বিচিন্নতাবাদী খালিস্থানী নেতা অমৃতপল সিঙৰ চাৰি সহযোগীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ!
- বায়ুসেনাৰ বিশেষ বিমানেৰে যোৰহাট হৈ ডিব্ৰুগড়
- কেন্দ্ৰীয় কাৰাগাৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা
নিয়মীয়া বাৰ্তা,১৯মাৰ্চঃ খালিস্তান সমৰ্থক সংগঠন ‘ৱাৰিছ পঞ্জাব দে’ৰ বিৰুদ্ধে দমন চলোৱাৰ মাজতে আজি ইয়াৰে পলাতক মুৰব্বী অমৃতপল সিঙৰ চাৰিজন সহযোগীক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হয়। শিখ উগ্ৰ প্ৰচাৰকজনৰ চাৰিজন সহযোগীক অতি কঠোৰ তথা নিছিদ্ৰ নিৰাপত্তাৰ মাজত বায়ুসেনাৰ বিশেষ বিমানেৰে কালি নিশা যোৰহাটৰ বায়ুসেনা ঘাটিত অৱতৰণ কৰাৰ পাছত আজি ডিব্ৰুগড়লৈ অনা হয়।উক্ত বিচিন্নতাবাদী সদস্য চাৰিগৰাকীৰ সৈতে আই জি কাৰাগাৰকে ধৰি এটি সহস্ত্ৰ ২৭ জনীয়া পাঞ্জাৱ আৰক্ষীৰ এটা দলে সমগ্ৰ পথচোৱা কঠোৰ নিৰাপত্তাৰ মাজত বিমানৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত আজি পুৱা প্ৰায় ১০:১৫ বজাত উপস্থিত হয়।মোহনবাৰীৰ বিমান বন্দৰত বায়ু সেনাৰ বিশেষ বিমানখন উপস্থিত হোৱাত পুৱা প্ৰায় ১০.২০ বজাত কটকটীয়া নিৰাপত্তাৰ মাজতে ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই মোহনবাৰী বিমানবন্দৰত পাঞ্জাৱ আৰক্ষীৰ দলটোক আদৰণি জনায়।বায়ুসেনাৰ বিশেষ বিমানখন অৱস্থান কৰাৰ লগে লগেই পাঞ্জাৱত গ্ৰেপ্তাৰ কৰা ‘ৱাৰিছ পঞ্জাৱ দে’ৰ চাৰিজন সদস্যক অতি পোনপটীয়াকৈ বিমানবন্দৰৰ ৰাণৱেত উপস্থিত হোৱা বাছ খনলৈ স্থানান্তৰ কৰা হয়।বিমানবন্দৰৰ পৰা অসম আৰক্ষী আৰু ৰাজ্যিক আৰক্ষী কমাণ্ডোৰ এটা বৃহৎ দলে ১৩ খন আৰক্ষী বাহনৰ কনভয়ত ১৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ কঠোৰ নিৰাপত্তাৰ মাজেৰে লৈ অনা হয়।ডিব্ৰুগড়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত হোছিয়াৰপুৰ (পাঞ্জাৱ)ৰ আৰক্ষী অধীক্ষক (তদন্ত) তেজবীৰ সিং হুণ্ডালে কয় যে আটকাধীন চাৰিজন ব্যক্তিক অসমলৈ স্থানান্তৰ কৰা হৈছে।সময়ত নাম প্ৰকাশ কৰা হ’ব বুলি কৈ গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়লৈ অনা চাৰি অপৰাধীৰ নাম প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে।ধৃত লোকসকলক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে ৰখা হ’ব বুলি তেওঁ নিশ্চিত কৰে।অৱশ্যে পঞ্জাৱ আৰক্ষীৰ শীৰ্ষ বিষয়াই পঞ্জাৱৰ পৰা ধৃত লোক চাৰিজনক কিয় আনিছে ? কিমান জনক আনিছে ? তেওঁলোকৰ নাম কি? কেতিয়ালৈকে থাকিব ? সেই সন্দৰ্ভত বিশেষ তথ্য সদৰী কৰা নাই যদিও মুঠ চাৰিজনক অনাৰ বিষয়ে সদৰী কৰে।আনহাতে ধৃত চাৰি গৰাকীক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত পত্যাৰ্ৱতন কৰাৰ সময়ত জিলা উপায়ুক্ত বিশ্বজিৎ পেগু,আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰকে ধৰি ডিব্ৰুগড় আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াও উপস্থিত থাকে।
আনহাতে ৱাৰিছ পাঞ্জাৱ দেৰ নেতা তথা খলিস্তানি নেতা অমৃতপল সিঙক ডিব্ৰুগড়লৈ অনাৰ বাবে ব্যাপক প্ৰস্তুতি কালিৰে পৰা কৰি ৰখা হৈছিল।জানিব পৰা মতে পঞ্জাৱৰ জলন্ধৰৰ নাকোদাৰৰ পৰা আটক কৰা বাতৰি বিয়পি পৰাৰ পাছতেই পঞ্জাৱত এই পৰ্যন্ত সৃষ্টি হৈ আছে উতপ্ত পৰিস্থিতি।বিশেষকৈ ৰাজ্যখনৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰা লগতে এক অশান্ত জৰ্জ্জৰ পৰিস্থিতি সৃষ্টি হৈ আছিল।যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমলৈ অমিত পল সিংক অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল।সেয়ে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ব্যৱস্থা কৰা লগতে কালিৰে পৰাই ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত আৰক্ষী,অৰ্ধসামৰিক বাহিনীৰ বিশাল নিৰাপত্তা বেস্তনী কৰি ৰাখিছিল।অৱশ্যে আজি পুৱাৰ ভাগত ডিব্ৰুগড়লৈ অনা হল যদিও উক্ত চাৰি জনীয়া দলটোত অমিতপাল সিং প্ৰকৃততে আছে নে নাই, সেয়া অদ্যাপি স্পষ্ট কৰা নাই পাঞ্জাৱ বা ডিব্ৰুগড় আৰক্ষীয়ে।আনহাতে পাঞ্জাৱৰ অশান্ত জৰ্জৰ পৰিস্থিতি মাজতে ইতিমধ্যে বহুতকে গ্ৰেপ্তাৰ কৰা হৈছে।তেনে পৰিস্থিতিত মাত্ৰ চাৰিজনকহে কি পৰিস্থিতিত এক বিশেষ বিমানৰে জৰুৰীভাবে আনিব লগা হল সি লক্ষণীয় বিষয়।বিশেষকৈ অমিতপল সিংৰ গ্ৰেপ্তাৰৰ খবৰ বিয়পি পৰাৰ লগে লগেই পাঞ্জাৱত সৃষ্টি হব পৰা আইন শৃংখলা জনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অমিতপাল সিং গ্ৰেপ্তাৰ আৰু অসমলৈ প্ৰেৰণ সন্দৰ্ভত কোনো তথ্য সদৰী কৰাৰ পৰা বিৰত আছে আৰক্ষী।
ইফালে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত নিৰাপত্তা ব্যৱস্থা পূৰ্ব্বতকৈ অধিক কটকটীয়া কৰা হৈছে। কাৰাগাৰৰ নিয়মীয়া চকীদাৰৰ বাহিৰেও কাৰাগাৰৰ ভিতৰত আৰু বাহিৰৰ চৌপাশে অতিৰিক্ত অসম আৰক্ষীৰ বিশাল বাহিনী মোতায়েন কৰা হৈছে।সূত্ৰৰ পৰা জানিব পৰা মতে,ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত অতি উচ্চ নিৰাপত্তা ব্যৱস্থা থকা কোঠাত ৰখা হৈছে চাৰি ৱাৰিছ পঞ্জাব দেৰ সদস্যক।ডিব্ৰুগড়ৰ এই কাৰাগাৰত ৬৮০ জন কয়দী থকাৰ ব্যৱস্থা আছে।
উল্লেখযোগ্য যে মাত্ৰ দুদিনমান পূৰ্বে অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ উচ্চ নিৰাপত্তা কাৰাগাৰৰ ভিতৰত থকা নিৰাপত্তা ব্যৱস্থাৰ বুজ লৈছিল।বিগত ১৮৫৯-১৮৬০ চনত নিৰ্মিত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ উত্তৰ-পূব ভাৰতৰ অন্যতম পুৰণি কাৰাগাৰ।ৰাজ্যৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছম চমুকৈ আলফাৰ কেইবাজনো শীৰ্ষ নেতাক ৯০ দশকত ডিব্ৰুগড়ৰ এই কেন্দ্ৰীয় কাৰাগাৰতে ৰখা হৈছিল।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপক “আৰক্ষীৰ পৰা আৰক্ষীলৈ সহযোগিতা” বুলি অভিহিত কৰি কয় যে এয়া সম্পূৰ্ণ পঞ্জাৱ আৰক্ষীৰ আহ্বান।”আগতে আমি অসমৰ পৰা বিহাৰলৈ কয়দী পঠিয়াইছিলোঁ, আৰু এয়া আৰক্ষী-আৰক্ষীৰ সহযোগিতা। এই সন্দৰ্ভত মোৰ ক’বলগীয়া একো নাই। নিৰাপত্তাৰ বাবেও কয়দীসকলক ইয়ালৈ অনা হয়।”
ইফালে শেহতীয়া তথ্য অনুসৰি বিশেষ বিমানেৰে পাঞ্জাৱৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা দলটোৰ খালিস্তানি নেতা অমিতপাল সিংৰ সহযোগী ক্ৰমে দলজিৎ সিং কালচি, ভগৱন্ত সিং, গুৰমিত সিং আৰু প্ৰধানমন্ত্ৰী বাজেকা বুলি জানিব পৰা গৈছে। চাৰিজন ব্যক্তিক আইজি কাৰাগাৰকে ধৰি পঞ্জাৱ আৰক্ষীৰ এটা ২৭ জনীয়া দলে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ আনিছিল।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।