নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়াৰ “অক্লান্ত ‘উন্মোচন

নিয়মীয়া বাৰ্তা, ১৩ মার্চ: ৰূপ কলা কেশৰী সাংস্কৃতিক সেনানীৰ দ্বাৰা প্ৰকাশিত বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়াৰ আবৃত্তি জীৱনৰ পৰিক্ৰমাৰে ৰচিত গ্ৰন্থ “অক্লান্ত” আজি প্ৰগতি শিল্পী সংঘত বিয়লি ৪ বজাত উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট আবৃত্তিকাৰ তথা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱনী বৰা , বিশিষ্ট সংগীত শিল্পী তথা সাংবাদিক গৌতম শৰ্মা, বিশিষ্ট অভিনেতা তথা পৰিচালক অনুপ জ্যেতি চৌধুৰী আৰু বোলছবি চেঞ্চৰ বৰ্ডৰ সদস্য ৰাজীৱ বৰঠাকুৰ। গ্ৰন্থ উন্মোচন কৰা বিশিষ্ট সংগীত শিল্পী গৌতম শৰ্মাই কয় যে আবৃত্তি পৃথক কলা যদিও সংগীতৰ লগত এক নিবিড় সম্পৰ্ক আছে । বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়াই আবৃত্তিক অসমত শৈক্ষিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাক  শৰ্মাই শলাগ লয়। আবৃত্তিৰ জৰিয়তে অসমীয়া ভাষাৰ সঠিক উচ্চাৰণ আৰু প্ৰয়োগ কৰিব পাৰি বুলি অৱনী বৰাই উল্লেখ কৰে । আবৃত্তিক পেচাগত ভাৱে আগবঢ়াই নিয়াৰ হকে মত পোষণ কৰে ৰাজীৱ বৰঠাকুৰে।

অভিনেতা অনুপ জ্যেতি চৌধুৰীয়ে অসমৰ আবৃত্তিক অন্য ৰাজ্যৰ লগতে আন্তৰ্জাতিক প্ৰৰ্যায়ত প্ৰতিষ্ঠা কৰাত উপম শইকীয়াই লোৱা উদ্যোগক ভূয়সী প্ৰশংসা কৰে। ‘অক্লান্ত’ত নানা ঘাট প্ৰতিঘাট, আনন্দ -অনুভূতিৰ অনুভবোৰ সন্নিবিষ্ট হৈছে বুলি গ্ৰন্থকাৰ উপম শইকীয়াই উল্লেখ কৰে। উন্মোচনী অনুষ্ঠানত প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, সত্যেন দলে, প্ৰিন্স ফাইজুল হক , ৰঞ্জন জ্যোতি শৰ্মা বৰদলৈ,তপজিৎ দত্ত বৰা, গ্ৰন্থম শইকীয়া , ৰাজীৱ সাউদ, চৈতালী শিল, ৰূপম শইকীয়া, ৰতন শীল আৰু অন্তৰা দেৱীয়ে বক্তব্য দাঙি ধৰে। প্ৰজন্মা চহৰীয়াই আঁত ধৰা এই অনুষ্ঠানত শব্দম স্কুল অফ ৰিচাইটেচনৰ ছাত্র উদ্ভাৱন শইকীয়া, ৰুচিৰা শীল , গুঞ্জনগীত পৰাশৰে কবি নৱকান্ত বৰুৱা আৰু উপম শইকীয়াৰ কবিতা আবৃত্তি কৰে।

You might also like