নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ প্রতিৰোধত তিনি মাহত ব্যয় হ’ব ৬৭৬ নিযুত ডলাৰ

ভাৰতে পুনৰ ওভতাই আনিলে ৬৬৪জনক

নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ চীনত ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬৫গৰাকীলৈ বৃদ্ধি পাইছে৷ এতিয়ালৈকে ২৮ সহস্রাধিক লোকক ক’ৰোনা ভাইৰাছ প্রতিৰোধী চিকিৎসা প্রদান কৰা হৈছে৷ স্মর্তব্য যে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই কেৱল হুবেই প্রদেশত ৮,৫০০ লোক ক’ৰোনাৰ দ্বাৰা আক্রান্ত হোৱা বুলি ঘোষণা কৰিছে৷ চীনৰ এই মাৰাত্মক ভাইৰাছবিধৰ বিশ্বজুৰি দ্রুত বিস্তাৰ ঘটা সময়তে ইয়াক প্রতিৰোধ কৰিবলৈ কমপক্ষেও তিনি মাহ সময় লাগিব বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে৷ তিনি মাহত ক’ৰোনা ভাইৰাছ প্রতিৰোধী যুঁজত বিশ্বজুৰি ৬৭৬ নিযুত ডলাৰ ধনৰ প্রয়োজন হ’ব বুলিও বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ ঘোষণা কৰিছে৷ ইফালে, ভাৰতে চীনৰ পৰা দুখন বিমানেৰে শেহতীয়াকৈ ৬৬৪গৰাকী লোকক গৃহভূমিলৈ ওভতাই আনিছে৷ মালদ্বীপৰ সাতগৰাকী নাগৰিককো ভাৰতে ক’ৰোনা ভাইৰাছৰ আতংকত থকা চীনৰ পৰা স্থানান্তৰ কৰা বুলি বিদেশ মন্ত্রণালয়ৰ মুখপাত্র ৰবিছ কুমাৰে সংবাদ মাধ্যমক জনাইছে৷

You might also like