহিত জ্ঞান হেৰুৱাই পৰিয়ালৰ লগত কথাৰ কটাকটি কৰিয়েই এই হত্যাকাণ্ড সংঘটিত কৰে৷ হত্যাকাৰী আশ্বাদুল এজন বিবাহিত যুৱক আৰু ছয়টাকৈ সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে৷ আনহাতে এই ঘটনাক কেন্দ্র কৰি অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷

You might also like