নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ বৰলুইতত চলিছে অবৈধ বালি খনন – বন বিভাগৰ ভূমিকাক লৈ প্ৰশ্ন !

 

 

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ:ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী একাংশ অঞ্চলকে ধৰি ধুবুৰীৰ নিকটৱৰ্তী একাংশ চৰাচঞ্চলত চলিছে বৰলুইতৰ বুকুৰ পৰা অবাধ বালি নিষ্কাশন। জলস্তৰ কমি যোৱাৰ ফলত নৈখনৰ ঠায়ে ঠায়ে সৃষ্টি হোৱা বিস্তীৰ্ণ বালিৰ চৰৰ সুযোগ গ্ৰহণ কৰি চৰকাৰী নিয়ম-নীতি উলংঘা কৰি তথা বনবিভাগৰ কোনো ধৰণৰ অনুমতি অবিহনে এচামে লিপ্ত হৈছে এতিয়া বালি খননত। উল্লেখ্য যে, সম্প্ৰতি এক তথ্যৰ ভিত্তিত ধুবুৰীৰ স্থানীয় সাংবাদিকৰ দল এটা উপস্থিত হৈছিল ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী মতিৰচৰ অঞ্চলত। দলটোৱে অঞ্চলটোৰ বৰলুইতৰ বালিৰ চৰৰ তিনিটাকৈ স্থানত মুক্ত ভাৱে ট্ৰেক্টৰে ট্ৰেক্টৰে বালি তুলি থকা হোৱা প্ৰত্যক্ষ কৰে। আনকি সাংবাদিকৰ কেমেৰাৰ সন্মুখত জনৈক ফাৰুক, মহিবুল আদিৰ নেতৃত্বত এইদৰে বালি খনন কৰি থকা বুলি ভাষ্য আগবঢ়ায় উক্ত স্থানত থকা এগৰাকী ট্ৰেক্টৰ চালকে। বন বিভাগৰ লোক আহিলে বালি খননৰ কাম বন্ধ ৰখা হয় বুলিও সাংবাদিক সেই দলটোৰ সন্মুখত এক তাৎপৰ্য্যপূৰ্ণ মন্তব্যও আগবঢ়ায় লোকজনে। স্বাভাৱিক ভাবেই ট্ৰেক্টৰ চালকগৰাকীৰ সেই ভাষ্যই অবৈধ বালি খননৰ সৈতে জড়িত পাণ্ডা কেই গৰাকীয়ে বন বিভাগৰ অভিযান চলোৱাৰ বাতৰি আগতীয়াকৈ কেনেকৈ লাভ কৰে সেই প্ৰশ্নৰ জন্ম দিছে। ল’গতে বন বিভাগৰ স্থানীয় একাংশ বিষয়া-কৰ্মচাৰীৰ সৈতে যে ধুবুৰীত অবৈধ বালি খননৰ সৈতে চক্ৰৰ গোপন মিতিৰালি আছে সেয়াও স্পষ্ট হৈ পৰা বুলিও অভিযোগৰ আঙুলি উঠিছে। কিন্তু ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত অবাধে আৰম্ভ হোৱা অবৈধ বালি খননৰ ফলত চৰকাৰে কিন্তু হেৰুৱাব লগীয়া হৈ আছে বৃহৎ অংকৰ ৰাজহ। এনে প্ৰেক্ষাপটত, ধুবুৰীকে ধৰি জিলাখনত চলি থকা অবৈধ বালি খননৰ চক্ৰবোৰক নাকী লগাবলৈ তথা ৰাজহ সংগ্ৰহৰ স্বাৰ্থত বিভাগীয় মন্ত্ৰীগৰাকীৰ হস্তক্ষেপৰ প্ৰয়োজন থকা বুলি মত পোষণ কৰিছে ভূৰখা মহলবোৰে।

You might also like