তিনিচুকীয়াত পাৱৰলুমত তৈয়াৰী গামোচা, মেখেলা-চাদৰ বিক্ৰী বন্ধৰ বাবে জিলা প্ৰশাসনৰ কঠোৰ ব্যৱস্থা
নিয়মীয়াবাৰ্তা, ৩ মাৰ্চ: অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে বহি:ৰাজ্যৰ পৰা অহা পাৱাৰলুমত তৈয়াৰী গামোচা, মেখেলা-চাদৰ, আৰ্ণাই আদিৰ বিক্ৰী বন্ধ কৰিবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে। সেই উদ্দেশ্যে আজি তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত শ্ৰী সুশান্ত দত্তৰ উপস্থিতিত জিলাখনৰ হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ১ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈকে পাৱাৰলুমত তৈয়াৰী গামোচা, মেখেলা-চাদৰ তথা আৰ্ণাই আদিৰ বিক্ৰী বন্ধ কৰিবৰ বাবে আৰক্ষীৰ সহযোগত হস্ততাঁত-বস্ত্ৰশীল্প বিভাগৰ দ্বাৰা তীব্ৰ অভিযান চলোৱা হব। আজিৰ সভাত তিনিচুকীয়া জিলাৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক শ্ৰী চম্পক শইকীয়া, উপ-আৰক্ষী অধীক্ষক শ্ৰী হিৰণ্য কুমাৰ বৰা প্ৰমুখ্যে তিনিচুকীয়া জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ তথা বিক্ৰী কৰ বিভাগৰ বিষয়া উপস্থিত থাকে।
প্ৰেৰক: সুৰজ দাস