নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ নাগিৰকত্ব সংশোধনী আইন (কা) কেৱল অসাংবিধানিক নহয়, ঐতিহাসিক অসম চুক্তিৰ পৰিপন্থী। এই যুক্তিৰে বিতৰ্কিত আইনখন বাতিল কৰাৰ লগতে অসম চুক্তি আখৰে আখৰে ৰূপায়ণৰ আবেদনেৰে ডচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আছাম ছ’চিয়েল জাষ্টিচ ফ’ৰামে৷ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডেৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে শুকুৰবাৰে ফ’ৰামৰ এক লেখ আবেদনৰ (২৪৭/২০২০) শুনানি গ্রহণ কৰি অসম চুক্তি ৰূপায়ণৰ বিষয়টোত কেন্দ্রীয় চৰকাৰলৈ জাননী জাৰি কৰিছে৷ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন অসম চুক্তিৰ পৰিপন্থী হয় নে নহয়, সেই সন্দর্ভত ব্যাখ্যা দাঙি ধৰিবলৈ কেন্দ্রীয় চৰকাৰক শপতনামা দাখিল কৰিবলৈ নির্দেশ জাৰি কৰিছে মুখ্য ন্যায়াধীশ ব’বডে, ন্যায়াধীশ বি আৰ গাৱাই আৰু ন্যায়াধীশ সূর্য কান্তৰ বিচাৰপীঠে৷ ডল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনক প্রত্যাহ্বান জনোৱা আবেদনসমূহ মুখ্য ন্যায়াধীশৰ এইখন বিচাৰপীঠতেই গ্রহণ কৰি থকা হৈছে৷ লক্ষণীয়ভাৱে পূর্বৰ শুনানিলৈকে আইনখনৰ পক্ষে–বিপক্ষে মুঠ ১৪৪খন আবেদন ন্যায়ালয়ত জমা পৰিছিল যদিও তাৰ পাছতো একাধিক আবেদন দাখিল কৰা হৈছে৷ সেয়েহে আছাম ছ’চিয়েল জাষ্টিচ ফ’ৰামৰ সৈতে নতুনকৈ জমা পৰা আবেদনসমূহৰ শুনানি একযোগে গ্রহণ কৰা হ’ব বুলি মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে নির্দেশ জাৰি কৰে৷ নতুনকৈ দাখিল হোৱা আবেদনসমূহৰ ডত্তৰ দিবলৈকো ন্যায়ালয়ে আজি কেন্দ্রক নির্দেশ জাৰি কৰে৷ ডল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন সম্পক্য় আবেদনসমূহৰ পৰৱত্ শুনানি ২৫ ফেব্রুৱাৰীত গ্রহণ কৰা হ’ব৷