নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মীন বিভাগৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় মীন পৰিপুষ্টি বিশেষজ্ঞ ড° ৰডৰিগ ৰুছাৰ মত-বিনিময় অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৩ মার্চ: বিশ্ববেংকৰ অৰ্থসাহাৰ্য্যৰে ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ (এপাট) সৌজন্যত মীন বিভাগৰ সহযোগত আজি ‘ৱৰ্ল্ডফিছ’ৰ উদ্যোগত অসম ভ্ৰমণৰত মালয়েছিয়াত মুখ্য কাৰ্যালয়স্থিত ‘ৱৰ্ল্ডফিছ’ৰ অগ্ৰণী আন্তঃজার্তিক মীন পৰিপুষ্টি বিশেষজ্ঞ ড° ৰদৰিগ ৰুছাৰ লগত ছয়মাইলস্থিত সংস্থাটিৰ আঞ্চলিক কার্যালয়ৰ সন্মিলনী কক্ষত মীন পৰিপুষ্টিবিষয়ক এক মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। ‘এপার্ট’ আঁচনিৰ জৰিয়তে পোষকতা কৰা কৃষক উৎপাদক কোম্পানী আৰু ফিছফেড তালিকাভুক্ত বিশেষ বাছনিকৃত সমবায় সমিতিৰ প্ৰতিনিধিৰ উপৰিও ৰাজ্যৰ ভালেকেইজন প্রগতিশীল মীন পালকে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

মনোজ্ঞ বৌদ্ধিক অনুষ্ঠানটি আনুষ্ঠানিক ভাবে মুকলি কৰি ‘এপার্ট’ আঁচনিৰ মীন বিভাগৰ নডেল বিষয়া তথা ফিছফেডৰ পৰিচালন সঞ্চালক ড° ধ্ৰুৱজ্যোতি শৰ্মাই বিজ্ঞানী গৰাকীক স্বাগতম জনাই ‘ৱৰ্ল্ডফিছ’ৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ সকলোকে বিজ্ঞানী গৰাকীৰ পৰা যাৱতীয় সমল আহৰণৰে সমৃদ্ধ হব অনুৰোধ কৰে। অনুষ্ঠানত সমন্বয়কৰ ভূমিকা পালন কৰে অসম গ্ৰাম্য আন্তঃগাঠনি আৰু কৃষি সেৱা সমিতিৰ মীন সমন্বয়ক ড° সঞ্জয় শর্মাই।

মত বিনিময় অনুষ্ঠানত ৰাজ্যৰ প্ৰেক্ষাপটত বক্তব্য ডাঙি ধৰে কেন্দ্ৰীয় আর্ন্তদেশীয় মীন ক্ষেত্র গৱেষণা প্ৰতিষ্ঠানৰ মীন পৰিপুষ্টি বিষয়ক জ্যেষ্ঠ বিজ্ঞানীদ্বয় ড° দীপেচ দেৱনাথ আৰু ড° সোনাই। মত বিনিময়ত জাগীৰোড শুকান মাছ ব্যৱসায়ী সন্থাৰ যুটীয়া সম্পাদক নবনিত বৰঠাকুৰ, ‘ৱৰ্ল্ডফিছ’ৰ আৱাসিক পৰামৰ্শদাতা ড° সুৰেশ ৰাজেন্দ্ৰন, বিশ্ববেংক আঁচনিৰ জ্যেষ্ঠ মীন পৰামৰ্শদাতা অৰূপ গোস্বামী, বিভিন্ন সেৱা প্ৰদানকাৰী সংস্থা, মাছৰ খাদ্য উৎপাদন গোট নিমাৰ্ণৰ অভিযন্তা উৎপল তালুকদাৰ আৰু বিভিন্নজনে মীন পৰিপুষ্টি বিষয়ক বিভিন্ন তথ্য অৱগত কৰে৷ উপস্থিত অংশগ্রহণকাৰী সকলে বিজ্ঞানী সকলৰ লগত মত বিনিময় কৰি লাভবান হোৱা বুলি মত পোষণ কৰে৷ উল্লেখ্য যে ‘ৱৰ্ল্ডফিছ’ বিশ্ববেংকৰ মীন বিষয়ক আঁচনি ৰূপায়ণৰ পৰামৰ্শদাতা সংস্থা৷

You might also like